ETV Bharat / technology

জিঅ’, এয়াৰটেলৰ দৰে এতিয়াৰে পৰা BSNL তো উপলব্ধ এই সুবিধাবোৰ

BSNL এ নিৰ্বাচিত অঞ্চলৰ বাবে ফাইবাৰ ভিত্তিক ইণ্ট্ৰানেট টিভি সেৱা আৰম্ভ কৰিছে, যিটো IFTV হিচাপে প্ৰৱৰ্তন কৰা হৈছে ।

Now like Jio and Airtel, this service will be available in BSNL as well, no extra charge will have to be paid
জিঅ’, এয়াৰটেলৰ দৰে এতিয়াৰে পৰা BSNL তো উপলব্ধ এই সুবিধাবোৰ (BSNL)
author img

By ETV Bharat Tech Team

Published : November 13, 2024 at 5:09 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: যোগাযোগ খণ্ডত পিছপৰা বুলি বিবেচিত চৰকাৰী টেলিকম কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেড (বি এছ এন এল) এ এতিয়া দ্ৰুতগতিত নিজকে উন্নীত কৰিবলৈ যত্ন কৰিছে । কোম্পানীটোৱে 4G আৰু 5G নেটৱৰ্ক উন্নীতকৰণ সন্দৰ্ভত কাম কৰি আছে ৷ অহা বছৰৰ আৰম্ভণিতে এই নেটৱৰ্কক মুকলি কৰাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে এতিয়া বিএছএনএলে দেশৰ নিৰ্বাচিত অঞ্চলত প্ৰথমটো ফাইবাৰ ভিত্তিক ইণ্ট্ৰানেট টিভি সেৱা মুকলি কৰাৰ কথা ঘোষণা কৰিছে ।

কোম্পানীটোৱে IFTV নামেৰে এই সেৱা আৰম্ভ কৰিছে । উল্লেখ্য যে যোৱা মাহত BSNLৰ নতুন ল'গ' আৰু আন ছটা নতুন সেৱা উন্মোচনৰ লগে লগে ইয়াক প্ৰথম প্ৰৱৰ্তন কৰা হৈছিল । ইয়াত বিএছএনএলৰ ফাইবাৰ-টু-দ্য-হোম (এফটিটিএইচ) নেটৱৰ্ক ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীসকলক লাইভ টিভি সেৱা আৰু পে টিভিৰ সুবিধা প্ৰদান কৰা হয় ।

উল্লেখযোগ্য যে, এই সুবিধা এনে এক সময়ত আৰম্ভ কৰা হৈছে যেতিয়া বিএছএনএলে ৰাষ্ট্ৰীয় ৱাই-ফাই ৰোমিং সেৱাও আৰম্ভ কৰিছে, যিয়ে কোম্পানীটোৰ গ্ৰাহকসকলক সমগ্ৰ দেশৰ বিএছএনএল হটস্পটত দ্ৰুতবেগী ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে, যাৰ ফলত গ্ৰাহকৰ ডাটাৰ খৰচ হ্ৰাস পায় ।

বি এছ এন এল আই এফ টি ভি সেৱা

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত এটা পোষ্টত বিএছএনএলে জনাইছে যে তেওঁলোকৰ নতুন আইএফটিভি সেৱাই মধ্যপ্ৰদেশ আৰু তামিলনাডুৰ গ্ৰাহকসকলক উচ্চ ষ্ট্ৰীমিং মানৰ 500 ৰো অধিক লাইভ টিভি চেনেল উপভোগ কৰিবলৈ সক্ষম কৰিব । ইয়াৰ উপৰিও ইয়াত পে টিভি কন্টেন্টো প্ৰদান কৰা হ’ব । ৰিলায়েন্স জিঅ’ আৰু ভাৰতী এয়াৰটেলে আগবঢ়োৱা আন লাইভ টিভি সেৱাৰ দৰে নহয় ৷ কাৰণ এইবোৰত ষ্ট্ৰীমিংৰ দ্বাৰা ব্যৱহৃত ডাটা মাহিলী পেকৰ পৰা কৰ্তন কৰা হয়, বিএছএনএল আইএফটিভিৰ ক্ষেত্ৰত এনে নহ’ব ।

বিএছএনএলে কয় যে টিভি ষ্ট্ৰীমিংৰ বাবে ব্যৱহাৰ কৰা ডাটা তেওঁলোকৰ ডাটা পেকৰ পৰা কৰ্তন কৰা নহ’ব । বিশেষ কথাটো হ’ল টিভি ষ্ট্ৰীমিংৰ বাবে বিএছএনএলে সীমাহীন ডাটা প্ৰদান কৰিব । এই লাইভ টিভি সেৱা কেৱল বিএছএনএল এফটিটিএইচৰ গ্ৰাহকৰ বাবে বিনামূলীয়াকৈ উপলব্ধ কৰা হৈছে ।

বিএনএছএলে নিশ্চিত কৰিছে যে তেওঁলোকে জনপ্ৰিয় অ’টিটি প্লেটফৰ্ম আৰু এমাজন প্ৰাইম ভিডিঅ’, ডিজনী+ হটষ্টাৰ, নেটফ্লিক্স, ইউটিউব আৰু জেই5 ৰ দৰে ষ্ট্ৰীমিং এপৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰিব । ইয়াৰ উপৰিও কোম্পানীয়ে ইয়াৰ সৈতে গেমৰ প্ৰচলনও কৰিব । অৱশ্যে বিএছএনএলে কয় যে তেওঁলোকৰ আইএফটিভি সেৱা বৰ্তমান কেৱল এণ্ড্ৰইড টিভিৰ সৈতেহে কাম কৰিব ।

বিএছএনএলৰ IFTV সেৱাত চাবস্ক্ৰাইব কৰিবলৈ গ্ৰাহকে প্লে ষ্ট’ৰৰ পৰা বিএছএনএল ছেল্ফকেয়াৰ এপটো ডাউনলোড কৰি তাৰ বাবে পঞ্জীয়ন কৰিব পাৰে ।

লগতে পঢ়ক: চিম কাৰ্ড অবিহনেও BSNL ৰ দ্বাৰা শীঘ্ৰেই সম্ভৱ হৈ উঠিব ফোন কল, মেছেজ

আগন্তুক বছৰৰ আৰম্ভণিতে BSNL এ মুকলি কৰিব 5G সেৱা

গ্ৰাহকলৈ 24GB ডাটা বিনামূলীয়াকৈ আগবঢ়াইছে BSNL এ - 24GB of free data