হায়দৰাবাদ: ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ BSNL ৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি হৈছে গ্ৰাহকৰ আগ্ৰহ ৷ ভাৰতৰ টেলিকম খণ্ডত এক বিশেষ খোপনি পাতিবলৈ সক্ষম হৈছে BSNL এ ৷ কেন্দ্ৰীয় টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৰাজহুৱা খণ্ডৰ টেলিকম প্ৰতিষ্ঠান বি এছ এন এলক চলিত বিত্তীয় বৰ্ষৰ চাৰ্কল লেভেলৰ গ্ৰাহক বৃদ্ধি আৰু ব্যৱসায়িক পৰিকল্পনা দাখিল কৰিবলৈ কয় । এই তথ্য মঙলবাৰে চৰকাৰী বিবৃতিযোগে আগবঢোৱা হৈছে । বিএছএনএলৰ 27 গৰাকী চিজিএম আৰু উচ্চপদস্থ বিষয়াক সাক্ষাৎ কৰি প্ৰতিমাহে বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে । দৰাচলতে বি এছ এন এল টেলিকম নেটৱৰ্কত বিগত 7-8 মাহত প্ৰায় 55 লাখ নতুন গ্ৰাহক সংযোজন কৰিবলৈ সক্ষম হৈছে ।
কেন্দ্ৰীয় দূৰসংযোগ মন্ত্ৰীয়ে প্ৰদান কৰা তথ্য
বিবৃতিটোত কোৱা হৈছে যে মন্ত্ৰী সিন্ধিয়াই সংস্থাটোক প্ৰতিমাহে বৈঠকত মিলিত হৈ উত্তম পদ্ধতি আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰিবলৈ নিৰ্দেশ দিছে । লগতে বিভিন্ন ক্ষেত্ৰত প্ৰত্যাহ্বানসমূহ যৌথভাৱে মোকাবিলা কৰিবলৈও তেওঁ BSNL ক কয় । সিন্ধিয়াই প্ৰতিটো চক্ৰক 2025-26 বিত্তীয় বৰ্ষৰ বাবে গ্ৰাহক বৃদ্ধিৰ পৰিকল্পনা আৰু ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কয় ।
BSNL ৰ সৈতে সংযোগ হ’ল 55 লাখ গ্ৰাহক
প্ৰায় 18 বছৰৰ পাছত পি এছ ইউক লাভজনক কৰি তোলাৰ বাবে বি এছ এন এলক প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে । 2024 চনৰ অক্টোবৰ-ডিচেম্বৰ ত্ৰৈমাসিকত কোম্পানীটোৱে 262 কোটি টকাৰ লাভ আদায় কৰে । তেওঁ কোম্পানীটোৰ এই গতি অব্যাহত ৰাখিবলৈ আৰু দীৰ্ঘম্যাদী সফলতাৰ বাবে গ্ৰাহক সংযোজনত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় । যোৱা 7-8 মাহত বি এছ এন এলে প্ৰায় 55 লাখ নতুন গ্ৰাহক সংযোজন কৰিছে ।
12000 টাৱাৰ স্থাপন কৰা হৈছে
শেহতীয়াকৈ বিএছএনএলে দেশজুৰি 12 হাজাৰ নতুন 4জি টাৱাৰ স্থাপন কৰিছে । 2024 চনৰ ডিচেম্বৰৰ শেষলৈকে কোম্পানীটোৱে দেশৰ 4 খন মেট্ৰ’ চহৰৰ উপৰিও প্ৰায় প্ৰতিখন ৰাজ্যৰ ৰাজধানীতে 4জি সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিব । একে সময়তে কোম্পানীটোৱে এতিয়া 2025 চনৰ জুন মাহৰ ভিতৰত দেশৰ প্ৰতিটো চক্ৰত 4জি সেৱা আৰম্ভ কৰাৰ লক্ষ্য লৈছে । ফলত দেশৰ যিবোৰ চহৰত বৰ্তমান ইয়াৰ সেৱা ভাল নহয়, সেইবোৰ চহৰতো মানুহে সস্তীয়া 4G সেৱাৰ সুবিধা ল’ব পাৰিব ।
লগতে পঢ়ক