BMSD 2025 ৰ চেম্পিয়নৰ খিতাপ লাভ কৰিলে টিম অৰংগুটানে; BMIC ত অৱতীৰ্ণ হ’ব আন্তঃৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে
হায়দৰাবাদত এখন ৰোমাঞ্চকৰ খেলৰ অন্তত OG য়ে BMSD 2025 জয় কৰি টিম ইণ্ডিয়াক গ্ল’বেল চেম্পিয়নশ্বিপৰ টিকট প্ৰদান কৰে ।

Published : October 13, 2025 at 5:21 PM IST
হায়দৰাবাদ: বিগত তিনিদিন ধৰি হায়দৰাবাদত চলি আছে BGMI শ্ব’ডাউন 2025 (BMSD 2025)ৰ গ্ৰেণ্ড ফাইনেল । তিনিদিনীয়া তীব্ৰ প্ৰতিযোগিতাৰ অন্তত অৱশেষত টিম অৰংগুটান বিজয়ী হয় । এই দলটো OG নামেৰেও পৰিচিত ৷ এতিয়া টিম OG য়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিব গ্ল’বেল চেম্পিয়নশ্বিপ 2025 ত, য’ত তেওঁলোকে জাপান আৰু কোৰিয়াৰ দলৰ সৈতে মুখামুখি হ’ব ।
প্ৰতিযোগিতাখনৰ অন্তিম দিনটোৰ পিছত টিম OG ৰ চূড়ান্ত পইণ্ট মুঠ 147, আনহাতে K9 ইস্প’ৰ্টছ 142 পইণ্টেৰে দ্বিতীয় স্থানত আছে । তৃতীয় স্থানত আছে ভাৰতৰ অন্যতম জনপ্ৰিয় স্প’ৰ্টছ দল টিম Soul । BGMI শ্ব’ডাউনৰ শীৰ্ষ তিনিটাত স্থান দখল কৰাৰ বাবে তিনিওটা দলে আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰিছে ।

প্ৰথম পুৰস্কাৰ লাভ কৰি টিম OG য়ে লাভ কৰে 30,00,000 টকাৰ গ্ৰেণ্ড প্ৰাইজ আৰু এটা ট্ৰফী । গ্ল’বেল চেম্পিয়নশ্বিপতো স্থান দখল কৰে । দ্বিতীয় স্থান দখল কৰাৰ বাবে টিম K9 স্প’ৰ্টছে 15 লাখ টকাৰ প্ৰাইজমানি লাভ কৰে ৷ আনহাতে টিম Soul এ লাভ কৰে 1 লাখ টকাৰ প্ৰাইজমানি ।

উল্লেখ্য যে, প্ৰতিযোগিতাৰ আঠটা দলেই এতিয়া বিজিএমআই আন্তঃৰাষ্ট্ৰীয় কাপ (BMIC)ত অংশগ্ৰহণ কৰিব, য’ত তেওঁলোকে কোৰিয়া আৰু জাপানৰ দৰে আন্তঃৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ।
ব্যক্তিগত প্ৰদৰ্শনো আছিল উৎকৃষ্ট
এই প্ৰতিযোগিতাত বহু খেলুৱৈয়ে নিজৰ ব্যক্তিগত প্ৰদৰ্শনেৰে ৰাইজৰ হৃদয় জয় কৰিছিল আৰু তাৰ বাবে তেওঁলোকেও বঁটা লাভ কৰিছিল । OnePlusK9Njboi প্ৰতিযোগিতাৰ MVP হিচাপে নিৰ্বাচিত হয় আৰু 2 লাখ টকাৰ পুৰস্কাৰ লাভ কৰে । M4xSNoWJoD য়ে ফাইনেলৰ MVP বঁটা গ্ৰহণ কৰি শ্ৰেষ্ঠ ক্লাচ বঁটাৰ বাবে 50,000 টকাৰ লগতে 1 লাখ টকাৰ বঁটা লাভ কৰে । iQOOxOGAARU অৰ্থাৎ আৰ্মানে শ্ৰেষ্ঠ আই জি এল বঁটা লাভ কৰি লাভ কৰে 75,000 টকা । GxdLJonaThan03 ক অনুৰাগীয়ে অনুৰাগীৰ প্ৰিয় খেলুৱৈ হিচাপে নিৰ্বাচিত কৰে আৰু পুৰস্কাৰ হিচাপে লাভ কৰে 50,000 টকা ।
গ্ল’বেল চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুতি
BGMI শ্ব’ডাউন 2025 ত চেম্পিয়ন হোৱাৰ পিছত টিম OG য়ে 31 অক্টোবৰৰ পৰা 2 নৱেম্বৰলৈ দিল্লী এনচিআৰৰ যশোভূমিত অনুষ্ঠিত হ’বলগীয়া গ্ল’বেল চেম্পিয়নশ্বিপ 2025 ত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ টিকট লাভ কৰিছে । জাপান আৰু কোৰিয়াৰ দলৰ মুখামুখি হ’ব ভাৰত । ETV Bharat গ্ল’বেল চেম্পিয়নশ্বিপৰ বাবে তেওঁলোকৰ প্ৰস্তুতি আৰু ইতিমধ্যে বিশ্ব চেম্পিয়ন হোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে নেকি বুলি সোধাত তেওঁলোকে জনায়, "আমি ইতিমধ্যে গ্ল'বেল চেম্পিয়নশ্বিপ 2025ৰ বাবে প্ৰস্তুতি চলাইছো । আগতে মই বিদেশৰ মেচ (জাপান, কোৰিয়া আৰু অন্যান্য দেশৰ দলৰ মেচ) চাইছিলো । এতিয়া যিমান সময় পাম সিমান সময় আমি বিদেশত খেল চাবলৈ চেষ্টা কৰিম আৰু সেই অনুসৰি আমাৰ গেমপ্লেত যি পৰিৱৰ্তনৰ প্ৰয়োজন হ'ব, সেই পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিম ।"

লগতে পঢ়ক

