হায়দৰাবাদ: সোমবাৰে মহাকাশ স্পৰ্শ কৰে পপ তাৰকা কেটি পেৰীয়ে ৷ মহাকাশলৈ যাত্ৰা কৰা মহিলা গোটটোৰ আটাইতকৈ দৃষ্টি আকৰ্ষণ কৰা নামটোৱেই হ’ল পপ তাৰকা গায়িকা কেটী পেৰী ৷ আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজ’ছৰ মালিকানাধীন মহাকাশ কোম্পানী ব্লু অৰিজিনৰ এখন জাহাজত পৃথিৱী পৃষ্ঠৰ পৰা 100 কিলোমিটাৰতকৈও অধিক (60 মাইল) ওপৰলৈ যায় পপ তাৰকা গায়কগৰাকীৰ লগতে তেওঁৰ সহযাত্ৰীসকলে । উল্লেখ কৰা প্ৰয়োজন যে এয়া মহাকাশ পৰ্যটনক্ষেত্ৰৰ এক নতুন ঢৌ, য’ত ধনী আৰু বিখ্যাত লোকসকলে এতিয়া সহজেই মহাকাশলৈ যাত্ৰা কৰিব পাৰিব ।
আমেৰিকাৰ উদ্যোগপতি জেফ বেজ’ছৰ ব্লু অৰিজিন কোম্পানীৰ ৰকেটত মহাকাশ যাত্ৰা কৰিছিল ছয়গৰাকী মহিলাই । টেক্সাছৰ ভ্যান হৰ্ণ লঞ্চ চেণ্টাৰৰ পৰা পুৱা 9.30 বজাত এই ৰকেটটো উৎক্ষেপণ কৰা হয় । প্ৰায় 11 মিনিট পিছত মিছনটো ঘূৰি আহে । এই সময়ছোৱাত ৰকেটটোৱে উভতি অহা যাত্ৰাকে ধৰি মুঠ 212 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল । 1963 চনৰ পিছত মহাকাশ অভিযানত যোৱা এইটোৱেই প্ৰথম মহিলা ক্ৰু । লক্ষণীয় যে ইয়াৰ পূৰ্বে 1963 চনত ৰাছিয়াৰ অভিযন্তা ভেলেন্টিনা টেৰেচকোভাই অকলে মহাকাশলৈ যাত্ৰা কৰিছিল ।
A smooth landing in West Texas.
— Blue Origin (@blueorigin) April 14, 2025
Book your flight on New Shepard: https://t.co/RP3Lixyr4Y pic.twitter.com/xPiu9LMtlH
ব্যয়
11 মিনিটৰ এই যাত্ৰাৰ বাবে 1.15 কোটি টকা খৰচ হয় বুলি জানিব পৰা গৈছে । এই বিষয়ে জনোৱাৰ সময়ত ব্লু অৰিজিনৰ মুখপাত্ৰ বিল কিৰ্কোছে কয় যে কিছুমান মানুহে এই মহাকাশ যাত্ৰাৰ বাবে খৰচ বহন কৰিছে যদিও আন কিছুমানে বিনামূলীয়াকৈ যাত্ৰা কৰিছে । কিন্তু সম্পূৰ্ণ খৰচ কোনে বহন কৰিছে সেই কথা প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে ।
✨ Weightless and limitless. pic.twitter.com/GQgHd0aw7i
— Blue Origin (@blueorigin) April 14, 2025
এই অভিযান জেফ বেজোছৰ ব্লু অৰিজিন কোম্পানীটোৰ নিউ শ্বেপাৰ্ড কাৰ্যসূচীৰ অংশ । ইয়াৰ নাম NS-31 । কেটি পেৰী আৰু লৰেনৰ উপৰিও সাংবাদিক গেইল কিং, মানৱ অধিকাৰ কৰ্মী আমাণ্ডা নুয়েন, চলচ্চিত্ৰ নিৰ্মাতা কেৰিন ফ্লিন আৰু নাছাৰ প্ৰাক্তন ৰকেট বিজ্ঞানী আইছা ব’ৱেও মহাকাশ ভ্ৰমণলৈ গৈছিল ।
অভিজ্ঞতা
নিউ শ্বেপাৰ্ড ৰকেটত মহাকাশৰ পৰা উভতি অহা বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ মহিলাসকলে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰাৰ সময়তে অতি আৱেগিক হৈ পৰিছিল । তেওঁলোকে অভিজ্ঞতা প্ৰকাশ কৰি কয় যে পৃথিৱীখন অতি শান্তিপূৰ্ণ আৰু সুন্দৰ । গায়িকা কেটি পেৰীয়েও পৃথিৱীলৈ ঘূৰি অহাৰ লগে লগে পৃথিৱীক চুম্বন কৰি শ্ৰদ্ধাঞ্জলি জনায় ।
The NS-31 crew is certified ‘ready to fly to space’ by CrewMember 7 Sarah Knights. The launch window opens tomorrow at 8:30 a.m. CDT / 13:30 UTC.
— Blue Origin (@blueorigin) April 14, 2025
You can watch the live webcast here tomorrow at 7 a.m. CDT, hosted by Charissa Thompson, Kristin Fisher, and Ariane Cornell. pic.twitter.com/auKPJvtSl3
লগতে পঢ়ক
মে’ মাহত হ’ব এক্সিয়াম মিছন 4; সহযোগ কৰিব ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই
ভাৰত ভ্ৰমণ কেতিয়া - সংবাদ মাধ্যমৰ আগত জনালে সুনীতা উইলিয়ামছে