ETV Bharat / technology

ব্লিকিংটৰ জৰিয়তে 10 মিনিটতে লাভ কৰক পছন্দৰ এপলৰ সামগ্ৰী

10 মিনিটত এম্বুলেঞ্চ আৰু আইফোন ডেলিভাৰী সেৱা আৰম্ভ কৰাৰ পাচত এইবাৰ ব্লিকিংটে আৰম্ভ কৰিছে কম সময়ৰ ভিতৰতে এপলৰ সামগ্ৰী ডেলিভাৰী সেৱা ৷

blinkit-to-deliver-apple-products-in-10-minutes-in-select-cities
ব্লিকিংটৰ জৰিয়তে 10 মিনিটতে লাভ কৰক পছন্দৰ এপলৰ সামগ্ৰী (@albinder)
author img

By ETV Bharat Tech Team

Published : March 1, 2025 at 11:01 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ব্লিংকিটত উপলব্ধ হ’ল নতুন সেৱা ৷ অনলাইনত গেলামাল তথা ঘৰ এখনৰ বাবে প্ৰয়োজনীয় যিকোনো সামগ্ৰী আৰু দ্ৰুত ডেলিভাৰী সেৱা প্ৰদানৰ বাবে জনপ্ৰিয় ডেলিভাৰী সেৱা ব্লিংকিটে এতিয়া প্ৰযুক্তিপ্ৰেমীসকলৰ বাবে এক বিশেষ সেৱা আগবঢ়াইছে । য’ত এপলৰ দৰে দামী কোম্পানীৰ সামগ্ৰী ক্ষন্তেকতে আপোনাৰ হাতত পৰিব । ব্লিংকিটৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া অলবিন্দৰ ধীধছাই নিজৰ X একাউণ্টৰ জৰিয়তে এই বিষয়ে অৱগত কৰিছে । এতিয়া গ্ৰাহকে 10 মিনিটৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হ’ব মেকবুক এয়াৰ, আইপেড, এয়াৰপড, এপল ৱাটচ আৰু অন্যান্য এপলৰ সামগ্ৰী ।

আইফোনৰ পাচত আৰম্ভ এপলৰ সামগ্ৰীৰ ডেলিভাৰী

ব্লিংকিটৰ শীৰ্ষ কাৰ্যবাহী বিষয়া আলবিন্দৰ ধীন্দছাই বৃহস্পতিবাৰে এটা পোষ্ট শ্বেয়াৰ কৰি জনায় যে এতিয়া মেকবুক এয়াৰ, আইপেড, এয়াৰপড, এপল ৱাচ আৰু অন্যান্য এপলৰ সামগ্ৰী মাত্ৰ 10 মিনিটতে কোম্পানীটোৱে ডেলিভাৰী দিব । উল্লেখ কৰা প্ৰয়োজন যে কোম্পানীয়ে ইতিমধ্যে গ্ৰাহকক আইফোনৰ দ্ৰুত ডেলিভাৰী প্ৰদান কৰিছে ৷ কিন্তু এতিয়া কোম্পানীটোৱে এপলৰ অন্যান্য সামগ্ৰী ডেলিভাৰী কৰিবলৈ আৰম্ভ কৰিছে ।

কোন কোন চহৰত উপলব্ধ এই সেৱা

ব্লিংকিটৰ নতুন ডেলিভাৰী সেৱা দেশৰ কিছুমান বৃহৎ চহৰত উপলব্ধ হ’ব । কোম্পানীটোৰ শীৰ্ষ কাৰ্যবাহী বিষয়া ধীন্দছাই কয়, "আমি দিল্লী-এনচিআৰ, মুম্বাই, হায়দৰাবাদ, পুনে, লক্ষ্ণৌ, আহমেদাবাদ, চণ্ডীগড়, চেন্নাই, জয়পুৰ, বেংগালুৰু আৰু কলকাতাত মেকবুক এয়াৰ, আইপেড, এয়াৰপড আৰু এপল ৱাটচৰ ডেলিভাৰী আৰম্ভ কৰিছো ।

কোম্পানীটোৰ লোকচান

2024 চনৰ ডিচেম্বৰ মাহত সমাপ্ত হোৱা ত্ৰৈমাসিকত ব্লিংকিটৰ মূল কোম্পানী জ’মাটোই 103 কোটি টকা লোকচান হোৱা বুলি তথ্য দিছে, মূলতঃ কোম্পানীটোৱে দ্ৰুত বৃদ্ধিৰ ক্ষেত্ৰত কৰা বৃহৎ বিনিয়োগৰ বাবে । কিন্তু কোম্পানীটোৰ মতে, "বৰ্তমান আমি লোকচানত আছো যদিও ভৱিষ্যতে আমাৰ লাভ হ’ব আৰু লোকচান হ্ৰাস কৰিব পাৰিম ।" বজাৰত অন্যান্য দ্ৰুত ডেলিভাৰী কোম্পানী জেপ্ট’, ছুইগি ইনষ্টামাৰ্ট আৰু বিগবাস্কেটৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে ব্লিংকিটে । কোম্পানীটোৱে কয় যে অনলাইন শ্বপিঙৰ সংজ্ঞা সলনি কৰিবলৈ এনে সেৱা আৰম্ভ কৰিছে ।

10 মিনিটৰ বিশেষ ডেলিভাৰী কিয়?

ব্লিংকিটৰ এই নতুন পদক্ষেপে ই-কমাৰ্চত এক বৃহৎ বিপ্লৱ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে । সাধাৰণতে মেকবুক, আইপেড আৰু অন্যান্য ব্যয়বহুল এপলৰ সামগ্ৰী ই-কমাৰ্চ চাইটত 1-2 দিনৰ ভিতৰত ডেলিভাৰী কৰা হয় যদিও ব্লিংকিটে মাত্ৰ 10 মিনিটতে গ্ৰাহকক ডেলিভাৰী দিব । যাতে গ্ৰাহকে তৎক্ষণাত তেওঁলোকৰ প্ৰয়োজন অনুসৰি এপলৰ সামগ্ৰী ক্ৰয় কৰি ব্যৱহাৰ কৰিব পাৰে আৰু 2-3 দিন অপেক্ষা কৰিব নালাগে । লগতে, যিসকল গ্ৰাহকে তৎক্ষণাত উপহাৰ দিব বিচাৰে তেওঁলোকো এই সেৱাৰ দ্বাৰা উপকৃত হ’ব । বৰ্তমান ভাৰতত দ্ৰুত ডেলিভাৰী সেৱাই লাহে লাহে জনপ্ৰিয়তা লাভ কৰিছে ।

লগতে পঢ়ক