25000 টকাৰ ভিতৰতে বাচনি কৰক উন্নত বৈশিষ্ট্যযুক্ত স্মাৰ্টফোন
নতুনকৈ স্মাৰ্টফোন ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ 25000 টকাৰ ভিতৰতে বাচনি কৰক নিজৰ পছন্দৰ ফোনটো ৷

Published : March 10, 2025 at 11:48 AM IST
হায়দৰাবাদ: বিশ্বৰ লগতে ভাৰতীয় বজাৰত বৰ্তমান প্ৰায় প্ৰতিদিনেই মুকলি হয় এটাৰ পাচত আনটো স্মাৰ্টফোন ৷ যদি আপুনি 25 হাজাৰ টকাত এটা ভাল স্মাৰ্টফোন কিনিব বিচাৰে, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ 25,000 টকাৰ ভিতৰত কেইটামান উত্তম ফোনৰ বিষয়ে উল্লেখ কৰা হ’ব এই প্ৰতিবেদনত । এই তালিকাত Nothing, OnePlus আৰু Poco ৰ ফোন অন্তৰ্ভুক্ত কৰা হৈছে । এইবোৰত ব্যৱহাৰকাৰীয়ে শক্তিশালী প্ৰচেছৰ, বেটাৰী আৰু দ্ৰুত চাৰ্জিং সমৰ্থনও পায় ।
নাথিং 3(a)
শেহতীয়াকৈ Nothing এ নতুন স্মাৰ্টফোন মুকলি কৰিছে, যাৰ নাম Nothing Phone 3a । এইটো যোৱা বছৰ মুকলি কৰা Phone 2a ৰ এটা উন্নীত সংস্কৰণ । এই স্মাৰ্টফোনটোৰ 6.77 ইঞ্চি FHD + (1080 x 2392 পিক্সেল) AMOLED ডিছপ্লে আছে, যাৰ 120Hz ৰিফ্ৰেছ ৰেট আৰু 3000 নিটৰ শীৰ্ষ উজ্জ্বলতা আছে । ইয়াৰ উপৰিও ইয়াত পাণ্ডা গ্লাছৰ সুৰক্ষাও উপস্থিত । ইয়াত কোৱালকম স্নেপড্ৰেগন 7 জেন 3 প্ৰচেছৰ আৰু 8 জিবি ৰেমৰ সৈতে 128 জিবি আৰু 256 জিবি ষ্ট’ৰেজৰ বিকল্প আছে । কেমেৰা ছেটআপত আছে 50 এমপি প্ৰাইমেৰী কেমেৰা, 50 এমপি টেলিফটো কেমেৰা (2x অপটিকেল জুম) আৰু 8এমপি আল্ট্ৰা-ৱাইড কেমেৰা । ইয়াৰ উপৰিও ফোনটোত ছেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 32MP ফ্ৰন্ট কেমেৰা আছে । এই ফোনটোত 5000mAh বেটাৰী আছে, যিটো 50W ফাষ্ট চাৰ্জিং সমৰ্থিত । এই ফোনটো Android 15 ৰ ওপৰত ভিত্তি কৰি Nothing OS 3.1 ত চলি আছে । এই ফোনটোক পানী আৰু ধূলি প্ৰতিৰোধী হোৱাৰ বাবে IP64 ৰেটিং দিয়া হৈছে । ফোনটোত এনএফচি, ডুৱেল ষ্টেৰিঅ’ স্পীকাৰ আৰু গ্লাইফ ইন্টাৰফেছৰ দৰে বহু বিশেষ বৈশিষ্ট্য দিয়া হৈছে । 8GB RAM আৰু 128GB ষ্ট’ৰেজৰ মূল্য 24,999 টকা ৷
ৱানপ্লাছ নৰ্ড চিই4
এই OnePlus ফোনটোত আছে 6.7 ইঞ্চি AMOLED স্ক্ৰীণ, যিটো 120Hz ৰিফ্ৰেছ ৰেটৰ সৈতে আহে । এই ফোনটোত HDR10+ আৰু 1100 নিটৰ শীৰ্ষ উজ্জ্বলতা আছে । এই ফোনত প্ৰচেছৰৰ বাবে কোৱালকম স্নেপড্ৰেগন 7 জেন 3 চিপছেট ব্যৱহাৰ কৰা হৈছে, য’ত 8 জিবি পৰ্যন্ত ৰেম আৰু 256 জিবি পৰ্যন্ত ষ্ট’ৰেজ আছে । এই ফোনটো Android 14 ৰ ওপৰত ভিত্তি কৰি OxygenOS প্লেটফৰ্মত চলি আছে ।ফোনটোত 5,500mAh বেটাৰী আছে, যিটো 100W ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে আহে । এই ফোনটোৰ পিছফালে ডুৱেল কেমেৰা ছেটআপ আছে, ইয়াৰে প্ৰথমটো কেমেৰা 50MP আৰু দ্বিতীয়টো কেমেৰা 8MP । ফোনটোত ছেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 16MP ফ্ৰন্ট কেমেৰা আছে । ইয়াৰ 8GB RAM + 128GB ষ্ট’ৰেজৰ মূল্য 21,999 টকা ৷
পোকো এক্স7 5জি
এই তালিকাত পোকোৰ এটা ফোনও আছে, যিটো কোম্পানীয়ে শেহতীয়াকৈ মুকলি কৰিছে । এই Poco ফোনটোত 1.5K ৰিজ’লিউচনৰ সৈতে 6.67 ইঞ্চি স্ক্ৰীণ আছে, যাৰ ৰিফ্ৰেছ ৰেট 120Hz । এই ফোনটোৰ পিছফালে ডুৱেল কেমেৰা ছেটআপ দিয়া হৈছে । এই চেটআপৰ প্ৰথম কেমেৰা 50 এমপি আৰু দ্বিতীয় কেমেৰা 4 এমপি । এই ফোনত কোম্পানীয়ে ছেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 20MP ফ্ৰন্ট কেমেৰা দিছে । এই ফোনটো এণ্ড্ৰইড 14 ৰ ওপৰত ভিত্তি কৰি হাইপাৰঅ’এছত চলিব । 8GB RAM + 128GB ষ্ট’ৰেজৰ মূল্য 18,999 টকা ৷
লগতে পঢ়ক

