হায়দৰাবাদ: আজি অৰ্থাৎ 25 জুনৰ দিনা নাছাৰ কেনেডি স্পেচ চেণ্টাৰ, ফ্ল’ৰিডাৰ পৰা এক্সিয়াম মিছন 4 উৎক্ষেপণ কৰা হয় । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মহাকাশচাৰী গোটৰ কেপ্তেইন শুভাংশু শুক্লাই স্পেচএক্সৰ ড্ৰেগন মহাকাশযানৰ পাইলট হিচাপে এই অভিযানত অংশগ্ৰহণ কৰিছে । এই অভিযান ভাৰতৰ মহাকাশ প্ৰগতিৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি, কিয়নো 1984 চনত ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যোৱা শুক্লা দ্বিতীয়গৰাকী ভাৰতীয় । এই অভিযানত পোলেণ্ড আৰু হাংগেৰীৰ মহাকাশচাৰীসকলো অন্তৰ্ভুক্ত ।
এই মহাকাশচাৰীসকলে মহাকাশ কেন্দ্ৰত প্ৰায় 14 দিন কটাব । এই সময়ছোৱাত বহুতো গুৰুত্বপূৰ্ণ পৰীক্ষা-নিৰীক্ষা কৰা হ’ব । শুভাংশু শুক্লাই মহাকাশত জৈৱ প্ৰযুক্তি বিভাগ (ডি বি টি) আৰু নাছাৰ যৌথ সহযোগত বিকশিত উন্নত খাদ্য আৰু পুষ্টিৰ পৰীক্ষা-নিৰীক্ষা চলাব ।
এক্সিয়াম 4 মিছনৰ উদ্দেশ্য
Ax-4 Mission | Launch https://t.co/qrESbnfRXe
— Axiom Space (@Axiom_Space) June 25, 2025
এক্সিয়াম 4 ৰ ক্ৰুৱে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত প্ৰায় দুসপ্তাহ কটাব । এই সময়ছোৱাত তেওঁলোকে পাঁচটা যৌথ বৈজ্ঞানিক অনুসন্ধান আৰু বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত (STEM) সম্পৰ্কীয় দুটা শৈক্ষিক প্ৰদৰ্শন কৰিব । ব্যক্তিগত মহাকাশ অন্বেষণৰ প্ৰসাৰৰ বাবে বাণিজ্যিক আৰু জনসচেতনতা কাৰ্যসূচীও অনুষ্ঠিত কৰিব । নাছা আৰু ৰাছিয়াৰ মহাকাশ সংস্থাই (ৰস্কোচমছ) সুৰক্ষাৰ পৰ্যালোচনাৰ অন্তত এই অভিযানৰ বাবে চূড়ান্ত অনুমোদন দিছে ।
এক্সিয়াম 4 মিছনৰ তাৎপৰ্য
মহাকাশ খণ্ডত ভাৰতৰ ক্ৰমবৰ্ধমান সামৰ্থক এই অভিযানে অধিক উজ্জ্বল কৰি তুলিছে । গ্ৰুপৰ অধিনায়ক শুক্লাই ৰাকেশ শৰ্মাৰ পদাংক অনুসৰণ কৰি ভাৰতৰ মহাকাশ ইতিহাসত এক নতুন অধ্যায় লিখিছে । এই অভিযানৰ লক্ষ্য হৈছে ভাৰত, আমেৰিকা, পোলেণ্ড, হাংগেৰী, চৌদি আৰব, ব্ৰাজিল, নাইজেৰিয়া, ইউ এ ই আৰু সমগ্ৰ ইউৰোপৰ দেশসমূহকে ধৰি 31 খন দেশক প্ৰতিনিধিত্ব কৰি প্ৰায় 60 টা বৈজ্ঞানিক অধ্যয়ন আৰু কাৰ্যকলাপ চলোৱা ।
লগতে পঢ়ক