আৰু এক উৎকণ্ঠাৰ সময় সমাগত: পৃথিৱীলৈ ঘূৰিবলৈ সাজু হৈছে শুভাংশু শুক্লা
২৬ জুনৰ পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা । এই সময়ছোৱাত বিভিন্ন গৱেষণাত ব্যস্ত মহাকাশচাৰীগৰাকী ।

Published : July 11, 2025 at 11:46 AM IST
নতুন দিল্লী: ২৫ জুনত ফ্ল'ৰিডাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা এক্সিয়াম-৪ অভিযান আৰম্ভ হৈছিল । ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাসহ ৪ মহাকাশচাৰীক লৈ ড্ৰেগন মহাকাশযানখনে উৰা মাৰিছিল । প্ৰায় ২৮ ঘণ্টাৰ যাত্ৰাৰ অন্তত ২৬ জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ডক কৰিছিল মহাকাশযানখনে । তেতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰতে আছে শুভাংশু শুক্লা আৰু তেওঁৰ সহযোগী মহাকাশচাৰীসকল ।
অৱশ্যে শুভাংশু শুক্লা কেতিয়া পৃথিৱীলৈ উভতি আহিব তাক লৈ সকলোৰে মাজত তীব্ৰ উৎকণ্ঠাই বিৰাজ কৰিছে । আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে শুভাংশু শুক্লাৰ উভতনি যাত্ৰাক লৈ সকলো গভীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । তাৰ মাজতে নাছাই দিলে এটা ভাল খবৰ । অহা ১৪ জুলাইত মহাকাশচাৰী শুভাংশু শুক্লা আৰু এক্সিয়াম-৪ অভিযানৰ আন তিনিজন ক্ৰু মেম্বাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিব ।
The #Ax4 crew is scheduled to undock from the @Space_Station no earlier than Monday, July 14, at 7:05 a.m. ET. pic.twitter.com/o6olQx50II
— Axiom Space (@Axiom_Space) July 10, 2025
নাছাৰ কমাৰ্চিয়েল ক্ৰু প্ৰগ্ৰেমৰ মেনেজাৰ ষ্টিভ ষ্টিচে ৩১ জুলাইত আৰম্ভ হ'বলগীয়া ক্ৰু-১১ অভিযান সন্দৰ্ভত এক সংবাদমেলত এই কথা অৱগত কৰে । তেওঁ কয়, "আমি ষ্টেচন প্ৰগ্ৰেমৰ সৈতে কাম কৰি আছো, এক্সিয়াম-৪ৰ অগ্ৰগতি ভালদৰে লক্ষ্য কৰিছো । মই ভাবো আমি সেই মিছনটো আনডক কৰিব লাগিব আৰু আনডক কৰাৰ বৰ্তমানৰ লক্ষ্য হৈছে হাই বিটা পিৰিয়ডৰ পিছত ১৪ জুলাই ।"
মহাকাশ কেন্দ্ৰৰ বাবে "হাই বিটা পিৰিয়ড" বুলিলে এনে এটা সময়ক বুজোৱা হয় যেতিয়া আই এছ এছৰ কক্ষপথ সমতল আৰু সূৰ্যৰ মাজৰ কোণ বেছি হয়, সাধাৰণতে ৭০ ডিগ্ৰীৰ ওপৰত থাকে । এই সময়ছোৱাত আই এছ এছে প্ৰায় নিৰন্তৰ সূৰ্যৰ পোহৰ অনুভৱ কৰে, কাৰণ ই প্ৰতিটো কক্ষপথৰ অধিক অংশ দিনৰ পোহৰত থাকে । যাৰ ফলত অতিমাত্ৰা গৰম হ'ব পাৰে আৰু নাছাৰ দ্বাৰা সতৰ্কতাৰে তাপ ব্যৱস্থাপনাৰ প্ৰয়োজন হয় ।
উল্লেখ্য যে শুক্লা আৰু তেওঁৰ এক্সিয়াম-৪ৰ দলটোৱে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত ২৩০ বাৰ সূৰ্য উদয় দেখিছে । দুসপ্তাহৰ ভিতৰত কক্ষপথ পৰীক্ষাগাৰত প্ৰায় ১০০ লাখ কিলোমিটাৰ মহাকাশ যাত্ৰা কৰিছে ।

