ETV Bharat / technology

পুনৰ স্থগিত ৰখা হ'ল Axiom-4 মিছন

Axiom 4 মিছনৰ ফেলকন-৯ ৰকেটত বিসংগতি ধৰা পৰিছে । যাৰ বাবে মহাকাশ অভিযান পুনৰ স্থগিত ৰখা হৈছে ।

SpaceX postponed Falcon-9 launch of the Axiom-4 mission to repair a liquid oxygen leak
পুনৰ স্থগিত ৰখা হ'ল Axiom-4 মিছন (X@SpaceX)
author img

By ETV Bharat Assamese Team

Published : June 11, 2025 at 1:09 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : ১০ জুনত অৰ্থাৎ আজি ভাৰতৰ মহাকাশ সংস্থা ইছৰো আৰু আমেৰিকাৰ মহাকাশ সংস্থা নাছাই একত্ৰিতভাৱে এক ঐতিহাসিক অভিযান আৰম্ভ কৰাৰ কথা আছিল । যাৰ নাম আছিল Axiom 4 মিছন । এই মিছনৰ জৰিয়তে ভাৰতীয় শুভাংশু শুক্লাসহ ৪ মহাকাশচাৰীক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কথা আছিল । স্পেচএক্সৰ ফেলকন-৯ ৰকেটত লিক হোৱাৰ বাবে এই অভিযান স্থগিত ৰখা হৈছে । ৰকেটৰ লিকেজ মেৰামতিত ব্যস্ত হৈ আছে অভিযন্তাসকল । স্পেচএক্সয়ে ঘোষণা কৰে যে তেওঁলোকে Axiom 4 মিছনৰ ফেলকন-৯ উৎক্ষেপণৰ পৰা ষ্টেণ্ডিং ডাউন কৰি আছে যাতে পোষ্ট-ষ্টেটিক বুষ্টাৰ পৰিদৰ্শনৰ সময়ত চিনাক্ত কৰা লিকুইড অক্সিজেন লিক মেৰামতি কৰিব পৰা যায় ।

স্পেচএক্সয়ে এটা পোষ্টত লিখিছে,"ফেলকন ৯ এক্স-৪ উৎক্ষেপণৰ পৰা @Space_Station লৈ থিয় হৈ স্পেচএক্সৰ দলসমূহে পোষ্ট ষ্টেটিক ফায়াৰ বুষ্টাৰ পৰিদৰ্শনৰ সময়ত চিনাক্ত কৰা LOx লিক মেৰামতি কৰিবলৈ অতিৰিক্ত সময় লাগিব ।"

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱেও নিশ্চিত কৰিছে যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰথম ভাৰতীয় গগনযাত্ৰী প্ৰেৰণৰ বাবে ১১ জুনত আৰম্ভ হ'বলগীয়া Axiom 4 মিছন স্থগিত ৰখা হৈছে ।

Axiom 4 মিছনত আছে কমাণ্ডাৰ পেগি হুইটছন, পাইলট শুভাংশু শুক্লা, হাংগেৰীৰ বিশেষজ্ঞ টিগ'ৰ কাপু আৰু পোলেণ্ডৰ স্লাওছ উজনানস্কি-উইছনিউস্কি । ১৪ দিনীয়া এই অভিযানে ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ মানৱ মহাকাশ অভিযানৰ প্ৰত্যাৱৰ্তন বাস্তৱায়িত কৰিব বুলি আশা কৰা হৈছে ।

১৯৮৪ চনত ছোভিয়েট ৰাছিয়াৰ ছয়ুজ মহাকাশযানত মহাকাশলৈ যাত্ৰা কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছিল ৰাকেশ শৰ্মা । তাৰ ৪১ বছৰৰ পাছত লক্ষ্ণৌৰ সন্তান শুক্লা হ'ব মহাকাশলৈ যাত্ৰা কৰা দ্বিতীয়গৰাকী ভাৰতীয় হ'ব ।

লগতে পঢ়ক :প্ৰতিকূল বতৰৰ বাবে পুনৰ স্থগিত হ’ল Axiom 4 অভিযানৰ সময় - AXIOM 4 MISSION LAUNCH DELAYED