ETV Bharat / technology

মহাকাশভিযানৰ পূৰ্বে কোৱাৰেণ্টাইনলৈ মহাকাশচাৰী শুভাংশু শুক্লাৰ লগতে আন তিনিজন

মহাকাশ অভিযানৰ পূৰ্বে কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হ’ল ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু আন তিনিজন ক্ৰুমেট ৷

axiom-4-astronauts-including-indian-astronaut-shubhanshu-shukla-move-into-quarantine-ahead-of-space-travel-on-jun-8
মহাকাশভিযানৰ পূৰ্বে কোৱাৰেণ্টাইনলৈ মহাকাশচাৰী শুভাংশু শুক্লাৰ লগতে আন তিনিজন (Axiom Space)
author img

By ETV Bharat Tech Team

Published : May 26, 2025 at 11:00 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিগত মহাকাশ সংস্থা AXIOM স্পেচে দেওবাৰে ঘোষণা কৰে যে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু আন তিনিজন ক্ৰুমেট কোৱাৰেণ্টাইনলৈ ৰাওনা হৈছে । এক্সিয়াম-4 অভিযানৰ অংশস্বৰূপে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱাৰ পূৰ্বে মহাকাশচাৰীকেইজন কোৱাৰেণ্টাইনলৈ যায় ৷

এক্সিয়াম-4 অভিযান -- এক্সিয়াম স্পেচ, নাছা, ইউৰোপিয়ান স্পেচ এজেন্সী (ই এছ এ) আৰু ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেচনৰ (ই এছ আৰ অ’) সহযোগিতামূলক প্ৰচেষ্টা ৷ ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা ভাৰতীয় সময় অনুসৰি 8 জুনৰ সন্ধিয়া 6.41 বজাত ড্ৰেগন মহাকাশযানত অৱতৰণ কৰা হ’ব । এক্সিয়াম-4 অভিযানৰ জৰিয়তে ভাৰতীয় মহাকাশচাৰীয়ে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ) ভ্ৰমণ কৰিব ।

কক্ষপথৰ পৰীক্ষাগাৰত ডক কৰা 14 দিনীয়া অভিযানৰ সময়ছোৱাত মহাকাশচাৰীসকলে বিশ্বব্যাপী আউটৰিচ কাৰ্যকলাপ, মাইক্ৰ’গ্ৰেভিটি গৱেষণা আৰু প্ৰযুক্তিৰ প্ৰদৰ্শন কৰিব । স্পেচএক্সৰ ফেলকন-9 ৰকেটত উৎক্ষেপণৰ পূৰ্বে ক্ৰুসকলৰ বাবে এক্সিয়াম স্পেচত এক আনুষ্ঠানিকতাৰ আয়োজন কৰা হৈছিল ।

X যোগে এক্সিয়াম স্পেছে কয়, "কোৱাৰেণ্টাইন অভিমুখে #Ax4ৰ ক্ৰু । তেওঁলোক যোৱাৰ আগতে এক্সিয়াম স্পেচৰ কৰ্মচাৰীসকলে একত্ৰিত হৈ সময়খিনি উদযাপন কৰিছিল । ক্ৰু চেণ্ড-অফ হৈছে এনে এক পৰম্পৰা যিয়ে ক্ৰুৱে নিজৰ অভিযানত নামি পৰাৰ পূৰ্বে কৰ্মচাৰীসকলৰ নিষ্ঠা আৰু অক্লান্ত প্ৰচেষ্টাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে ।"

গগনযানৰ বাবে নিযুক্ত চাৰিজন মহাকাশচাৰীৰ ভিতৰত অন্যতম শুক্লাই এক্স-4ৰ পাইলট হিচাপে, নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা এক্সিয়াম স্পেচৰ মানৱ মহাকাশ উৰণৰ পৰিচালক পেগী হুইটছনে বাণিজ্যিক অভিযানৰ অধিনায়ক হিচাপে কাম কৰিব ।

ছেণ্ড অফ ইভেণ্টত শুক্লাই কয় যে এই অভিযান সফল হ’ব বুলি মই নিশ্চিত । এই অভিযানৰ অংশ হ’বলৈ শুক্লাৰ বাবে ইছৰোই 550 কোটি টকা আগবঢ়াইছে । এই অভিযানৰ পৰা লাভ কৰা অভিজ্ঞতাই ইছৰোৰ গগনযান প্ৰকল্পক উপকৃত কৰিব বুলি আশা কৰা হৈছে । পোলেণ্ডৰ মহাকাশচাৰী স্লাওছ উজনানস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টিবৰ কাপুও এক্স-4 অভিযানৰ অংশ ।

26 মে’ৰ পুৱাই Axiom Space এ X যোগে জনায়, "কোৱাৰেণ্টাইনৰ প্ৰথম দিনটো সম্পূৰ্ণ ! #Ax4 দলটোৱে ফ্ল'ৰিডাত অৱতৰণ কৰিছে । তেওঁলোকে এতিয়া সুস্থ হৈ থাকিবলৈ দুসপ্তাহৰ কোৱাৰেণ্টাইন পৰ্যায়ত প্ৰৱেশ কৰিছে কাৰণ তেওঁলোকে অৱতৰণৰ বাবে সাজু হৈছে...৷"

উৎক্ষেপণৰ দিন চমু চাপি অহাৰ লগে লগে কেৱল এক্সিয়াম স্পেচেই নহয়, সমগ্ৰ বিশ্ববাসীৰ মাজতো উৎকণ্ঠা-উত্তেজনাৰ সৃষ্টি হৈছে । X-4ৰ সফল অৱতৰণে ভাৰতৰ গগনযান অভিযানৰ পথ আৰু অধিক মুকলি কৰিব কাৰণ শুক্লাৰ অভিজ্ঞতাই ভাৰতীয় মহাকাশ উৰণ কাৰ্যসূচীৰ বিকাশ হোৱাত সহায় কৰিব ।

লগতে পঢ়ক