কোনো চৰকাৰী সংস্থাই আপোনাক ভিডিঅ’ কলযোগে যোগাযোগ নকৰে; বিত্তীয় প্ৰৱঞ্চনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী
Scam Of Cyber Arrests: চাইবাৰ অপৰাধীৰ হাতোৰাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সজাগতা অপৰিহাৰ্য: ‘মন কি বাত’ অনুষ্ঠানত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

Published : October 27, 2024 at 5:16 PM IST
হায়দৰাবাদ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে “মন কি বাত”ত চাইবাৰ অপৰাধৰ কথা উল্লেখ কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকে ইয়াৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰে ৷ লগতে এনে পৰিস্থিতিৰ সন্মুখীন হ’লে মানুহক “বন্ধ কৰিবৰ বাবে চিন্তা কৰি ব্যৱস্থা গ্ৰহণৰ” মন্ত্ৰ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
‘মন কি বাত’ ৰ 28অক্টোবৰৰ খণ্ডত মোদীয়ে কয় যে তদন্তকাৰী সংস্থাসমূহে ৰাজ্যসমূহৰ সৈতে এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ কাম কৰি আছে যদিও এই অপৰাধৰ পৰা নিজকে ৰক্ষা কৰাৰ ক্ষেত্ৰত সজাগতা অতি প্ৰয়োজনীয় ।
প্ৰধানমন্ত্ৰীয়ে এটা প্ৰতিনিধিত্বমূলক ভিডিঅ’ দেখুৱাই কয় যে এনে অপৰাধীয়ে কেনেকৈ ভুক্তভোগীৰ বিষয়ে বিতং তথ্য সংগ্ৰহ কৰি মানুহক আতংকিত কৰিবলৈ তদন্তকাৰী সংস্থাৰ বিষয়াৰ ৰূপ লয় ।
তেওঁ কয়, "ডিজিটেল জালিয়াতিৰ পৰা সাৱধান হওক । এনে তদন্তৰ বাবে কোনো তদন্তকাৰী সংস্থাই কেতিয়াও আপোনাৰ সৈতে ফোন বা ভিডিঅ' কলৰ জৰিয়তে যোগাযোগ নকৰে ।" মোদীয়ে ৰাইজক ৰাষ্ট্ৰীয় চাইবাৰ হেল্পলাইনৰ সৈতে সংযোগ বা ইয়াৰ পৰ্টেলৰ সৈতে সংযোগ স্থাপনৰ বাবে 1930 ডায়েল কৰিবলৈ কয় আৰু লগতে আৰক্ষীক এনে অপৰাধৰ বিষয়ে অৱগত কৰিবলৈ কয় ।
প্ৰধানমন্ত্ৰীৰ মুখত এনিমেচনৰ প্ৰসংগ
এই সম্প্ৰচাৰত প্ৰধানমন্ত্ৰীয়ে এনিমেচনৰ জগতখনত ভাৰতীয় প্ৰতিভাই ক্ৰমাৎ প্ৰভাৱ পেলোৱাৰ প্ৰসংগ উত্থাপন কৰি প্ৰশংসাও কৰে । তেওঁ কয় যে সৃষ্টিশীল শক্তিৰ জোৱাৰে ভাৰতবৰ্ষক গ্ৰাস কৰিছে । ‘মেড ইন ইণ্ডিয়া’ আৰু ‘মেড বাই ইণ্ডিয়া’ এনিমেচনৰ জগতখনত উজ্জ্বলভাৱে জিলিকি আছে বুলিও তেওঁ লগতে কয় ।
প্ৰধানমন্ত্ৰীয়ে কয় যে ছোটা ভীম, কৃষ্ণ, মটু পাটলুৰ দৰে ভাৰতীয় এনিমেচন চৰিত্ৰ বহুলভাৱে জনপ্ৰিয় হৈ পৰিছে । ভাৰতীয় বিষয়বস্তু আৰু সৃষ্টিশীলতাক সমগ্ৰ বিশ্বতে পছন্দ কৰা হৈছে বুলিও মোদীয়ে লগতে কয় ।
ভাৰতে এনিমেচন ক্ষেত্ৰত বিপ্লৱ সৃষ্টিৰ পথত আগবাঢ়িছে, ভাৰতীয় গেমসমূহো জনপ্ৰিয় হৈ উঠিছে বুলি মোদীয়ে কয় ।
‘আত্মনিৰ্ভৰ ভাৰত’ৰ প্ৰচেষ্টাই প্ৰতিটো খণ্ডতে অগ্ৰগতি লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে দেশখনে এতিয়া 85 খনতকৈও অধিক দেশলৈ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰি আছে ।

