ETV Bharat / technology

ফেব্ৰুৱাৰীলৈকে মহাকাশত থাকিব লাগিব সুনীতা-উইলম’ৰ - Astronauts stuck in space

Astronauts stuck in space: ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বেৰী ‘বাচ্চ’ উইলম’ আৰু ছমাহ মহাকাশ কেন্দ্ৰতে থাকিব লাগিব ৷ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিদ্বন্দ্বী স্পেচএক্সৰে উভতি আহিব লাগিব মহাকাশচাৰীদ্বয় ৷ আমেৰিকাৰ মহাকাশ সংস্থা নাছাই শনিবাৰে এক বিবৃতিত প্ৰকাশ কৰে এই কথা ।

Astronauts stuck in space
ফেব্ৰুৱাৰীলৈকে মহাকাশত থাকিব লাগিব সুনীতা-উইলম’ৰ (AP)
author img

By ETV Bharat Assamese Team

Published : August 25, 2024 at 10:57 AM IST

2 Min Read
Choose ETV Bharat

ইন্টাৰনেশ্যনেল ডেস্ক, ২৫ আগষ্ট: ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বেৰী বাচ্চ উইলমৰে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা পৃথিৱীলৈ উভতি আহিব । আমেৰিকাৰ মহাকাশ সংস্থা নাছাই শনিবাৰে (২৪ আগষ্ট) এই বিবৃতিত এই তথ্য প্ৰদান কৰিছে ।

অৱশেষত নাছাই স্বীকাৰ কৰি ল’লে যে আই এছ এছত আবদ্ধ হৈ থকা মহাকাশচাৰী দুজনক বয়িঙৰ নতুন ষ্টাৰলাইনাৰ কেপচুলত অনাটো বিপদজনক হ’ব পাৰে । দুয়োজন মহাকাশচাৰীকে ৫ জুনত একেখন মহাকাশযানেৰে আই এছ এছলৈ প্ৰেৰণ কৰা হৈছিল । এইটোৱেই আছিল ষ্টাৰলাইনাৰ কেপচুলৰ প্ৰথম উৰণ ।

নাছাই জনোৱা মতে, সুনীতা আৰু বেৰী উইলম’ৰ ফেব্ৰুৱাৰী মাহত ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ ড্ৰেগন মহাকাশযানত ঘূৰি আহিব । একে সময়তে ষ্টাৰলাইনাৰ কেপচুলটো আই এছ এছৰ পৰা পৃথক হৈ এসপ্তাহ বা দুসপ্তাহৰ পাছত অটোপাইলট মোডলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিব ।

সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰক অনাৰ বাবে ছেপ্টেম্বৰ মাহত আই এছ এছলৈ যাবলৈ যোৱা মাস্কৰ মহাকাশযানখনত এইবাৰ চাৰিজন মহাকাশচাৰীৰ পৰিৱৰ্তে মাত্ৰ দুজন মহাকাশচাৰী থাকিব।

নাছাৰ বিষয়া বিল নেলছনে কয় যে বয়িঙৰ ষ্টাৰলাইনাৰখন ক্ৰু নোহোৱাকৈ পৃথিৱীলৈ উভতি আহিব । ১৩ জুনত সুনীতা আৰু উইলমৰে ঘূৰি আহিবলগীয়া আছিল যদিও মহাকাশযানখনত হোৱা কাৰিকৰী বিজুতিৰ বাবে তেওঁলোকৰ উভতি অহা পিছুৱাই দিয়া হয় ।

মহাকাশ উৰণ বিপদজনক: বিল নেলছন

মহাকাশ ভ্ৰমণৰ বিপদৰ সন্দৰ্ভত নেলছনে কয়, "মহাকাশ উৰণ বিপদজনক, আনকি ইয়াৰ আটাইতকৈ নিৰাপদ আৰু নিখুঁত সময়তো । পৰীক্ষামূলক বিমান সম্পূর্ণ নিৰাপদ বুলি গণ্য কৰিব নোৱাৰি ৷

তেওঁ কয় যে বাচ্চ আৰু সুনীতাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ৰাখি বয়িং ষ্টাৰলাইনাৰখনক ক্ৰু অবিহনে ঘূৰাই দিয়াৰ সিদ্ধান্ত তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ ফল ।

নেলচনে কয় যে আমি ষ্টাৰলাইনাৰৰ ডিজাইন উন্নত কৰিব বিচাৰো আৰু ইয়াত থকা বিজুতিৰ মূল কাৰণসমূহ বুজিব বিচাৰো । ইয়াৰ জৰিয়তে বয়িং ষ্টাৰলাইনাৰ আমাৰ ক্ৰুৰ গুৰুত্বপূৰ্ণ অংশ হৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাব পাৰিব ।

লগতে পঢ়ক: মহাকাশত স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন সুনীতা উইলিয়ামছ - NASA