শিক্ষা ৰবট পল’ উদ্ভাৱনৰে চমক অসমীয়া যুৱকৰ; আমন্ত্ৰণ লাভ কৰিলে বিদেশলৈও
শিক্ষাৰ্থীৰ বাবে আহি আছে পল’ ৰবট ৷ কি এই পল’ ৰবট-জানক ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসে গ্ৰহণ কৰা এই বিশেষ সাক্ষাৎকাৰটিৰ জৰিয়তে৷

Published : August 9, 2025 at 5:25 PM IST
তেজপুৰ, 9 আগষ্ট: এই যুগ তথ্য-প্ৰযুক্তিৰ যুগ ৷ প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশৰ সময়ত বিভিন্ন কাম বৰ্তমানে সহজ হৈ পৰা পৰিলক্ষিত হৈছে ৷ আনকি বিদ্যায়তনিক ক্ষেত্ৰতো বহুলভাৱে ব্যৱহৃত হৈছে প্ৰযুক্তি; যিয়ে সহজ কৰি তুলিছে শিক্ষাগ্ৰহণ ৷ বৰ্তমান শিক্ষক অবিহনেও শিক্ষাৰ্থীয়ে পাঠ গ্ৰহণ কৰাটো সম্ভৱ হৈ পৰিছে ৷ ক্লাউড পদ্ধতি বা জুম বা গুগল মীটৰ জৰিয়তে এয়া সম্ভৱ হৈ উঠিছে ।
এই কৃত্ৰিম বুদ্ধিমত্তা ক্ষেত্ৰখনলৈ সময়ে সময়ে বিভিন্ন সৰু-বৰ বৰঙণি আগবঢ়াই আহিছে উদ্ভাৱনী চিন্তাৰে পুষ্ট একাংশ অসমীয়াই ৷ মৌলিক চিন্তা খটুৱাই আন এগৰাকী অসমীয়াই বিকশিত কৰি উলিয়াইছে এক ৰবট সদৃশ এপ যি কম্পিউটাৰ বা মণিটৰ ব্যৱহাৰ নোহোৱাকৈ উপলব্ধ হ’ব । অসমৰ তেজপুৰৰ নিবাসী শ্লোক খোচলাই প্ৰস্তুত কৰি উলিয়াইছে শিক্ষায়তনিক ক্ষেত্ৰৰ সৈতে জড়িত এই ৰবটটো । শ্লোক তেজপুৰৰ হেমানন্দ খোছলা আৰু বন্দনা খোছলাৰ পুত্ৰ ৷ এই ৰবটে ছাত্র-ছাত্ৰীক শ্ৰেণী কোঠাত অধ্যয়ন গ্ৰহণৰ সময়ত সহায়ক হ’ব ।
সুখবৰ যে, কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰা বাবে জাপানলৈ আমন্ত্ৰণ জনোৱা হৈছে অসমৰ এই শ্লোকক । কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে তেজপুৰৰ শ্লোক খোচলাই তৈয়াৰ কৰি উলিওৱা ৰবটটোৰ নাম polo আৰু ইয়াৰ জৰিয়তে মোবাইল ফোনৰ দ্বাৰা শ্ৰেণী কোঠাত শিক্ষকৰ অবিহনে পাঠ দান কৰিব পৰা যাব বুলি শ্লোকে দাবী কৰিছে । শ্লোকে লগতে জনায়, "ৰিম’টৰ জৰিয়তে ই শিক্ষক অবিহনেও সক্ষম হ’ব । শিক্ষকৰ অভাৱৰ বাবে ছাত্র-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰাৰ বাবে শ্ৰেণীকোঠাত অসুবিধাৰ সন্মুখীন হ’ব নালাগে । বৰ্তমান সময় কৃত্ৰিম বুদ্ধিমত্তা; সেই বুদ্ধিমত্তাৰ প্ৰয়োগ কৰি কোনো পৰিস্থিতিত যদি শিক্ষকগৰাকী শ্ৰেণীকোঠালৈ আহিব নোৱাৰে তেতিয়া শিক্ষকগৰাকীয়ে যিকোনো স্থানৰ পৰাই এই এপৰ জৰিয়তে সেই শ্ৰেণীকোঠাত Polo এপৰ ৰবটত শিক্ষকে দিয়া পাঠ গ্ৰহণ কৰিব পাৰিব ।" এই এপৰ বাবে শ্লোক খোচলাই প্ৰায় দুই মাহজোৰা গৱেষণা চলাই পৰৱৰ্তী সময়ত ছয় মাহ পৰ্যন্ত নেৰানেপেৰাকৈ এই কামৰ সৈতে জড়িত হৈ পৰে আৰু ৰবটটো সম্পূৰ্ণ কৰিলে । বৰ্তমানলৈকে প্ৰায় 1.5 লাখ টকাৰ খৰছ কৰি এয়া প্ৰস্তুত কৰি উলিয়াইছে বুলি জানিবলৈ দিয়ে । ছাত্র ছাত্ৰীৰ যি কোনো প্ৰশ্নৰ উত্তৰ ইয়াৰ দ্বাৰা সঠিককৈ লাভ কৰিব বুলিও শ্লোকে দাবী কৰে ।

কেনেকৈ প্ৰস্তুত হ’ল এই এপটো
শ্লোক খোচলাই কয়, "এই এপ প্ৰথমে মই মোৰ নিজৰ বাবে প্ৰস্তুত কৰিছিলো ৷ তেতিয়া মই ভবা নাছিলো যে ই আনৰো সহায়ক হ’ব ৷ পৰৱৰ্তী সময়ত অধ্যয়ন কৰি গম পালো ই সকলোৰে বাবে সহায় হ’ব । ইয়াক শ্ৰেণীকোঠাত ৰাখিব পৰা যাব ৷ ইয়াৰ উচ্চতা হৈছে প্ৰায় 4 ফুট । এই ৰবটৰ প্ৰস্তুতৰ পিছতে শ্লোকে কাৰিকৰী বিভাগত জাপানৰ টকিঅ'ত ইণ্টাৰশ্বিপৰ বাবে সুযোগ লাভ কৰিছে । অহা অক্টোবৰ মাহৰ শেষৰ পৰা ডিচেম্বৰলৈ জাপানত বিশেষভাৱে কাম কৰাৰ সুযোগ লাভ কৰা বুলি জানিবলৈ দিয়ে ।"
তদুপৰি উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থী শ্লোকে উল্লেখ কৰিছে যে এই বিশেষ ৰবটে শৈক্ষিক ক্ষেত্ৰৰ বাহিৰেও আন কেতবোৰ ক্ষেত্ৰতো সেৱা আগবঢ়াব পাৰিব । মন কৰিবলগীয়া যে, এই শিক্ষামূলক ৰবটটো উদ্ভাৱন কৰাৰ পিছত ইণ্টাৰনেটৰ সহায়ত এই দিশত অধ্যয়ন আৰু গৱেষণা কৰি এই বিষয়টো সন্দৰ্ভত বিশ্বৰ বিভিন্ন দেশৰ সৈতে সংযোগ স্থাপন কৰে । এই আধাৰত আয়োজন কৰা পৰীক্ষাত এই উদ্ভাৱনৰ জৰিয়তে শ্লোকে বিশ্বৰ শীৰ্ষ দহৰ ভিতৰত স্থান দখল কৰি ইন্টাৰশ্বিপৰ জৰিয়তে জাপানলৈ যোৱাৰ সুযোগ লাভ কৰে (METI Japan Internship) ।
ভৱিষ্যৎ পৰিকল্পনা
শ্লোকে উল্লেখ কৰে যে এই সফলতাৰ কাৰণ এইটোৱেই যে তেওঁ সৰুৰে পৰা ৰবটিক্সৰ ক্ষেত্ৰখনৰ প্ৰতি এক প্ৰবল আকৰ্ষণ অনুভৱ কৰি আহিছিল আৰু পিছলৈ এই দিশত কাম কৰিছিল । পিতৃ-মাতৃয়ে এই বিষয়ে তেওঁক যথেষ্ট অনুপ্ৰাণিত কৰিছিল যাৰ বাবে তেওঁ কাম কৰাৰ উৎসাহ লাভ কৰিছিল । বিগত সময়ত গৱেষণা আৰু অধ্যয়ন চলোৱাৰ পিছত শ্লোকে ছফট্ ৱেৰ আৰু এপ্লিকেচন বিকশিত কৰি হাৰ্ডৱেৰলৈ ৰূপান্তৰিত কৰিছে আৰু লগতে কয় যে অতি সোনকালে ইয়াৰ কাৰ্যক্ষমতা সম্পূৰ্ণ হ’ব । তেওঁ লগতে কয় যে পল’ক কেৱল শৈক্ষিক প্ৰেক্ষাপটতে নহয়, ঘৰুৱা সুৰক্ষাকে ধৰি আন কেইবা ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পৰা যাব । তেওঁ উল্লেখ কৰিছে যে পল’ৱে যিকোনো বিষয়ৰ প্ৰশ্নৰ উত্তৰ তৎকালীনভাৱে দিবলৈ সক্ষম, লগতে কথাবোৰ বুজাবলৈ সক্ষম আৰু লগতে এজন ব্যক্তিৰ সৈতে মুখামুখিকৈ স্বাভাৱিকতে কথা-বতৰা পাতিব পাৰিব ।

এই বিশেষ ৰবটৰ মুখমণ্ডলত এটা কেমেৰা সংস্থাপন কৰা হ’ব আৰু ইয়াৰ দৃশ্যমান বুকুত অৰ্থাৎ ৰবটটোৰ মাজভাগত কম্পিউটাৰৰ দৰে লেখা বা তথ্য উপলব্ধ হ’ব বুলি জানিবলৈ দিয়ে ।শ্লোকে পৰৱৰ্তী সময়ত নিজাকৈ এটা ছফ্টৱেৰ কোম্পানী প্ৰস্তুত কৰাৰ পৰিকল্পনা হাতত লৈছে ইতিমধ্যে ইয়াৰ কাম আৰম্ভ কৰিছে । ইয়াৰ নাম ৰাখিছে এথেৰ্ণভা টেকন’ল’জি প্ৰাইভেট লিমিটেড ( Aethernova technologies Pvt Ltd )।
লগতে পঢ়ক

