ETV Bharat / technology

লাডাখত মুকলি এছিয়াৰ সৰ্বোচ্চ টেলিস্কোপ

Imaging Cherenkov Telescope: 4300 মিটাৰ উচ্চতাত অৱস্থিত এই টেলিস্কোপটো মুম্বাইস্থিত ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰই স্থানীয়ভাৱে নিৰ্মাণ কৰিছে ।

Etv Bharat
লাডাখত মুকলি এছিয়াৰ সৰ্বোচ্চ টেলিস্কোপ (@DAEIndia)
author img

By ETV Bharat Assamese Team

Published : October 9, 2024 at 2:52 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 9 অক্টোবৰ: লাডাখৰ হানলেত এছিয়াৰ সৰ্ববৃহৎ ইমেজিং চেৰেংকভ টেলিস্কোপ মেজৰ এটমছফেৰিক চেৰেংকভ এক্সপেৰিমেণ্ট (MACE) উদ্বোধন কৰা হয় । 4 অক্টোবৰৰ দিনা পাৰমাণৱিক শক্তি বিভাগৰ সচিব আৰু পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষ ড° অজিত কুমাৰ মোহান্তীয়ে ইয়াক উদ্বোধন কৰে, যাৰ জৰিয়তে বৈজ্ঞানিক গৱেষণাক প্ৰসাৰিত কৰাৰ কাম কৰা হৈছে ।

4300 মিটাৰ উচ্চতাত অৱস্থিত এই টেলিস্কোপ বিশ্বৰ সৰ্বোচ্চ দূৰবীণ । ইলেক্ট্ৰনিকছ কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড (ইচিআইএল) আৰু অন্যান্য ভাৰতীয় উদ্যোগ অংশীদাৰৰ সহযোগত মুম্বাইস্থিত ভাভা এটমিক ৰিচাৰ্চ চেণ্টাৰ (BARC)ৰ উদ্যোগত স্থানীয়ভাৱে নিৰ্মাণ কৰা হৈছে এই টেলিস্কোপটো । পাৰমাণৱিক শক্তি বিভাগৰ (ডি এ ই) 70 বছৰীয়া জয়ন্তী উদযাপনৰ অংশ হিচাপে ইয়াক উদ্বোধন কৰা হৈছে ৷ MACE মানৱ নিৰীক্ষণ কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত ইয়াক মুকলি কৰা হয় ।

এটমছফেৰিক চেৰেংকভ এক্সপেৰিমেণ্ট টেলিস্কোপ উন্মোচন কৰে ড° অজিত কুমাৰ মোহান্তীয়ে আৰু দলটোৰ কামৰ প্ৰশংসা কৰে । ড° অজিত কুমাৰ মোহান্তীয়ে এই সন্দৰ্ভত কয়, "মেজৰ এটম'স্ফেৰিক চেৰেনকভ এক্সপেৰিমেণ্ট টেলিস্কোপ ভাৰতৰ বাবে এক ঐতিহাসিক কৃতিত্ব । ই দেশখনক মহাজাগতিক ৰশ্মিৰ গৱেষণাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ হিচাপে গঢ়ি তুলিব । ইয়াৰ দ্বাৰা বিজ্ঞানীসকলে উচ্চ শক্তিৰ গামা ৰশ্মি অধ্যয়ন কৰিবলৈও সক্ষম হ'ব ।"

বৃহৎ বায়ুমণ্ডলীয় চেৰেংকভ পৰীক্ষা প্ৰকল্পই কেৱল বৈজ্ঞানিক গৱেষণাৰ বিকাশতেই নহয়, লাডাখৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশতো উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি পাৰমাণৱিক শক্তি বিভাগৰ সচিব আৰু পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষ ড° অজিত কুমাৰ মোহান্তীয়ে আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক: অভিলেখ সৃষ্টিকাৰী ৰকেটৰ ওপৰৰ অংশ পুনৰ ঘূৰি আহিছে পৃথিৱীলৈ : ইছৰো

ঘূৰ্ণী বতাহৰ বাবে নাছাই পিছুৱালে ইউৰোপা ক্লিপাৰ অভিযান; আমেৰিকালৈ সৰ্তকবাণী

বিশ্ব মহাকাশ সপ্তাহ কি ? - World Space Week 2024