ETV Bharat / technology

ভাৰতত মুকলি হ’ল ডিপছিকতকৈও অধিক শক্তিশালী AI কম্পিউট পৰ্টেল

বৃহস্পতিবাৰে নতুন দিল্লীত মুকলি কৰা হয় AI কম্পিউট পৰ্টেল ৷ কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মুকলি কৰে এই পৰ্টেলৰ ৷

ashwini-vaishnaw-launches-indiaai-compute-portal-dataset-platform-aikosha-other-initiatives
ভাৰতত মুকলি হ’ল ডিপছিকতকৈও অধিক শক্তিশালী AI কম্পিউট পৰ্টেল (ANI)
author img

By ETV Bharat Tech Team

Published : March 8, 2025 at 11:07 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে নতুন দিল্লীত AI কম্পিউট পৰ্টেল মুকলি কৰে । গৱেষক, ষ্টাৰ্টআপ আৰু চৰকাৰী সংস্থাসমূহৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰূপায়ণৰ বাবে উন্নত গ্ৰাফিক্স প্ৰচেছিং ইউনিট (জিপিইউ)কে ধৰি উচ্চ-কাৰ্যক্ষম কম্পিউটিং সম্পদসমূহৰ প্ৰৱেশ প্ৰদান কৰিবলৈ এই প্লেটফৰ্ম ডিজাইন কৰা হৈছে । ইয়াৰ দ্বাৰা ভাৰতৰ এ আই পৰিৱেশ তন্ত্ৰৰ বিকাশত সহায়ক হ’ব । ইয়াৰ লগতে এটা ডাটাছেট প্লেটফৰ্ম AIKoshaও মুকলি কৰা হয় ।

AI অভিযানৰ বাবে অনুমোদন 10 হাজাৰ কোটি টকা

ANI ৰ প্রতিবেদন অনুসৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে এ আই মডেলৰ বিকাশৰ বাবে আবেদন লাভ কৰা হৈছে আৰু সম্প্ৰতি পুনৰীক্ষণৰ কাম চলি আছে ৷ উল্লেখ্য যে, যোৱা বছৰ অৰ্থাৎ 2024 চনত ভাৰত চৰকাৰে ভাৰত এ আই মিছনৰ অধীনত দেশৰ এ আই ক্ষমতা বৃদ্ধিৰ বাবে 10,300 কোটি টকা আবণ্টন দিছিল । এটা সুস্থিৰ যোগান শৃংখল নিশ্চিত কৰিবলৈ চৰকাৰে 10 টা কোম্পানীক জিপিইউ প্ৰদানৰ বাবে নিয়োগ কৰিছে । ইয়াৰ ফলত আমদানিকৃত প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব । চৰকাৰে অহা 3ৰ পৰা 5 বছৰত থলুৱা জিপিইউ বিকশিত কৰাৰ পৰিকল্পনা কৰিছে । ইয়াক আন দেশতকৈ কম খৰচত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে ।

ডিপচিকতকৈ 9 গুণ অধিক শক্তিশালী

এই প্ৰকল্পৰ এটা গুৰুত্বপূৰ্ণ অংশ হ’ল 18,693 টা জিপিইউৰ সৈতে এটা শ্বেয়াৰড কম্পিউটিং সুবিধা প্ৰদান কৰা, যিটো বিশ্বৰ অন্যতম বৃহৎ এ আই কম্পিউটিং আন্তঃগাঁথনি হ’ব । এই ক্ষমতা চীনৰ এ আই মডেল ডিপচিকৰ কম্পিউটিং শক্তিৰ প্ৰায় 9 গুণ অধিক আৰু চেটজিপিটিৰ কম্পিউটিং শক্তিৰ দুই তৃতীয়াংশ হ’ব ।

10,000 জিপিইউ মুকলি কৰা হৈছে

ভাৰত চৰকাৰে এ আই কম্পিউট পৰ্টেলত 10 হাজাৰ জিপিইউ (গ্ৰাফিক্স প্ৰচেছিং ইউনিট) মুকলি কৰিছে । ভৱিষ্যতে এই সংখ্যা বৃদ্ধি পাব পাৰে । এই আন্তঃগাঁথনি সৃষ্টিৰ লক্ষ্য হৈছে ভাৰতৰ বিভিন্ন ভাষা আৰু সংস্কৃতি অনুসৰি এ আই প্ৰযুক্তি বিকাশত সহায় কৰা । সঠিক তথ্য প্ৰদান কৰিবলৈ AI ৰ বাবে GPUs অতি গুৰুত্বপূৰ্ণ ।

ইয়াৰ সমান্তৰালভাৱে ভাৰতে অৰ্ধপৰিবাহী নিৰ্মাণ খণ্ডও সম্প্ৰসাৰণ কৰি আছে । বৰ্তমান দেশত পাঁচটা অৰ্ধপৰিবাহী উদ্যোগ নিৰ্মাণৰ কাম চলি আছে । এই প্ৰচেষ্টাসমূহে ভাৰতৰ ইলেক্ট্ৰনিকছ উদ্যোগত অৰিহণা যোগাব আৰু এ আই বিকাশত সহায় কৰিব বুলি আশা কৰা হৈছে ।

আইকোস

‘AIKosh’ হৈছে এটা অল-ইন-ৱান ডাটাছেট প্লেটফৰ্ম যিয়ে উচ্চমানৰ ডাটা প্ৰদান কৰিব পাৰে । ই এ আই মডেল প্ৰস্তুত কৰা ডেভেল’পাৰসকলক ভাৰতকেন্দ্ৰিক এ আই মডেল প্ৰস্তুত কৰাত সহায় কৰিব । এই প্লেটফৰ্মে সঁজুলি, সম্পদ আৰু বিশেষজ্ঞৰ নিৰ্দেশনা প্ৰদান কৰিব, যাতে নতুন কাৰিকৰী সুযোগসমূহ ব্যৱসায়িক সুযোগলৈ ৰূপান্তৰিত কৰিব পৰা যায় ।

লগতে পঢ়ক