হায়দৰাবাদ: আজি এপ্ৰিল মাহৰ প্ৰথম পূৰ্ণিমা, পৰম্পৰাগতভাৱে এই দিনটো ‘গোলাপী চন্দ্ৰ’ নামেৰে জনাজাত । চলিত বৰ্ষৰ 12 এপ্ৰিল অৰ্থাৎ আজিৰ দিনটোতে হ’ব এই গোলাপী চন্দ্ৰ । চন্দ্ৰৰ পোহৰেৰে আকাশখন আলোকিত হৈ পৰিব আজি । এই জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাটো কেৱল চাবলৈ সুন্দৰেই নহয়, ইয়াৰ সাংস্কৃতিক আৰু আধ্যাত্মিক তাৎপৰ্যও আছে । দেওবাৰৰ পুৱাৰ ভাগত এই জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাই শীৰ্ষবিন্দুত উপনীত হ’ব । উল্লেখযোগ্য যে, মানুহে নিজৰ ঘৰ, বেলকনি আৰু ছাদৰ পৰা এই আকাশী পৰিঘটনা চাব পাৰিব ।
কি এই গোলাপী চন্দ্ৰ ?
বসন্তৰ প্ৰথম পূৰ্ণিমাক গোলাপী চন্দ্ৰ বুলি কোৱা হয় । এই সপ্তাহৰ শেষৰ ফালে হ’বলগীয়া গোলাপী চন্দ্ৰটোও ‘মাইক্ৰ’মুন’, কিয়নো ইয়াৰ সাধাৰণ আকাৰতকৈ ইয়াক সৰু দেখা যাব । কাৰণ ই পৃথিৱীৰ পৰা আটাইতকৈ দূৰৈৰ বিন্দুত থাকিব, যিটোক এপ’জী বুলি জনা যায় ।
পিংক মুন নামটো শুনিবলৈ এনেকুৱা লাগে যেন চন্দ্ৰই নিজৰ ৰং সলনি কৰিব আৰু ইয়াৰ ৰং গোলাপী হৈ পৰিব । অৱশ্যে এই ধাৰণা সঁচা নহয় ৷ ‘গোলাপী চন্দ্ৰ’ নামৰ উৎপত্তি উত্তৰ আমেৰিকাত বসন্ত কালত ফুলি উঠা এবিধ গোলাপী বনৰীয়া ফুল (মছ ফ্ল’ক্স)ৰ সৈতে জড়িত । এই ফুলবোৰ এপ্ৰিল মাহৰ আৰম্ভণিতে, পূৰ্ণিমাৰ সময়ৰ আশে-পাশে ফুলে । এই কাৰণেই এই পূৰ্ণিমাক ‘গোলাপী চন্দ্ৰ’ বুলি কোৱা হয় ।
পিংক মুন 2025: কেতিয়া চাব লাগে
timeanddate.com ৰ তথ্য অনুসৰি ভাৰতত 13 এপ্ৰিল, 2025 তাৰিখ দেওবাৰে পুৱা 5.52 বজাত এই অনন্য আকাশী পৰিঘটনাৰ সাক্ষী হ’ব । ইচ্ছুক লোকে ৱেবছাইটটো চাব পাৰে আৰু নিজৰ অঞ্চলতো চাব পাৰে । গোলাপী চন্দ্ৰ সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে চাব পাৰে ।
পিংক মুন 2025: শ্ৰেষ্ঠ দৰ্শন স্থান
গোলাপী চন্দ্ৰ চোৱাৰ সম্পূৰ্ণ অভিজ্ঞতা পাবলৈ হ’লে উপযুক্ত স্থানত থাকিব লাগিব । এই বিশেষ পৰিঘটনা কেনেকৈ প্ৰত্যক্ষ কৰিব সেয়া জানক---
- নগৰাঞ্চলত: ওখ অট্টালিকা বা পূবৰ আকাশৰ স্পষ্ট দৃশ্য থকা মুকলি ছাদৰ পৰা চাব পাৰে ।
- গ্ৰামাঞ্চলত: যদি আপুনি গ্ৰাম্য অঞ্চলত থাকে, তেন্তে এই আকাশী পৰিঘটনাটোৰ সাক্ষী সুন্দৰকৈ হ’ব পাৰিব, কিয়নো গাঁও অঞ্চলত প্ৰদূষণ কম ৷ যাৰ ফলত আকাশ স্পষ্ট ।
- উপকূলীয় দৃশ্য: বিল বা শিলাময় অঞ্চলত এই সময় প্ৰত্যক্ষ কৰাটো সৰ্বোত্তম স্থান ।
লগতে পঢ়ক