Apple AI Doctor: আইফোনৰ পৰা ঘড়ীলৈকে সকলোতে উপলব্ধ এই বৈশিষ্ট্য
এপলে নিজৰ Health app ৰ নতুন সংস্কৰণৰ বাবে কাম কৰি আছে, যিয়ে AI ৰ সহায়ত ব্যৱহাৰকাৰীৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন ল’ব ।

Published : March 31, 2025 at 1:14 PM IST
হায়দৰাবাদ: বিশ্বৰ প্ৰতিটো প্ৰান্ততে বৃদ্ধি হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) গুৰুত্ব, প্ৰয়োজনীয়তা । বিশ্বৰ অন্যতম বৃহৎ টেক কোম্পানী এপলেও AI ৰ সহায়ত নিজৰ সেৱা আৰু সামগ্ৰীক উদ্ভাৱনীমূলক কৰি তোলাৰ কামত অহৰহ নিয়োজিত হৈ আছে । শেহতীয়াকৈ জানিব পৰা গৈছে যে এপলে নিজৰ স্বাস্থ্য সম্বন্ধীয় এপটোক নতুন ৰূপ দিয়াৰ বাবে কাম কৰি আছে, য’ত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত হেল্থ কোচিং ফিচাৰ সংযোজন কৰা হৈছে ।
এপলৰ এই নতুন প্ৰকল্পটোক ‘প্ৰজেক্ট মালবেৰী’ নামেৰে জনা গৈছে । এই বিশেষ প্ৰকল্পটো বৰ্তমানেও পৰীক্ষণ পৰ্যায়ত আছে । ইয়াত আছে এআই চালিত কোচ, যিয়ে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ স্বাস্থ্য সন্দৰ্ভত উন্নত পৰামৰ্শ আগবঢ়াব ।
এপল হেল্থ এপৰ নতুন সংস্কৰণ
বৰ্তমান আইফোন আৰু এপল ৱাটচৰ দৰে এপলৰ ডিভাইচে তেওঁলোকৰ ব্যৱহাৰকাৰীৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য যেনে হৃদস্পন্দন, তেজৰ অক্সিজেন আৰু কেল’ৰি বাৰ্ণ আদি অনুসৰণ কৰে আৰু ব্যৱহাৰকাৰীক জনায় । এতিয়ালৈকে এপল ৱাটচে কেৱল নিজৰ ব্যৱহাৰকাৰীৰ এই স্বাস্থ্য সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি আহিছে যদিও এতিয়া এপলে নিজৰ হেল্থ এপৰ নতুন সংস্কৰণ প্ৰস্তুত কৰিছে, য’ত এ আই এজেণ্ট আৰু এল এল এম ব্যৱহাৰ কৰা হ’ব । ব্যৱহাৰকাৰীসকলৰ তথ্য অনুসৰণ কৰাৰ পিছত এআই এজেণ্ট আৰু এল এল এম-এ তেওঁলোকক বুজিব আৰু সেই অনুসৰি তেওঁলোকৰ ব্যৱহাৰকাৰীসকলক স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ আগবঢ়াব । ব্লুমবাৰ্গৰ মাৰ্ক গুৰমেনৰ মতে এপলৰ এই নতুন সেৱা হেল্থ+ নামেৰে জনাজাত হ’ব ।
এই নতুন AI কোচক এপলৰ হেল্থ এপত অন্তৰ্ভুক্ত কৰাৰ মূল উদ্দেশ্য হ’ল ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ চিকিৎসা সঁজুলিৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত পৰামৰ্শ দিয়া হ’ব । প্ৰতিবেদন অনুসৰি এপলৰ এই নতুন সেৱাত ফুড ট্ৰেকিং ফিচাৰো অন্তৰ্ভুক্ত হ’ব পাৰে । বৰ্তমান এপলৰ এই এআই কোচজনক ষ্টাফ ফিজিচিয়ানে প্ৰশিক্ষণ দি আছে । ইয়াৰ বাবে এপলে অতিৰিক্ত চিকিৎসককো অন্তৰ্ভুক্ত কৰাৰ কথা চিন্তা কৰিছে, যাতে তেওঁলোকৰ জৰিয়তে স্বাস্থ্য সম্পৰ্কীয় অধিক ভিডিঅ’ ৰেকৰ্ডিং কৰিব পৰা যায় ।
লগতে পঢ়ক

