ETV Bharat / technology

2 ছেপ্টেম্বৰৰ দিনা দেশত এপলে মুকলি কৰিব - এপল হেব্বাল

টেক জায়াণ্ট এপলে দেশত তৃতীয়টো অফিচিয়েল ষ্ট’ৰ মুকলি কৰিবলৈ আগবাঢ়িছে ৷ অহা 2 ছেপ্টেম্বৰত বেংগালুৰুত মুকলি হ’ব এই ষ্ট’ৰখন ৷ বিতংকৈ জানো আহক ---

apple-to-open-third-india-store-in-bengaluru-on-september-2-check-location-design-other-details
2 ছেপ্টেম্বৰৰ দিনা দেশত এপলে মুকলি কৰিব - এপল হেব্বাল (Apple)
author img

By ETV Bharat Tech Team

Published : August 22, 2025 at 5:03 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: আইফোন নিৰ্মাতা কোম্পানী এপলে অহা 2 ছেপ্টেম্বৰত বেংগালুৰুত তৃতীয়টো অফিচিয়েল ষ্ট’ৰ এপল হেব্বাল মুকলি কৰি ভাৰতত নিজৰ স্থিতি শক্তিশালী কৰিবলৈ সাজু হৈছে । বহু প্ৰত্যাশিত আইফোন 17 ছিৰিজৰ আত্মপ্ৰকাশৰ মাত্ৰ কেইদিনমান পূৰ্বে এই নতুন ষ্ট’ৰখন মুকলি কৰা হ’ব ৷ মুম্বাইৰ এপল বিকেচি আৰু নতুন দিল্লীৰ এপল ছাকেটৰ পাচত এইখন কোম্পানীটোৰ হ’ব পৰৱৰ্তী ষ্ট’ৰ ।

এপল ইণ্ডিয়াৰ ৱেবছাইট অনুসৰি এপল হেব্বাল বেংগালুৰুৰ ব্যাতৰায়নপুৰাৰ বেলাৰী ৰোডৰ ফিনিক্স মল অৱ এছিয়াত মুকলি কৰা হ’ব । বৃহস্পতিবাৰৰ পুৱা মুকলি হ’বলগীয়া ষ্ট’ৰৰ বেৰিকেডত ময়ূৰৰ পাখিৰে সজীৱ শিল্পকৰ্ম কৰা হৈছে ৷ উল্লেখ্য যে ময়ূৰ ভাৰতৰ জাতীয় চৰাই ।

মুকলিৰ পূৰ্বে এপলে হেব্বল থিমযুক্ত ৱালপেপাৰ আৰু বেংগালুৰুৰ পৰা অনুপ্ৰাণিত এপল মিউজিক প্লেলিষ্টো মুকলি কৰিছে, যিটো ইয়াৰ অফিচিয়েল ৱেবছাইটত ডাউনলোড কৰিব পৰা যাব ।

এপল হেব্বলৰ বিষয়ে সৱিশেষ তথ্য

নতুন ষ্ট’ৰখনে আগুৰি আছে 8000 বৰ্গফুট উল্লেখ্য যে, এপলে বেংগালুৰুত ষ্ট’ৰ মুকলিৰ জৰিয়তে ভাৰতত ব্যৱসায় অধিক সম্প্ৰসাৰণৰ কৰিব বিচাৰিছে । কোম্পানীটোৱে সমগ্ৰ বেংগালুৰু, পুনে, দিল্লী-এনচিআৰ আৰু মুম্বাইত চাৰিখন নতুন ষ্ট’ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে । এপলে বেংগালুৰুত মুকলি কৰাৰ কথা নিশ্চিত কৰিছে যদিও আন আউটলেটসমূহৰ বাবে এতিয়াও সময়সীমা ঘোষণা কৰা নাই ।

বাতৰি অনুসৰি এপলে মুম্বাইৰ বৰিভালিৰ অবেৰয় স্কাই চিটি মলত স্থান লিজত লৈছে, যিটো চহৰখনৰ কোম্পানীটোৰ দ্বিতীয়টো ষ্ট’ৰ হোৱাৰ সম্ভাৱনা আছে ।

ইফালে, ডাটা এনালাইটিক্স ফাৰ্ম প্ৰপষ্টেকৰ তথ্য অনুসৰি এপল ইণ্ডিয়াই বাংগালুৰুত প্ৰায় 2.7 লাখ বৰ্গফুট কাৰ্যালয় স্থান 10 বছৰৰ বাবে লিজত লৈছে আৰু ইয়াৰ আৰম্ভণিৰ মাহিলী ভাড়া 6.3 কোটি টকা । ৰিয়েল এষ্টেট প্ৰতিষ্ঠান এম্বেচি গ্ৰুপৰ পৰা লিজত গাড়ী পাৰ্কিং স্থানকে ধৰি একাধিক মহলা গ্ৰহণ কৰিছে কোম্পানীটোৱে ।

এই লিজিং লেনদেনৰ পঞ্জীয়ন নথি পৰ্যালোচনা কৰা প্ৰপষ্টেকৰ মতে, আইফোন নিৰ্মাতা কোম্পানীটোৱে 10 বছৰৰ ভিতৰত 1000 কোটি টকাতকৈ অধিক ভাড়া, গাড়ী পাৰ্কিং আৰু মেইণ্টেনেন্স চাৰ্জ দিব লাগিব বুলি ধাৰণা কৰা হৈছে ।

2025 চনৰ 3 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ 120 মাহ বা 10 বছৰৰ বাবে এই পট্টাত স্বাক্ষৰ কৰা হৈছে । উল্লেখ কৰা প্ৰয়োজন যে ভাৰতৰ পৰা মোবাইল ফোন ৰপ্তানি কৰা কোম্পানী এপলে 2024-25 বিত্তীয় বৰ্ষত প্ৰায় 1.5 লাখ কোটি টকাৰ আইফোন ৰপ্তানি কৰিছিল ।

লগতে পঢ়ক