ETV Bharat / technology

AI ৰ বাবে এবছৰ পৰ্যন্ত পিছুৱাই দিয়া হ’ল উন্নীতকৃত চিৰিৰ মুকলিৰ সময়

উন্নীতকৰণ কৰা হৈছে এপলৰ ভইচ এচিষ্টেণ্ট চিৰি । কিন্তু কোম্পানীয়ে ইয়াৰ মুকলিৰ তাৰিখ 2026 লৈ পিছুৱাইছে । ইয়াৰ আঁৰৰ কাৰণ জানক ...

apple-delays-release-of-its-smarter-and-more-intelligent-siri-until-2026
AI ৰ বাবে এবছৰ পৰ্যন্ত পিছুৱাই দিয়া হ’ল উন্নীতকৃত চিৰিৰ মুকলিৰ সময় (Apple)
author img

By ETV Bharat Tech Team

Published : March 10, 2025 at 2:22 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: এপলৰ ভইচ এচিষ্টেণ্ট চিৰিৰ নতুন সংস্কৰণ চলিত বৰ্ষৰ পৰিৱৰ্তে অহা বছৰ অৰ্থাৎ 2026 চনত মুকলি হ’ব পাৰে । শুকুৰবাৰে কোম্পানীটোৰ মুখপাত্ৰ জেকলিন ৰয়ে জনাইছে যে ইয়াৰ মুকলিৰ দিন এবছৰ পৰ্যন্ত পিছুৱাই দিয়া হৈছে । এপলে কৈছিল যে চলিত বৰ্ষৰ এপ্ৰিলৰ ভিতৰত নতুন শক্তিশালী চিৰি মুকলি কৰিব । Siri ৰ নতুন সংস্কৰণত আগৰ তুলনাত AI চালিত ব্যক্তিগতকৰণৰ উন্নতি সাধন কৰা হ’ব । যাৰ বাবে নতুন সংস্কৰণৰ সৈতে দৈনন্দিন জীৱন আৰু সহজ হৈ পৰিব । কিন্তু কোম্পানীয়ে এতিয়া মুক্তিৰ তাৰিখ পিছুৱাইছে বুলি জানিবলৈ দিছে ।

21 ফেব্ৰুৱাৰীত এপলে এক আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি কয় যে তেওঁলোকে নিজৰ ব্যক্তিগত চোৰাংচোৱা ব্যৱস্থা অধিক ভাষা আৰু অঞ্চললৈ সম্প্ৰসাৰিত কৰিছে । ইয়াৰ ফলত চিৰি আৰু অধিক শক্তিশালী হ’ব । প্ৰত্যাশিত চিৰিৰ অগ্ৰগতি সন্দৰ্ভত কোম্পানীটোৰ মুখপাত্ৰ জেকলিন ৰয়ে কয়, "এইটোৱে আশা কৰাতকৈ বেছি সময় লৈছে । আমি অহা বছৰ এইবোৰ মুকলি কৰিব পাৰিম বুলি আশা কৰিছো ।"

পলম হোৱাৰ কাৰণ

শেহতীয়াকৈ ছফটৱেৰৰ মুৰব্বী ক্ৰেগ ফেডেৰিঘি আৰু অন্যান্য বিষয়াসকলে ব্যক্তিগতভাৱে নতুন চিৰি পৰীক্ষা কৰি দেখিছে যে আপডেট কৰা চিৰিৰ বৈশিষ্ট্যসমূহে সঠিকভাৱে কাম কৰা নাই । গতিকে অহা বছৰ অৰ্থাৎ 2026 চনত পৰৱৰ্তী প্ৰজন্মৰ চিৰি আহিব বুলি এপলৰ AI বিভাগৰ বিষয়াসকলে জনায় । আনহাতে এই পৰিস্থিতিয়ে এপলৰ দৰে আগশাৰীৰ টেক জায়াণ্টৰ সমুখত এক লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে । এইটোৱেই কোম্পানীটোৱে কৃত্ৰিম বুদ্ধিমত্তা খণ্ড অধিক উন্নতকৰণৰ বাবে যুঁজি যেন প্ৰতীয়মান কৰিছে ।

এপলে প্ৰথমে এই বৈশিষ্ট্যসমূহ চলিত বৰ্ষৰ এপ্ৰিল মাহত মুকলি হ’বলগীয়া iOS 18.4 আপডেটত মুকলি কৰাৰ পৰিকল্পনা কৰিছিল । কিন্তু প্ৰথম iOS 18.4 beta ৰ আগতে ই সাজু হৈ উঠা নাছিল বুলি প্ৰকাশ পাইছিল । এপলে iOS 18.4 ৰ পিছত iOS 18.5 আপডেট মুকলি কৰিব, গতিকে আমি সেই আপডেটত নতুন Siri বৈশিষ্ট্য পোৱা যাব বুলি আশা কৰিব পৰা যায় ।

লগতে পঢ়ক