আইফোন 17 মুকলিৰ পূৰ্বে ভিনটেজ তালিকাত স্থান দিয়া হ’ল আইফোন 8 প্লাছক
এপলে আইফোন 17 ছিৰিজৰ বিশ্বব্যাপী মুকলিৰ বাবে প্ৰস্তুতি চলাইছে । বৃহৎ অনুষ্ঠানটোৰ মাত্ৰ কেইদিনমান পূৰ্বে কোম্পানীটোৱে আইফোন 8 প্লাছক নিজৰ ভিনটেজ তালিকাত স্থান দিছে ।

Published : September 3, 2025 at 4:43 PM IST
হায়দৰাবাদ: এপলে অহা 9 ছেপ্টেম্বৰত নতুন আইফোন ছিৰিজ মুকলি কৰিবলৈ ওলাইছে, য’ত কোম্পানীটোৱে আইফোন 17 ৰ লগতে আইফোন 17 এয়াৰ, আইফোন 17 প্ৰ’ আৰু আইফোন 17 প্ৰ’ মেক্স মুকলি কৰিব পাৰিব । এপলে নিজৰ নতুন আইফোন লাইনআপ মুকলি কৰাৰ ঠিক আগতেই আইফোন 8 প্লাছক নিজৰ “ভিনটেজ লিষ্ট”ত স্থান দিছে । অৰ্থাৎ এতিয়া এপলে আনুষ্ঠানিকভাৱে এই ফোনটোক পুৰণি বুলি স্বীকৃতি দিছে যদিও এতিয়াও এই ফোনটো অচল বুলি ঘোষণা কৰা নাই । আইফোন 8 প্লাছক নিজৰ ভিনটেজ প্ৰডাক্টৰ তালিকাত যোগ কৰাৰ বিপৰীতে মেকবুকৰ তিনিটা মডেল অচল বুলি ঘোষণা কৰা হৈছে।
কেতিয়া সম্পূৰ্ণৰূপে বন্ধ হ’ব আইফোন 8 প্লাছ
আইফোন 8 প্লাছ 2017 চনত মুকলি কৰা হৈছিল । তাৰ পিছত 2020 চনত যেতিয়া এপলে আইফোন এছ ই (2য় জেন) মুকলি কৰিছিল তেতিয়া আইফোন 8 প্লাছৰ বিক্ৰী বন্ধ কৰি দিয়া হৈছিল । এতিয়া এই ফোনটোৰ বয়স 7 বছৰতকৈও অধিক । এনে পৰিস্থিতিত এপলে ইয়াক অচলৰ শ্ৰেণীতো ৰাখিব পাৰে, কিন্তু কোম্পানীয়ে এই ফোনটোক পুৰণি (Vintage) ফোনৰ শ্ৰেণীত স্থান দিছে । উল্লেখ কৰা প্ৰয়োজন যে সাধাৰণতে সেই ফোনবোৰ ভিনটেজৰ শ্ৰেণীত ৰখা হয়, যাৰ বিক্ৰী বন্ধ হৈ থাকে ।
আইফোন 8 প্লাছক ভিনটেজ বুলি ঘোষণা কৰাৰ অৰ্থ হ’ল ব্যৱহাৰকাৰীয়ে এতিয়াও এই ফোনটোৰ কিছুমান মৌলিক সেৱা লাভ কৰিব পাৰিব, কিন্তু মেৰামতি কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে । এপলে কেৱল এই আইফোনটোৱেই নহয়, বহু মেকবুক মডেলকো অচল বুলি ঘোষণা কৰিছে । ইয়াৰ ভিতৰত তলত দিয়া মেকবুকসমূহ অন্তৰ্ভুক্ত:
- 11 ইঞ্চিৰ মেকবুক এয়াৰ (2015)
- 4 টা থাণ্ডাৰবল্ট 3 পৰ্টৰ সৈতে 13 ইঞ্চি মেকবুক প্ৰ' (2017)
- মেকবুক প্ৰ' 15 ইঞ্চি (2017)
অৰ্থাৎ এতিয়া এই মেকবুকসমূহৰ কোনো অফিচিয়েল মেৰামতি সেৱা নাথাকিব । কিন্তু এই মেকবুকসমূহৰ কিছুমান ইউনিটে কেৱল বেটাৰী সেৱা লাভ কৰিব পাৰে, কিন্তু তাৰ বাবে সেই ইউনিটসমূহৰ শেষ বিক্ৰীৰ তাৰিখ যোৱা 10 বছৰৰ ভিতৰত হ’ব লাগিব ।
স্মৰ্তব্য যে, এপলে 9 ছেপ্টেম্বৰত আইফোন 17 ছিৰিজ মুকলি কৰিব আৰু ইয়াৰ বছৰেকীয়া পৰম্পৰাৰ অংশ হিচাপে পুৰণি মডেলসমূহ বন্ধ কৰাৰ সম্ভাৱনা আছে । জানিব পৰা মতে আইফোন 16 প্ৰ’ আৰু প্ৰ’ মেক্স উপলব্ধতা এপল ষ্ট’ৰৰ পৰা শীঘ্ৰেই নাইকিয়া হ’ব পাৰে, আইফোন 15 আৰু 15 প্লাছও বন্ধ হোৱাৰ আশংকা আছে । এই মডেলসমূহ অৱশ্যে ষ্টক শেষ নোহোৱালৈকে ফ্লিপকাৰ্ট, আমাজন আৰু তৃতীয় পক্ষৰ খুচুৰা বিক্ৰেতাৰ জৰিয়তে উপলব্ধ থাকিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক

