হায়দৰাবাদ: গুগল এপ ষ্ট’ৰে 2024 বৰ্ষত ভাৰতত ডেভেল’পাৰ বিলিং আৰু চেলৰ বাবে 44,467 কোটি টকাৰ সুবিধা প্ৰদান কৰিছে ৷ সোমবাৰে এক অধ্যয়নত এই কথা পোহৰলৈ আহিছে ৷ আহমেদাবাদৰ ইণ্ডিয়ান ইনষ্টিউট অৱ মেনেজমেণ্টৰ অধ্যাপক বিশ্বনাথ পিংগলিৰ নেতৃত্বত এই অধ্যয়ন কৰা হৈছিল ৷ এই অধ্যয়নটোৱে দেখুৱাইছে যে সেই বাণিজ্যৰ 94 শতাংশতকৈ অধিক কেৱল সকলো আকাৰৰ ডেভেলপাৰ আৰু ব্যৱসায়ৰ বাবেহে জমা হৈছিল ৷ উল্লেখ্য যে, ইয়াৰ বাবে এপলক প্ৰদান কৰা হোৱা নাই কোনো লাভ ।
যোৱা পাঁচ বছৰত ভাৰত ভিত্তিক ডেভেলপাৰসকলৰ বিশ্বব্যাপী উপাৰ্জন তিনিগুণ বৃদ্ধি পাইছে, যিয়ে এপ ষ্ট’ৰে প্ৰদান কৰা প্ৰচণ্ড ব্যৱসায়িক সুযোগ আৰু বিশ্বব্যাপী প্ৰসাৰক আলোকপাত কৰিছে বুলি কোম্পানীটোৱে এক বিবৃতিত কয় ।
এই সন্দৰ্ভত এপলৰ শীৰ্ষ কাৰ্যবাহী বিষয়া টিম কুকে কয় "ভাৰত আৰু সমগ্ৰ বিশ্বৰ ডেভেল’পাৰসকলৰ বাবে এপ ষ্ট’ৰ এক অৰ্থনৈতিক ক্ষেত্ৰৰ বাবে আশ্চৰ্যকৰ ঘটনা সদৃশ হৈ পৰিছে আৰু তেওঁলোকৰ কামক সমৰ্থন কৰি আমি ৰোমাঞ্চিত হৈ পৰিছো আৰু আমি সকলো ক্ষেত্ৰৰ ডেভেলপাৰৰ সফলতাত বিনিয়োগ কৰি থাকিবলৈ প্ৰতিশ্ৰুতিবদ্ধ কাৰণ তেওঁলোকে এনে এপ নিৰ্মাণ কৰে যিয়ে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় আৰু মানৱ জীৱন সমৃদ্ধ কৰি তোলে ৷"
অধ্যাপক পিংগালিৰ এই অধ্যয়নত ভাৰতৰ এপ ষ্ট’ৰৰ পৰিৱেশ তন্ত্ৰক গঢ় দিয়া মূল চালকসমূহৰ ওপৰত অধিক দৃষ্টি নিক্ষেপ কৰা হৈছে, য’ত খাদ্য ডেলিভাৰী, ভ্ৰমণ, গেমিং আৰু মনোৰঞ্জনৰ দৰে খণ্ডত এপৰ ব্যৱহাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।
কেৱল 2024 চনত এপ ষ্ট’ৰ ডেভেলপাৰসকলে ভৌতিক সামগ্ৰী আৰু সেৱাৰ বিক্ৰীৰ পৰা মুঠ বিলিং আৰু বিক্ৰীৰ 38,906 কোটি টকা (4.65 বিলিয়ন ডলাৰ), ইন-এপ বিজ্ঞাপনৰ পৰা 3014 কোটি টকা (352.9 মিলিয়ন ডলাৰ) আৰু ডিজিটেল সামগ্ৰী আৰু সেৱাৰ পৰা 2527 কোটি টকা (302 মিলিয়ন ডলাৰ) উপাৰ্জন কৰে ।
পোন্ধৰ বছৰতকৈও অধিক পূৰ্বে আৰম্ভ হোৱাৰ পিছৰে পৰা ডেভেলপাৰসকলৰ হাতত নিজৰ এপসমূহক মুদ্ৰাকৰণ কৰাৰ আৰু এপ ষ্ট’ৰত সফল ব্যৱসায় গঢ়ি তোলাৰ পূৰ্বতকৈ অধিক উপায় আছে, যাৰ ফলত এক সুস্থ আৰু গতিশীল পৰিৱেশ তন্ত্ৰৰ সৃষ্টি হৈছে । 2024 চনত ভাৰতত সক্ৰিয় ডেভেলপাৰসকলে গেম, স্বাস্থ্য আৰু ফিটনেছ, জীৱনশৈলী আৰু উপযোগীতা আদি বিভিন্ন এপ শিতানত সফলতা লাভ কৰিছে ।
2024 চনত ভাৰত ভিত্তিক ডেভেলপাৰসকলৰ এপ ষ্ট’ৰৰ উপাৰ্জনৰ প্ৰায় 80 শতাংশ দেশৰ বাহিৰৰ ব্যৱহাৰকাৰীৰ পৰা আহিছিল আৰু 87 শতাংশ ডেভেলপাৰ একাধিক ষ্ট’ৰফ্ৰন্টত সক্ৰিয় আছিল ।
ভাৰত ভিত্তিক ডেভেলপাৰৰ বহু এপ ভাৰতৰ বাহিৰৰ ষ্ট’ৰফ্ৰন্টত সৰ্বাধিক ডাউনলোড কৰা এপ চাৰ্টতো দেখা গৈছে, আৰু ভাৰত ভিত্তিক ডেভেলপাৰৰ এপ ভাৰতৰ বাহিৰৰ 70 টা ষ্ট’ৰফ্ৰন্টত সৰ্বাধিক ডাউনলোড হোৱা এপ শীৰ্ষ 100 টা এপৰ ভিতৰত আছিল বুলি এপলে প্ৰকাশ কৰে । এপ ষ্ট’ৰত সফল বিশ্বব্যাপী ব্যৱসায় গঢ়ি তোলাৰ উপৰিও ডেভেলপাৰসকলে সমগ্ৰ ভাৰতৰ স্থানীয় দৰ্শকৰ কাষ চাপিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
বিগত পাঁচ বছৰত ভাৰতীয় ব্যৱহাৰকাৰীৰ সংখ্যা 3 গুণ বৃদ্ধি হৈছে আৰু এইসকল ব্যৱহাৰকাৰীৰ পৰা আয় উৎপাদন হৈছে 5 গুণতকৈও অধিক ৷ লক্ষণীয় যে, ভাৰতভিত্তিক ডেভেল’পাৰবোৰেও ভাৰতৰ বৰ্ধিত বজাৰ আৰু ঔদ্যোগবোৰক লক্ষ্য কৰি জনপ্ৰিয় একাংশ এপ ডিজাইন কৰিছে ৷ এই এপবোৰে গ্ৰাহকক প্ৰয়োজনীয় সেৱা আগবঢ়োৱাৰ লগতে বহুলোকৰ দৈনন্দিক জীৱন যাত্ৰা সহজ কৰি তুলিছে আৰু জীৱিকাৰ সুযোগো প্ৰদানো কৰিছে বুলি এপলে কয় ৷
ক্ষুদ্ৰ ব্যৱসায়ীসকলে বিশেষকৈ এপলৰ ইক’চিষ্টেমক সমৰ্থন জনাই আহিছে ৷ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ এপ ষ্ট’ৰৰ জৰিয়তে আয় 74 শতাংশ পৰ্যন্ত বৃদ্ধি হৈছিল 2021-2024 চনৰ ভিতৰত ৷ এপলে কয় যে তেওঁলোকে সমগ্ৰ ভাৰতৰ ডেভেলপাৰসকলক তেওঁলোকৰ এপ ব্যৱসায় গঢ়ি তোলাত সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।
লগতে পঢ়ক