ETV Bharat / technology

কেতিয়া আৰু কেনেকৈ সক্ৰিয় কৰিব FASTag Annual Pass; জানক বিতংকৈ - HOW TO ACTIVATE FASTAG ANNUAL PASS

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে ঘোষণা কৰিছে FASTag Annual Pass । এই প্ৰতিবেদনযোগে আমি আপোনালোকক জনাবলৈ বিচাৰিছো ইয়াক কেনেকৈ সক্ৰিয় কৰিব পাৰি ।

annual-fastag-pass-for-rs-3000-how-activate-it-here-is-full-guide
কেতিয়া আৰু কেনেকৈ সক্ৰিয় কৰিব FASTag Annual Pass; জানক বিতংকৈ (X- @FASTag_NETC)
author img

By ETV Bharat Tech Team

Published : June 22, 2025 at 2:10 PM IST

4 Min Read

হায়দৰাবাদ: শেহতীয়াকৈ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে ব্যক্তিগত গাড়ীৰ মালিকৰ বাবে নতুন FASTag বাৰ্ষিক পাছ ঘোষণা কৰিছে, যিটো 15 আগষ্টৰ পৰা মুকলি কৰা হ’ব । এই পাছটো 3 হাজাৰ টকাৰ এককালীন মাচুল দি সক্ৰিয় কৰিব পাৰিব ।

ইয়াক 200 টোল ফ্ৰী ভ্ৰমণৰ বাবে বা সকলো ৰাষ্ট্ৰীয় ঘাইপথ (এন এইচ) আৰু ৰাষ্ট্ৰীয় এক্সপ্ৰেছৱে (এন ই)ত এবছৰৰ বাবে ব্যৱহাৰ কৰিব পাৰি । বিশেষ কথাটো হ’ল এই বাৰ্ষিক পাছটো এনেদৰে ডিজাইন কৰা হৈছে যাতে নিয়মিতভাৱে ঘাইপথ ব্যৱহাৰ কৰা যাত্ৰীসকলৰ বাবে যথেষ্ট সঞ্চয় আৰু মসৃণ যাত্ৰা সম্ভৱ হয় ।

FASTag বাৰ্ষিক পাছ কি ?

annual-fastag-pass-for-rs-3000-how-activate-it-here-is-full-guide
কেতিয়া আৰু কেনেকৈ সক্ৰিয় কৰিব FASTag Annual Pass; জানক বিতংকৈ (ETV Bharat)

FASTag Annual Pass হৈছে NHAI ৰ দ্বাৰা পৰিচালিত ঘাইপথত বৈধ প্ৰিপেইড টোল সুবিধা । ইয়াক বিশেষভাৱে অবাণিজ্যিক বাহন যেনে গাড়ী, জীপ আৰু ভ্যানৰ বাবে মুকলি কৰা হৈছে। এই পাছ সক্ৰিয় হ’লেই বাহনৰ মালিকে প্ৰতি ভ্ৰমণৰ বাবে টোল নিদিয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু এন ই টোল প্লাজাৰ মাজেৰে যাত্ৰা কৰিব পাৰিব ।

এই পাছৰ সহায়ত 200 ট্ৰিপ বা এবছৰ যাত্ৰা কৰিব পাৰি, যিটো প্ৰথমে সম্পূৰ্ণ হয় । মন কৰিবলগীয়া যে এই বাৰ্ষিক পাছ ৰাজ্যিক ঘাইপথ, ব্যক্তিগত টোল পথ বা ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত নোহোৱা এক্সপ্ৰেছৱেত প্ৰযোজ্য নহ’ব ।

FASTag বাৰ্ষিক পাছ কোনে ব্যৱহাৰ কৰিব পাৰে?

এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ’ল এই বাৰ্ষিক পাছটো কেৱল গাড়ী, জীপ, ভ্যানকে ধৰি ব্যক্তিগত বাহনৰ মালিকেহে ব্যৱহাৰ কৰিব পাৰিব ।

FASTag কেনেকুৱা হ’ব লাগে?

  • সক্ৰিয় আৰু সঠিকভাৱে সংলগ্ন হ’ব লাগিব
  • FASTag এটা বৈধ আৰু অ-ব্লেকলিষ্টেড বাহন পঞ্জীয়নৰ সৈতে সংযুক্ত হ’ব লাগিব
  • FASTag ব্লেকলিষ্ট বা মীমাংসা নোহোৱাকৈ থাকিব নালাগে
  • FASTag বৈধ আৰু ব্যৱহাৰত থকা হ'ব লাগিব
  • এই বাৰ্ষিক পাছটো এবছৰ বা 200 ভ্ৰমণৰ বাবে বৈধ হ’ব, অৱশ্যে মন কৰিবলগীয়া যে ইয়াৰে যিটো প্ৰথমে সম্পূৰ্ণ হ’ব, তাৰ পিছত পাছৰ ম্যাদ উকলি যাব।

টোল ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি যাত্ৰাৰ ভিন্নতা থাকে

কেতিয়া আৰু কেনেকৈ সক্ৰিয় কৰিব FASTag Annual Pass; জানক বিতংকৈ (Getty Images)
  • পইণ্ট ভিত্তিক টোল প্লাজা: প্ৰতিটো একমুখী ক্ৰছিঙক এটা ভ্ৰমণ হিচাপে গণ্য কৰা হয় । এটা ঘূৰণীয়া যাত্ৰা দুটা ভ্ৰমণ হিচাপে গণ্য কৰা হয় ।
  • বন্ধ টোলিং ব্যৱস্থা: এটা প্ৰৱেশ-প্ৰস্থান যোৰক এটা ভ্ৰমণ হিচাপে গণনা কৰা হয় ।

মন কৰিবলগীয়া যে 200 টা ট্ৰিপ শেষ হ’লে বা এবছৰৰ সময়সীমা শেষ হ’লে FASTag পুনৰ স্বাভাৱিক টোল চাৰ্জিং মোডলৈ ঘূৰি আহিব । ইয়াৰ পিছত বাহনৰ মালিকসকলে নতুন বাৰ্ষিক পাছ ক্ৰয় কৰি সক্ৰিয় কৰিব পাৰিব ।

FASTag Annual Pass কেনেকৈ সক্ৰিয় কৰিব

1. যোগ্যতা পৰীক্ষা কৰক

আপোনাৰ FASTag সক্ৰিয় আৰু আপোনাৰ বাহনখনে মাপকাঠী পূৰণ কৰাটো নিশ্চিত কৰিব লাগিব ।

2. অফিচিয়েল প্লেটফৰ্মত প্ৰৱেশ কৰক

হাইৱে ট্ৰেভেল মোবাইল এপ ডাউনলোড কৰক বা NHAI ৰ অফিচিয়েল ৱেবছাইট চাওক । তৃতীয় পক্ষ বা বেচৰকাৰী পৰ্টেল এৰক ।

3. বাহনৰ বিৱৰণ প্ৰৱেশ কৰক

ইয়াৰ পিছত আপোনাৰ বাহনৰ পঞ্জীয়ন নম্বৰ আৰু FASTag ID লিখক ।

4. পৰীক্ষা কৰক আৰু পেমেণ্ট কৰক

ইয়াৰ পিছত চিস্টেমে আপোনাৰ যোগ্যতা পৰীক্ষা কৰে । ইয়াৰ পিছত আপুনি অনলাইনত 3000 টকা এককালীন ধন পৰিশোধ কৰিব লাগিব ।

5. পেমেন্ট নিশ্চিতকৰণ

আপোনাৰ পেমেণ্ট হোৱাৰ পিছত অধিক পৰীক্ষণ কৰা হ’ব আৰু যদি ই সফল হয়, তেন্তে আপুনি এটা নিশ্চিতকৰণ এছএমএছ লাভ কৰিব ।

FASTag Annual Pass ৰ কি কি সুবিধা আছে

  • নিয়মীয়া ঘাইপথ ব্যৱহাৰৰ তুলনাত ইয়াক ব্যৱহাৰ কৰা চালকসকলে 70 শতাংশ পৰ্যন্ত ৰাহি কৰিব পাৰিব ।
  • প্ৰতিটো ভ্ৰমণৰ বাবে চালকসকলে ৰিচাৰ্জ কৰাৰ প্ৰয়োজন নহ’ব, যাৰ ফলত নিৰৱচ্ছিন্ন যাত্ৰা নিশ্চিত হ’ব ।
  • বাৰ্ষিক পাছৰ বৈধতা শেষ হোৱাৰ পিছত একে প্ৰক্ৰিয়াৰে পুনৰ সক্ৰিয় কৰিব পাৰিব ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.