ETV Bharat / technology

দেশৰ নিৰাপত্তাৰ বাবে অহৰহ সক্ৰিয় হৈ আছে 10 টাকৈ উপগ্ৰহ: ইছৰো অধ্যক্ষ - ISRO CHIEF IN CAU

কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ পঞ্চম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনৰ ৷

amid-india-pakistan-tensions-10-satellites-continuously-working-to-ensure-indias-security-isro-chief
ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণন (ANI)
author img

By ETV Bharat Tech Team

Published : May 12, 2025 at 2:38 PM IST

3 Min Read

হায়দৰাবাদ: ইম্ফলস্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ পঞ্চম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ অধ্যক্ষ নাৰায়ণনে ৷ এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি ইছৰোৰ অধ্যক্ষগৰাকীয়ে কয় যে আমি যদি আমাৰ দেশৰ সুৰক্ষা নিশ্চিত কৰিব বিচাৰো তেন্তে আমি আমাৰ উপগ্ৰহৰ জৰিয়তে সেৱা আগবঢ়াব লাগিব । ভাৰত-পাকৰ মাজত উত্তেজনাপূৰ্ণ পৰিৱেশ চলি থকাৰ সময়তে নাৰায়ণনে কয় যে 10 টাকৈ উপগ্ৰহ অহৰহ দেশ আৰু নাগৰিকৰ সুৰক্ষাৰ বাবে কাৰ্যক্ষম হৈ আছে ৷

তেওঁ কয় যে বহু উপগ্ৰহৰ জৰিয়তে ইছৰোই কৃষি, টেলি-শিক্ষা, টেলি-চিকিৎসা, টেলিভিছন সম্প্ৰচাৰ, বতৰ পূৰ্বাভাস, পৰিৱেশ, খাদ্য খণ্ড আৰু নিৰাপত্তা আৰু কৌশলগত ক্ষেত্ৰত সাধাৰণ মানুহক সেৱা আগবঢ়াই আহিছে । উপগ্ৰহসমূহে দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন খণ্ডত ফলপ্ৰসূভাৱে কাম কৰি থকা বুলি উল্লেখ কৰি ইছৰোৰ অধ্যক্ষগৰাকীয়ে কয় যে ইয়াৰ পূৰ্বে দুৰ্যোগৰ সময়ত হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল যদিও আজি এনে নহয় ।

তেওঁ কয় যে 9 টা স্থানত (মহাকাশ খণ্ডত) ভাৰত বিশ্বৰ এক নম্বৰত আছে । তেওঁ দাবী কৰে, "চন্দ্ৰযান-1 অভিযানত চন্দ্ৰপৃষ্ঠত পানীৰ অণুৰ প্ৰমাণ আৱিষ্কাৰ কৰা হৈছিল । এইখিনি লাভ কৰা প্ৰথমখন দেশ ভাৰত আছিল । 34 খন দেশৰ বাবে কমেও 433 টা উপগ্ৰহ ভাৰতৰ পৰা উঠাই কক্ষপথত স্থাপন কৰা হৈছিল ।" তাৎপৰ্যপূৰ্ণভাৱে ভাৰতে জি-20 দেশসমূহৰ বাবে জলবায়ু পৰিৱৰ্তন আৰু অন্যান্য খণ্ডসমূহ নিৰীক্ষণ কৰিবলৈ উপগ্ৰহ নিৰ্মাণ কৰিছিল বুলি উল্লেখ কৰি নাৰায়ণনে কয় যে ভাৰত আৰু আমেৰিকাই বিশ্বৰ আটাইতকৈ ব্যয়বহুল আৰু উন্নত পৃথিৱী প্ৰতিচ্ছবি উপগ্ৰহ নিৰ্মাণ কৰিব আৰু ইয়াক ভাৰতৰ পৰাই উৎক্ষেপণ কৰা হ’ব ।

তেওঁ কয় যে 1975 চনলৈকে ভাৰতত কোনো উপগ্ৰহ প্ৰযুক্তি নাছিল আৰু এখন উন্নত দেশৰ তুলনাত মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত দেশখন 70 বছৰ পিছ পৰি আছিল । সাধাৰণ মানুহৰ বিকাশৰ বাবে উন্নত উপগ্ৰহ প্ৰযুক্তিৰ প্ৰয়োজন বুলি কৈ মহাকাশ বিভাগৰ সচিব নাৰায়ণনে ভৱিষ্যদ্বাণী কৰিছিল যে ভাৰতে স্বাধীনতাৰ 100 বছৰ উদযাপনৰ পূৰ্বে দেশখন প্ৰতিটো ক্ষেত্ৰতে মাষ্টাৰ হ’ব, দেশখন বিশ্বৰ বাবে এক অসাধাৰণ অৱদানকাৰী হিচাপে পৰিগণিত হ’ব ।

ইছৰোৰ অধ্যক্ষগৰাকীয়ে কয় যে ভাৰতে, 1950-1960 ৰ দশকত 54 নিযুত টন খাদ্য উৎপাদন কৰিছিল আৰু আন দেশৰ পৰা খাদ্য আমদানি কৰিছিল । "এতিয়া ভাৰতে 25 কোটি টন প্লাছ খাদ্য উৎপাদন কৰে আৰু বহু দেশলৈ খাদ্য ৰপ্তানি কৰে । দেশখনত বৃহৎ গ্ৰাহকৰ বজাৰ আৰু বিশাল উৎপাদন খণ্ড আছে । বিদ্যুৎ উৎপাদন আৰু গাখীৰ উৎপাদনত আমি বিশ্বৰ ভিতৰতে আগশাৰীৰ স্থানত আছো ।”

নাৰায়ণনে কয় যে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ প্ৰতিখন ৰাজ্যৰ পৰা প্ৰায় 100 গৰাকী বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে বেংগালুৰুৰ ইছৰো কেন্দ্ৰটো পৰিদৰ্শন কৰি কৌতুহল জগাই তোলাৰ সুযোগ পাব আৰু মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি সজাগতা গঢ়ি তুলিব । উত্তৰ-পূবৰ ৰাজ্যসমূহৰ উন্নয়ন আৰু অঞ্চলটোৰ বহু প্ৰকল্পৰ নিষ্পাদনৰ বাবে ইছৰো আৰু ইয়াৰ কেইবাটাও উপগ্ৰহ কাৰ্যক্ষম হৈ আছে বুলিও তেওঁ লগতে কয় ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.