এয়াৰটেলৰ বাম্পাৰ অফাৰ! 100 টকাতেই লাভ কৰক জিঅ’হটষ্টাৰৰ ছাবস্ক্ৰিপচন
আজি সন্ধিয়াৰে পৰা আৰম্ভ হ’ব IPL 2025 আৰু ইয়াৰ বাবেই Airtel আৰু VI-এ কিছু নতুন প্লেন আৰম্ভ কৰিছে ।

Published : March 22, 2025 at 10:01 AM IST
হায়দৰাবাদ: আজিৰে পৰা আৰম্ভ হ’ব আই পি এল 2025 ছিজন ৷ ভাৰতী এয়াৰটেল আৰু ভোডাফোন আইডিয়াই চলিত বৰ্ষৰ চিজন আৰম্ভ হোৱাৰ ঠিক পূৰ্বে নিজৰ নিৰ্বাচিত প্ৰিপেইড ৰিচাৰ্জ প্লেন কিছুমানৰ জৰিয়তে নতুন মনোৰঞ্জনৰ সুবিধা প্ৰদান কৰিছে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আই পি এল 2025 নতুন অ’ টি টি প্লেটফৰ্ম জিঅ’হটষ্টাৰত সম্প্ৰচাৰ কৰা হ’ব । এই বাবেই এয়াৰটেল আৰু VI য়ে কিছুমান নতুন এড-অন পেক মুকলি কৰিছে, যিয়ে বৰ্তমানৰ ৰিচাৰ্জ প্লেনৰ সৈতে জিঅ’হটষ্টাৰৰ ছাবস্ক্ৰিপচন দিব । এই প্লেনসমূহৰ বিষয়ে জানো আহক ---
টেলিকম টকৰ এক প্ৰতিবেদন অনুসৰি এয়াৰটেলে মুকলি কৰিছে দুটা নতুন ক্ৰিকেট পেক, য’ত জিঅ’হটষ্টাৰৰ বিনামূলীয়া ছাবস্ক্ৰিপচন আছে । প্ৰতিবেদন অনুসৰি এয়াৰটেলে 100 টকীয়া প্লেন মুকলি কৰিছে, যিটো ৰিচাৰ্জ কৰিলে, ব্যৱহাৰকাৰীয়ে 5জিবি ডাটা আৰু 30 দিনৰ বাবে জিঅ’ হটষ্টাৰৰ ছাবস্ক্ৰিপচন লাভ কৰিব । ইয়াৰ উপৰিও 195 টকাৰ প্ৰিপেইড প্লেনৰ সৈতে ইউজাৰে 15 জিবি ডাটা লাভ কৰিব যিটো 90 দিনৰ বাবে জিঅ’হটষ্টাৰৰ ছাবস্ক্ৰিপচনৰ সৈতে আহিব । উল্লেখ্য যে, এই দুয়োটা প্ৰিপেইড ৰিচাৰ্জ পেক ডাটা ভাউচাৰ আৰু সেয়েহে ব্যৱহাৰকাৰীয়ে ইয়াৰ সৈতে কলিং বেনিফিট নাপাব ।
ভোডাফোন-আইডিয়াৰ প্লেন
ভোডাফোন আইডিয়া অৰ্থাৎ VI এ JioHotstar ছাবস্ক্ৰিপচনৰ সৈতে এটা ডাটা ভাউচাৰ আৰু দুটা প্ৰিপেইড ৰিচাৰ্জ মুকলি কৰিছে । কোম্পানীটোৰ ডাটা ভাউচাৰৰ মূল্য 101 টকা, য’ত ব্যৱহাৰকাৰীয়ে 30 দিনৰ বৈধতা থকা 5জিবি ডাটা আৰু তিনি মাহৰ বাবে জিঅ’হটষ্টাৰ ছাবস্ক্ৰিপচন লাভ কৰে । এই প্লেনৰ সুবিধা ল’বলৈ আপোনাৰ এটা সক্ৰিয় প্লেন থাকিব লাগিব ।
ইয়াৰ উপৰিও ভোডাফোন আইডিয়া ব্যৱহাৰকাৰীয়ে 239 টকাৰ ৰিচাৰ্জ প্লেনও ক্ৰয় কৰিব পাৰিব । এই প্লেনৰ জৰিয়তে ইউজাৰে 2 জিবি ডাটা, 300 এছএমএছ আৰু জিঅ’ হটষ্টাৰ ছাবস্ক্ৰিপচন 28 দিনৰ বাবে আনলিমিটেড কলিঙৰ সৈতে লাভ কৰিব । এই তালিকাত ভোডাফোন আইডিয়াৰ দ্বিতীয় বেচ প্লেন 399 টকা । এই প্লেনৰ জৰিয়তে ইউজাৰে আনলিমিটেড কলিঙৰ লগতে 2জিবি দৈনিক ডাটা, প্ৰতিদিনে 100 এছএমএছ আৰু 28 দিনৰ বাবে জিঅ’ হটষ্টাৰ চাবস্ক্ৰিপচন লাভ কৰে ।
উল্লেখ কৰা প্ৰয়োজন যে, 2025 চনৰ 22 মাৰ্চ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ প্ৰথমখন মেচ হ’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু বিৰাট কোহলীৰ দল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত । এনে পৰিস্থিতিত টেলিকম কোম্পানীয়ে ক্ৰিকেট ভাল পোৱা ব্যৱহাৰকাৰীৰ বাবে এনে আকৰ্ষণীয় প্লেন লৈ আহিছে, যাতে তেওঁলোকে বিনামূলীয়াকৈ আই পি এলৰ মেচ উপভোগ কৰিব পাৰে ।
লগতে পঢ়ক
আকৰ্ষণীয় প্লেন: 3 মাহলৈ বিনামূলীয়াকৈ লাভ কৰক জিঅ' হটষ্টাৰৰ ছাবস্ক্ৰিপচন !
জিঅ’ই আৰম্ভ কৰিলে জিঅ’ হটষ্টাৰ; ব্যৱহাৰকাৰীয়ে কি কি সুবিধা লাভ কৰিব ?

