গুগল-এয়াৰটেলৰ অংশীদাৰিত্ব: ব্যৱহাৰকাৰীয়ে লাভ কৰিব 100 GB পৰ্যন্ত গুগল ৱান ক্লাউড ষ্ট’ৰেজ
এয়াৰটেলৰ একাংশ ব্যৱহাৰকাৰীয়ে বিনামূলীয়াকৈ লাভ কৰিব 100 GB পৰ্যন্ত গুগল ৱান ক্লাউড ষ্ট’ৰেজ । ইয়াৰ বাবে এয়াৰটেলে গুগলৰ সৈতে অংশীদাৰিত্ব কৰিছে ।

Published : May 21, 2025 at 11:45 AM IST
হায়দৰাবাদ: ভাৰতী এয়াৰটেলে মংগলবাৰে গুগলৰ সৈতে পাৰ্টনাৰশ্বিপ ঘোষণা কৰে ৷ ইয়াৰ জৰিয়তে এতিয়াৰে পৰা এয়াৰটেল ব্যৱহাৰকাৰীসকলে গুগলৰ ওৱান ক্লাউড ষ্টৰেজ ছাবস্ক্ৰীপশ্যন বিনামূলীয়াকৈ লাভ কৰিব ৷ এই বৈশিষ্ট্যই সেইসকল লোকক লাভান্ধিত কৰিব যিসকলৰ ফোনৰ ষ্ট’ৰেজ সীমিত ৷ এইসকল ব্যৱহাৰকাৰীয়ে সাধাৰণতে অধিক ধন ব্যয় কৰিব লগা হয় অনলাইন ষ্টৰেজ লাভৰ বাবে ৷
এতিয়াৰে পৰা এয়াৰটেলৰ পষ্টপেইড ব্যৱহাৰকাৰী আৰু ঘৰত ৱাই-ফাই ব্যৱহাৰকাৰীসকলে 100 GB ক্লাউড ষ্টৰেজ কোনো ধন ব্যয় নকৰাকৈ লাভ কৰিব 6 মাহ পৰ্যন্ত ৷ ব্যৱহাৰকাৰীসকলে এই ষ্টৰেজ আন পাঁচজন ব্যৱহাৰকাৰীৰ সৈতে ভাগ-বতৰা কৰিব পাৰিব ৷ গুগল আৰু এয়াৰটেলে এই অংশীদাৰিত্ব সেইসকল ব্যৱহাৰকাৰীক সুবিধা প্ৰদানৰ লক্ষ্যৰে মুকলি কৰিছে যিসকল ব্যৱহাৰকাৰীয়ে ষ্টৰেজৰ অভাৱৰ বাবে ফটো, ফাইল, ভিডিঅ’ ডিলিট কৰিবলগীয়া হয় অথবা অতিৰিক্ত ধন ব্যয় কৰি ক্ৰয় কৰিবলগীয়া হয় ৷
এয়াৰটেল ব্যৱহাৰকাৰীয়ে লাভ কৰিব ফ্ৰী ষ্টৰেজ
এতিয়া এয়াৰটেলৰ পোষ্টপেইড আৰু ৱাই-ফাই ব্যৱহাৰকাৰীয়ে এটকাও খৰচ নকৰাকৈ 6 মাহৰ বাবে 100GB গুগল ৱান ক্লাউড ষ্ট’ৰেজ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব । ইয়াৰ উপৰিও এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে হোৱাটছএপ চেটৰ বেকআপ গুগল একাউণ্ট ষ্ট’ৰেজতো নিৰাপদ হ’ব, যাতে ইয়াক নতুন ডিভাইচলৈ সহজে ট্ৰেন্সফাৰ কৰিব পৰা যায় । এই ক্লাউড ষ্ট’ৰেজ ফেচিলিটি এণ্ড্ৰইড আৰু আই অ’ এছ দুয়োটা ডিভাইচতে উপলব্ধ কৰা হ’ব । ইয়াৰ দ্বাৰা এয়াৰটেলৰ বহু গ্ৰাহক উপকৃত হ’ব ।
সুবিধা আদায়ৰ বাবে ব্যৱহাৰকাৰীয়ে কি কৰা উচিত?
- এই অফাৰৰ সুবিধা ল’বলৈ গ্ৰাহকে ‘এয়াৰটেল থেংক’ এপত লগ ইন কৰিব লাগিব ।
- ইয়াৰ পিছত এই সুবিধাটো সক্ৰিয় কৰিব লাগিব ।
- প্ৰথম 6 মাহৰ বাবে 100জিবি গুগল ৱান ক্লাউড ষ্ট’ৰেজ উপলব্ধ হ’ব ।
- ইয়াৰ পিছত ব্যৱহাৰকাৰীয়ে প্ৰতিমাহে 125 টকা খৰচ কৰিব লাগিব ।
- যদি কোনো ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ Google One Subscription সদস্যপদ শেষ কৰিব বিচাৰে, তেন্তে তেওঁলোকেও কৰিব পাৰে ।
লগতে পঢ়ক

