হায়দৰাবাদ: টেক জায়াণ্ট মেটাই বুধবাৰে এক বৃহৎ ঘোষণা কৰে । এই ঘোষণাযোগে উল্লেখ কৰা হৈছে যে অতি সোনকালে ভাৰতত ইটালীৰ বিলাসী চশমা ব্ৰেণ্ড ৰে-বেনৰ AI চালিত চশমা মুকলি কৰা হ’ব । এই হেণ্ডছ ফ্ৰী চশমাসমূহে ব্যৱহাৰকাৰীসকলক বাস্তৱ সমযত উত্তৰ, পৰামৰ্শ আৰু সৃষ্টিশীল ধাৰণা প্ৰদান কৰিব । দৈনন্দিন ব্যৱহাৰৰ বাবে ডিজাইন কৰা এই চশমাসমূহে ব্যৱহাৰকাৰীসকলক স্মৃতি সংগ্ৰহ আৰু গীত শুনিবলৈকো সুবিধা প্ৰদান কৰিব । ব্যৱহাৰকাৰীয়ে মোবাইল ফোন ব্যৱহাৰ নকৰাকৈয়ে এই সকলোবোৰ সুবিধা আদায় কৰিব পাৰে ।
এই চশমাবোৰ হৈছে ৰে-বেনৰ প্ৰডাক্ট যিয়ে মেটাৰ পৰা এআই আৰু ছ’চিয়েল মিডিয়াৰ বৈশিষ্ট্য প্ৰদান কৰে । ৰে-বেন স্মাৰ্ট চশমাৰ এই সংস্কৰণটো 2023 চনৰ ছেপ্টেম্বৰ মাহত বিশ্বজুৰি মুকলি কৰা হৈছিল আৰু অৱশেষত ই ভাৰতl মুকলি হ’ব । মেটাৰ নতুন চশমা 3 টা ডিজাইনত উপলব্ধ হ’ব: ৱেফেয়াৰ, স্কাইলাৰ আৰু হেডলাইনাৰ ৷ আনহাতে ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ পছন্দ অনুসৰি 20 টাতকৈও অধিক ষ্টাইল আৰু ৰং বাচনি কৰিব পাৰিব ।
Ray-Ban Meta glasses can now translate speech between English, French, Italian, and Spanish, and multimodal Meta AI is finally rolling out to Europe.
— UploadVR (@UploadVR) April 23, 2025
Details here: https://t.co/5n0phfjF2W pic.twitter.com/QfeflILF9Z
ৰে-বেন এআই স্মাৰ্ট চশমা: ভাৰতত মুকলি কেতিয়া ?
এই স্মাৰ্ট চশমা শীঘ্ৰে ভাৰতত মুকলি কৰা হ’ব বুলি ঘোষণা কৰিছে মেটাই, কিন্তু ইয়াৰ সঠিক সময় অথবা তাৰিখ স্পষ্ট কৰা নাই । ভাৰতত মুকলি কৰাৰ পিছত ৰে বেন ইণ্ডিয়া, মেটা ষ্ট’ৰ আৰু অন্যান্য আউটলেটত বিক্ৰীৰ বাবে উপলব্ধ হ’ব । বিশ্ব বজাৰত এই চশমাৰ দাম 299 ডলাৰ বা 26 হাজাৰ টকা হ’ব বুলি ধাৰণা কৰা হৈছে । ভাৰতত ইয়াৰ দাম কিমান হ’ব সেয়া মুকলিৰ সময়ত প্ৰকাশ কৰা হ’ব ।
ৰে-বেন এআই স্মাৰ্ট চশমা: বিশেষত্ব কি?
- ভইচ কমাণ্ডৰ বাবে 5টা মাইক: এই চশমাত 5 টা মাইক্ৰ’ফোন ব্যৱহাৰ কৰা হয়, যিয়ে উন্নত অডিঅ’ আৰু এএনচিৰ সৈতে কাম কৰে । ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে কলিং, সংগীত, প’ডকাষ্ট আদিৰ অভিজ্ঞতা লাভ কৰিব পাৰে ।
- মেটা এআই সমৰ্থন: এই চশমাসমূহে ব্যৱহাৰকাৰীক ভয়েচ এক্টিভেটেড এচিষ্টেণ্টৰ সুবিধাও প্ৰদান কৰিব । যিটো ‘হে মেটা’ বুলি কৈ সক্ৰিয় কৰিব পাৰি । ইয়াৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে হেণ্ডছ ফ্ৰীৰ আনন্দ উপভোগ কৰিব পাৰিব ।
- লাইভ অনুবাদ: আপুনি বাস্তৱ সময়ৰ অনুবাদৰ সুবিধাও লাভ কৰিব এই চশমাযোৰৰ জৰিয়তে । এই চশমাযোৰত ব্যৱহাৰকাৰীয়ে ইংৰাজী, ফৰাচী, ইটালী, স্পেনিছ ভাষা অনুবাদৰ সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে ।
- সামাজিক মাধ্যম ব্যৱহাৰ: গ্লাছ ব্যৱহাৰ কৰি ইনষ্টাগ্ৰাম, হোৱাটছএপ, ফেচবুকত মেছেঞ্জাৰ, ফটো, ভিডিঅ’ প্ৰেৰণ কৰিব পাৰিব ।
ৰে-বেন এআই স্মাৰ্ট চশমা: স্পেচিফিকেশন
- প্ৰচেছৰ: এই চশমাসমূহত কোৱালকম স্নেপড্ৰেগন এ আৰ 1 জেন 1 প্ৰচেছৰ ব্যৱহাৰ কৰা হৈছে, যিয়ে ব্যৱহাৰকাৰীক উন্নত অভিজ্ঞতা লাভ কৰাত সহায় কৰিব । ইয়াৰ বাবে ফটো আৰু ভিডিঅ’বোৰ দ্ৰুতভাৱে ক্লিক কৰিব পৰা যায় ।
- কেমেৰা: এই চশমাত ব্যৱহাৰকাৰীয়ে 12MP আল্ট্ৰা-ৱাইড কেমেৰা পায় । ইয়াৰ সহায়ত উচ্চমানৰ ফটো তুলিব পৰা যায় । ইয়াৰ লগতে ভইচ কমাণ্ডৰ সহায়ত ফটো আৰু ভিডিঅ’ও তুলিব পাৰিব ।
- সংযোগ: ৰে-বেন মেটা ছানগ্লাছে সংযোগৰ বাবে ৱাই-ফাই 6 আৰু ব্লুটুথ 5.0 সমৰ্থন কৰে ।
- বেটাৰী আৰু চাৰ্জিং: বাণ্ডিল কেছত ৰাখি চশমাবোৰ চাৰ্জ কৰিব পাৰি । চশমা আৰু কেছটোৰ ওজন 133 গ্ৰাম । কোম্পানীটোৱে জনোৱা মতে, চশমাযোৰক এটা চাৰ্জত 36 ঘণ্টা পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰিব ।
- ষ্ট’ৰেজ: চশমাযোৰত 3GB ষ্ট’ৰেজ অপচন আছে ।
- সুৰক্ষা বৈশিষ্ট্য: চশমাবোৰক পানী প্ৰতিৰোধৰ বাবে IPX4 ৰেটিং দিয়া হৈছে ।
লগতে পঢ়ক