গুৱাহাটী: ৰাজ্যৰ চৰকাৰী স্বাস্থ্যখণ্ডত আজিৰে পৰা সংযোজন হ'ল আন এক নতুন অত্যাধুনিক সেৱাৰ । স্বাস্থ্যখণ্ডত বৃহৎ মাইলৰ খুঁটি হিচাপে গুৱাহাটীস্থিত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত সংযোজিত হ'ল অত্যাধুনিক ৰব’টিক অস্ত্ৰোপচাৰ সেৱা । আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে এই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে ।
14.99 কোটি প্ৰকল্প ব্যয়েৰে এই ব্যৱস্থাটো ভাৰত চৰকাৰৰ এন পি চি ডি চি এছ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ক্ৰয় কৰিছে । ৰব’টিক ব্যৱস্থাৰ জৰিয়তে এতিয়াৰে পৰা বহু জটিল অস্ত্ৰোপচাৰো সম্পন্ন হ'ব বুলি আশা কৰা হৈছে ।
শিলচৰ আৰু ডিব্ৰুগড়তো আৰম্ভ হ’ব এই সুবিধা
ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৰব’টিক চাৰ্জাৰী সেৱা মুকলি কৰি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, "অসমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ৰব’টিক অস্ত্ৰোপচাৰৰ সুবিধা আৰম্ভ কৰিছে ৷ এই সুবিধা আৰম্ভ হৈছে ব’হাগৰ পূৰ্বে । আমাৰ চৰকাৰী চিকিৎসালয়ে এতিয়া মেড ইন ইণ্ডিয়া যন্ত্ৰৰ জৰিয়তে কম খৰচী, অত্যন্ত সঠিক অস্ত্ৰোপচাৰৰ সুবিধা আগবঢ়াব । শিলচৰ আৰু ডিব্ৰুগড়তো একে ধৰণৰ সুবিধা চলিত বছৰতে আৰম্ভ কৰা হ'ব । আমি উচ্চ মানদণ্ডসম্পন্ন চিকিৎসা প্ৰযুক্তি পৰিচালনা কৰাৰ বাবে মানৱশক্তি সৃষ্টি কৰাটো নিশ্চিত কৰিবলৈ সকলো কৰ্কট চিকিৎসালয়ত নাৰ্চিং মহাবিদ্যালয় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছো । য’ত ইংৰাজী, জাপানী আৰু বিদেশী ভাষাত কাৰ্যসূচী আগবঢ়োৱা হ’ব ।"
এই আধুনিক চিকিৎসা পদ্ধতিৰ বিষয়ে বিতংকৈ

মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয়, "ৰব’টিক চাৰ্জাৰীৰ ক্ষেত্রত চিকিৎসকে অস্ত্রোপ্ৰচাৰে হাতেৰে কৰাৰ প্ৰয়োজন নাই । কম্পিউটাৰত বহি চাৰ্জিকেল পদ্ধতিখিনি সম্পন্ন কৰিব । চিকিৎসকে ৰবটটোক দিয়া নিৰ্দেশনা অনুসৰি ৰবটে অস্ত্রোপ্ৰচাৰ কৰিব । ইয়াৰ ফলত হাতেৰে অস্ত্রোপ্ৰচাৰ কৰাৰ ফলত হোৱা হ'ব পৰা সৰু-সুৰা ভুলৰ আশংকা কমিব । নিখুটভাৱে অস্ত্রোপ্ৰচাৰ সম্পন্ন হ'ব । এই অত্যাধুনিক ব্যৱস্থা উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে হৈছে ।"

এই চিকিৎসা পদ্ধতি সন্দৰ্ভত অধিক বহলাই কয় মুখ্যমন্ত্ৰীজনে কয় যে চিকিৎসকজনে দিল্লীত বহিও ৰবটটোক নিৰ্দেশনা দি চাৰ্জাৰী কৰিব পাৰিব । যিকোনো ঠাইৰ পৰা অস্ত্রোপ্ৰচাৰ কৰিব পাৰিব ।
ৰাজ্যজুৰি কৰ্কট চিকিৎসালয়সমূহ ভালদৰে চলাই থকা হৈছে বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয়, "এই বছৰ শিৱসাগৰ, তিনিচুকীয়া, ডিফু আৰু গোলাঘাটত কৰ্কট হাস্পতাল মুকলি কৰা হ'ব । গোটেইকেইখন কৰ্কট হাস্পতালত আমি একোখনকৈ বি এছ চি নাৰ্চিং কলেজো স্থাপন কৰিম ।"
লগতে পঢ়ক