ETV Bharat / technology

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ উপহাৰ; কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ অনন্য উদ্ভাৱন

কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱাৰ অনন্য উদ্ভাৱন ‘‘চক এটিএম’’ । সলনি কৰিব পাৰে শ্ৰেণীকোঠাৰ পৰিৱেশ, বৃদ্ধি কৰিব পাৰে ঔদ্যোগিক সম্ভাৱনীয়তা ।

Chalk ATM
কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ অনন্য উদ্ভাৱন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 28, 2025 at 10:58 AM IST

|

Updated : February 28, 2025 at 11:48 AM IST

5 Min Read
Choose ETV Bharat

কলিয়াবৰ : আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ৷ প্ৰত্যেক বছৰে ২৮ ফেব্ৰুৱাৰীৰ দিনটো দেশজুৰি উদযাপন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাবে । ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ভাৰতীয় পদাৰ্থ বিজ্ঞানী ছাৰ চি ভি ৰমণেৰ আৱিষ্কাৰ কৰা ৰমণ প্ৰভাৱক সন্মানিত কৰা উদ্দেশ্য প্ৰতিবছৰে ২৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয় । এই অনন্য আৱিষ্কাৰৰ বাবে ছাৰ চি ভি ৰমণক 1930 চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল ।

প্ৰতিবছৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত এটা মূল আলোচ্য বিষয় হিচাপে কিছুমান কৰ্মসূচীৰ নিৰ্ধাৰণ কৰা হয়, যাতে বিজ্ঞান বিষয়টো দেশৰ জনগণৰ কাষ চপাই নিব পাৰি । ২০২৫ বৰ্ষৰ বিজ্ঞান দিৱসৰ মূল আলোচ্য বিষয় হ'ল– "বিকশিত ভাৰত তথা বিজ্ঞান আৰু উদ্ভাৱনত বিশ্বব্যাপী নেতৃত্বৰ বাবে ভাৰতীয় যুৱপ্ৰজন্মক শক্তিশালী কৰা ।"

কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ অনন্য উদ্ভাৱন (ETV Bharat Assam)

এই মূল বিষয়টোৰ ভিত্তিত প্ৰধান আলোচিত বিষয় হিচাপে নতুন উদ্ভাৱনী চিন্তাৰে বিজ্ঞানক সকলোৰে কাষ চপাই নিয়া আৰু নতুন উদ্ভাৱনৰ জৰিয়তে দৈনন্দিন জীৱন সহজসাধ্য কৰাৰ লগতে আৰ্থ-সামাজিক উন্নয়ন হিচাপে চিহ্নিত কৰা হৈছে । যুৱপ্ৰজন্মই পোনপটীয়াকৈ এই কাৰ্যপ্ৰণালীত অংশ লৈ বিকশিত ভাৰতৰ অংশীদাৰ হৈ দেশৰ ঔদ্যোগিক ক্ষেত্ৰখনলৈও অৱদান আগবঢ়াব ।

এনে এক চিন্তাৰে কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱাই উদ্ভাৱন কৰি উলিয়াইছে এটি গুৰুত্বপূৰ্ণ যন্ত্ৰ । যিটো শ্ৰেণীকোঠাৰ বাবে অতি প্ৰয়োজনীয় সম্পদ হৈ পৰিব পাৰে ।

  • কেনেকৈ মনলৈ আহিল নতুন উদ্ভাৱনৰ কথা

এই সন্দৰ্ভত চিৰঞ্জীৱ বেজবৰুৱাই কয়, "বহুদিনৰ পৰাই মই তিনিটা কথা লক্ষ্য কৰিছিলো । প্ৰথম, প্ৰায়েই শ্ৰেণীকোঠাবোৰ চকৰ গুড়িৰে লেতেৰা হৈ থাকে । দ্বিতীয় সমস্যাটো হ'ল, শ্ৰেণীকোঠালৈ চক আনিবলৈ কেতিয়াবা পাহৰি যোৱা যায় । পুনৰ চক আনিবলৈ গ'লে শ্ৰেণীৰ সময় ক্ষতি হয় আৰু শেষৰটো হ'ল, চকৰ গুড়িখিনি নষ্ট হয় । কোনো কামত নাহে ।"

তেওঁ কয়, "তেতিয়া এনে সমস্যা দূৰ কৰিবলৈ কিবা যন্ত্ৰ আছে নেকি সেই বিষয়ে অনুসন্ধান কৰি কোনো তথ্য নাপালো । সেয়ে যোৱা ছবছৰৰ পৰা এনে এক যন্ত্ৰ উদ্ভাৱনৰ প্ৰস্তুতি চলাই আছিলো । প্ৰথমে যন্ত্ৰটো বৈদ্যুতিক আছিল যদিও বিদ্যুৎ যোগান নাথাকিলে হ'ব পৰা সমস্যাৰ বাবে যান্ত্ৰিক ব্যৱস্থাৰে যন্ত্ৰটো চলাব পৰা ব্যৱস্থা কৰিলো । অৱশ্যে যন্ত্ৰটোৰ এটা ভাগ বৈদ্যুতিক ।"

Chalk ATM
যন্ত্ৰটোৰ বিষয়ে ব্যাখ্যা অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱাৰ (ETV Bharat Assam)
  • যন্ত্ৰটোৰ বিশেষত্ব কি

যন্ত্ৰটোৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ কয়, "এই যন্ত্ৰটোৰ দুটা ভাগ আছে– প্ৰথমটো হ'ল চক লোডাৰ, যিটোক চক এ টি এম দিছো । এই ভাগটোত গোটেই বছৰটোৰ বাবে চক ভৰাই থ’ব পাৰো । যেতিয়া যন্ত্ৰটোৰ ছুইচটো টিপি দিয়া যায় এডাল চক ওলাই আহে, যিডাল আমি ব'ৰ্ডত লিখিবলৈ ব্যৱহাৰ কৰিম । ব'ৰ্ডখন মোহাৰিলে বা চাফা কৰিলে ডাষ্টাৰটোত লাগি থকা চকৰ গুড়িখিনি যন্ত্ৰটোৰ দ্বিতীয়ভাগত স্থাপন কৰিলে তাত থকা মটৰটোৱে ডাষ্টাৰটোক ঘূৰোৱাৰ লগে লগে চকৰ গুড়িখিনি আঁতৰি যায় । যিখিনি পুনৰ নতুন চক নিৰ্মাণত ব্যৱহাৰ কৰিব পাৰি ।"

  • উদ্যোগ আৰু কৰ্মসংস্থাপনৰ সম্ভাৱনীয়তা

সহকাৰী অধ্যাপকগৰাকীয়ে লগতে কয়, "এই যন্ত্ৰটোৰ দুটা সম্ভাৱনীয়তা আছে । প্ৰথমটো হ'ল– এই যন্ত্ৰটো শিক্ষানুষ্ঠানৰ প্ৰত্যেকটো শ্ৰেণীকোঠাতে প্ৰয়োজন হ'ব । সেয়ে লাখৰ হিচাপত ইয়াৰ ব্যৱহাৰ হ'ব । এই যন্ত্ৰটো সাজি উলিয়াবলৈ উদ্যোগ প্ৰতিষ্ঠা হ'ব পাৰে । দ্বিতীয়টো হ'ল– যিখিনি চকৰ গুড়ি পোৱা যাব তাৰে থলুৱা ভিত্তিত চক নিৰ্মাণ কৰা ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ সম্ভাৱনীয়তা আছে ।"

  • পেটেণ্টৰ বাবে আবেদন

বেজবৰুৱাই লগতে জনায়, "যন্ত্ৰটোৰ পেটেণ্টৰ বাবে যাৱতীয় তথ্য-পাতি সংশ্লিষ্ট বিভাগক অৰ্পণ কৰা হৈছে । সকলো সঠিকভাৱে আগবাঢ়িছে । পেটেণ্ট লাভ কৰাৰ পাছত এই যন্ত্ৰটোৱে শ্ৰেণীকোঠাৰ পৰিৱেশ সলনি কৰিবলৈ সক্ষম হ'ব ।"

  • ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ তাৎপৰ্য

আজিৰ বিশ্বত বিজ্ঞান হৈছে প্ৰগতি আৰু উদ্ভাৱনৰ অন্যতম গুৰুত্বপূৰ্ণ চালক । সমাজত ইয়াৰ প্ৰভাৱ সৰ্বাধিক, যিয়ে আমাৰ চৌপাশৰ জগতখনৰ সৈতে আমাৰ জীৱন-যাপন, কাম কৰা আৰু যোগাযোগৰ ধাৰণাক ৰূপান্তৰিত কৰে ।

অতীজৰে পৰা বিজ্ঞানীসকলে অগণন আৱিষ্কাৰ-উদ্ভাৱন কৰি আহিছে, যিয়ে আন বহু আৱিষ্কাৰ-উদ্ভাৱনৰ পথ মুকলি কৰি দিছে । সেই পথত বিজ্ঞানে নিজৰ আৰু আমি বাস কৰা পৃথিৱীখনৰ বিষয়ে নিতৌ নতুন তথ্যৰে আমাক পৰিচয় কৰাই দিছে ।

১৯৮৬ চনত ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যোগাযোগ আয়োগে ভাৰত চৰকাৰৰ ওচৰত ২৮ ফেব্ৰুৱাৰীক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে স্বীকৃতি দিবলৈ আবেদন কৰে । পাছত চৰকাৰে এই আবেদনক অনুমোদন জনায় । এতিয়া গোটেই দেশজুৰি বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, আন আন শৈক্ষিক, বৈজ্ঞানিক, কাৰিকৰী, চিকিৎসা, গৱেষণা প্ৰতিষ্ঠানসমূহত এই দিৱস পালন কৰা হয় ।

প্ৰথম ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ২৮ ফেব্ৰুৱাৰী, ১৯৮৭ চনৰ পৰা আৰম্ভ হয় । এই দিলসত প্ৰতিবছৰে ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যোগাযোগ আয়োগে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰসাৰ আৰু জনপ্ৰিয় কৰাত গুৰুত্বপূৰ্ণ অৱদান যোগোৱা প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় বিজ্ঞান জনপ্ৰিয়কৰণ বঁটা আগবঢ়ায় ।

লগতে পঢ়ক :ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 2025: ইতিহাস আৰু তাৎপৰ্য - NATIONAL SCIENCE DAY 2025
লগতে পঢ়ক :অসমত স্থাপন হ’ব দ্বিতীয়টো ছেমিকণ্ডাক্টৰ প্ৰকল্প: কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ - SEMICONDUCTOR FABRICATION IN ASSAM
Last Updated : February 28, 2025 at 11:48 AM IST