ETV Bharat / technology

BNCAP ত ফাইভ ষ্টাৰ সুৰক্ষা ৰেটিং লাভ কৰিলে Tata Nexon EV 45 এ

টাটা মৰ্টছৰ কমপেক্ট SUV টাটা নেক্সন EV এ লাভ কৰিছে ফাইভ ষ্টাৰ ছেফটি ৰেটিং ৷

45kwh-variants-of-tata-nexon-ev-gets-5-star-rating-in-bharat-ncap-watch-video
BNCAP ত ফাইভ ষ্টাৰ সুৰক্ষা ৰেটিং লাভ কৰিলে Tata Nexon EV 45 এ (Bharat NCAP)
author img

By ETV Bharat Tech Team

Published : April 24, 2025 at 2:49 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: থলুৱা গাড়ী নিৰ্মাতা কোম্পানী টাটা মটৰ্ছৰ কম্পেক্ট এছ ইউ ভি টাটা নেক্সনে ভাৰতীয় বজাৰত ফাইভ ষ্টাৰ ছেফটি ৰেটিং লাভ কৰা প্ৰথমখন চাৰিচকীয়া । ইয়াৰ পিছত আন বহু গাড়ীয়েও লাভ কৰিবলৈ ধৰিলে এই ফাইভ ষ্টাৰ ছেফটি ৰেটিং ৷ পৰিৱেশ ৰক্ষাৰ দিশলৈ লক্ষ্য ৰাখি শেহতীয়াকৈ দেশত আৰম্ভ হৈছে ইলেক্ট্ৰিক বাহনৰ প্ৰচলন ৷ উল্লেখনীয় বিষয় যে টাটা মৰ্টছৰ ইলেক্ট্ৰিক বাহনসমূহেও পঞ্চতাৰকা ছেফটি ৰেটিং লাভ কৰিবলৈ সক্ষম হৈছে ।

ভাৰত এনচিএপিৰ ক্ৰেচ টেষ্ট ৰেটিংত নিখুঁত সুৰক্ষাৰ স্ক’ৰ লাভ কৰা শেহতীয়া গাড়ীখন হৈছে টাটা নেক্সন ইভি, যিয়ে টাটা নেক্সনক নিৰাপদ বাহন হিচাপে স্বীকৃতি প্ৰদান কৰিছে । নেক্সন ইভিয়ে প্ৰাপ্তবয়স্কৰ সুৰক্ষা ৰেটিংৰ লগতে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰতো ফাইভ ষ্টাৰ লাভ কৰিছে ।

ভাৰত এনচিএপিত টাটা নেক্সন ইভিৰ সুৰক্ষা ৰেটিং

45kwh-variants-of-tata-nexon-ev-gets-5-star-rating-in-bharat-ncap-watch-video
BNCAP ত ফাইভ ষ্টাৰ সুৰক্ষা ৰেটিং লাভ কৰিলে Tata Nexon EV 45 এ (Bharat NCAP)

ভাৰত এনচিএপিয়ে পৰীক্ষা কৰা ভেৰিয়েণ্টটো আছিল নেক্সন ইভি এলআৰ, যাৰ আৰম্ভণি মূল্য 13.99 লাখ টকা (এক্স-শ্ব’ৰুম)। টাটা নেক্সন 45 য়ে প্ৰাপ্তবয়স্ক সুৰক্ষাৰ ক্ষেত্ৰত 32 ৰ ভিতৰত 29.86 নম্বৰ লাভ কৰাৰ বিপৰীতে শিশু সুৰক্ষাৰ ক্ষেত্ৰত 49 ৰ ভিতৰত 44.95 নম্বৰ লাভ কৰে ।

টাটা নেক্সন ইভিয়ে চালক আৰু আন যাত্ৰীসকলক উন্নত সুৰক্ষা প্ৰদান কৰাৰ বিপৰীতে চালকে বুকু আৰু গাঁথি অংশত পৰ্যাপ্ত সুৰক্ষা প্ৰদান কৰিছিল । যাত্ৰীসকলৰ বাবেও নেক্সন ইভিয়ে বুকু আৰু গাঁথিক প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰিছে । শিশু সুৰক্ষাৰ ক্ষেত্ৰত টাটা নেক্সন ইভিয়ে ডাইনামিক স্ক’ৰিঙত 24 ৰ ভিতৰত 29.95 চাইল্ড ৰেষ্ট্ৰেইণ্ট চিষ্টেম (চি আৰ এছ) স্ক’ৰত 12 ৰ ভিতৰত 12 আৰু বাহন মূল্যায়ন স্ক’ৰত 13 ৰ ভিতৰত 9 লাভ কৰে ।

45kwh-variants-of-tata-nexon-ev-gets-5-star-rating-in-bharat-ncap-watch-video
BNCAP ত ফাইভ ষ্টাৰ সুৰক্ষা ৰেটিং লাভ কৰিলে Tata Nexon EV 45 এ (Bharat NCAP)

ভাৰত এনচিএপিয়ে পৰীক্ষা কৰা টাটা নেক্সন ইভিত ইলেক্ট্ৰ’নিক ষ্টেবিলিটি কণ্ট্ৰল (ইএছচি), চাইড হেড প্ৰটেকচন চিষ্টেম (কাৰ্টেইন এয়াৰবেগ), পেডেষ্ট্ৰিয়ান প্ৰটেকচন চিষ্টেম আৰু ছিট বেল্ট ৰিমাইণ্ডাৰ (এছবিআৰ)ৰ দৰে বৈশিষ্ট্যসমূহ সকলো ভেৰিয়েণ্টতে ষ্টেণ্ডাৰ্ড হিচাপে আছে ।

লগতে পঢ়ক