ETV Bharat / technology

99,000 টকা অধিক মূল্যত বজাৰত মুকলি হ’ল 2026 বৰ্ষৰ Kawasaki ZX-10R

কাৱাছাকি ইণ্ডিয়াই ভাৰতীয় বজাৰত মুকলি কৰিছে 2026 Kawasaki ZX-10R ৰ 2026 বৰ্ষৰ সংস্কৰণ । 2026 Kawasaki ZX-10R খনৰ বিষয়ে বিতংকৈ জানো আহক ---

2026-kawasaki-zx-10r-launched-in-india-price-design-features-and-more
99,000 টকা অধিক মূল্যত বজাৰত মুকলি হ’ল 2026 বৰ্ষৰ Kawasaki ZX-10R (kawasaki India)
author img

By ETV Bharat Tech Team

Published : September 10, 2025 at 2:56 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: স্প’ৰ্টছ মটৰ চাইকেল নিৰ্মাতা কোম্পানী কাৱাছাকি ইণ্ডিয়াই ভাৰতীয় বজাৰত মুকলি কৰিছে তেওঁলোকৰ ছুপাৰ বাইক Kawasaki ZX-10R ৰ 2026 বৰ্ষৰ সংস্কৰণ । কোম্পানীটোৱে এই মটৰ চাইকেলখন 19.49 লাখ টকা (এক্স শ্ব’ৰুম) মূল্যত মুকলি কৰিছে । ইয়াৰ পূৰ্বে মূল্য আছিল 18.50 লাখ টকা (এক্স-শ্ব’ৰুম) আৰু এই আপডেটৰ বাবে মটৰ চাইকেলখনৰ মূল্য বৃদ্ধি হৈছে 99,000 টকা ।

2025 Kawasaki ZX-10R ৰ মূল্য বৃদ্ধি

কাৱাছাকিয়ে ভাৰতীয় বজাৰত মুকলি কৰিছে নিজৰ ZX-10R supersport বাইকৰ 2026 মডেল । উল্লেখযোগ্য যে ইয়াক 2025 চনৰ মডেলৰ সৈতে মিল আছে যদিও তথাপিও কোম্পানীটোৱে ইয়াৰ মূল্য 99 হাজাৰ টকা বৃদ্ধি কৰিছে । বৃদ্ধি হৈ ইয়াৰ মূল্য হৈছে 19.49 লাখ টকা (এক্স শ্ব’ৰুম) ।

আমোদজনক কথাটো হ’ল কাৱাছাকি ইণ্ডিয়াই স্পষ্ট কৰি দিছে যে এই মূল্যত 350 CC ৰ ওপৰৰ মটৰ চাইকেলৰ আগন্তুক জিএছটি ৰেট অন্তৰ্ভুক্ত কৰা হোৱা নাই । 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱা সংশোধিত টেক্স স্লেবে এনে বাইকক উচ্চ কৰ ব্ৰেকেটত স্থান দিব, অৰ্থাৎ মূল্য আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

2026-kawasaki-zx-10r-launched-in-india-price-design-features-and-more
99,000 টকা অধিক মূল্যত বজাৰত মুকলি হ’ল 2026 বৰ্ষৰ Kawasaki ZX-10R (kawasaki India)

2026 Kawasaki ZX-10R ইঞ্জিন

নতুন মডেলটোৰ পাৱাৰ আউটপুট পূৰ্বৰ সংস্কৰণৰ তুলনাত হ্ৰাস পাইছে । 2025 চনৰ মডেলত পোৱা 999CC, ইনলাইন-ফোৰ, লিকুইড-কুল্ড ইঞ্জিনে সৰ্বোচ্চ শক্তি 210 বিএইচপি আৰু 114.9 এনএম টৰ্ক উৎপাদন কৰিছিল । 2026 চনৰ মডেলত একেটা ইঞ্জিনে 202 বিএইচপি শক্তি (ৰেম ইনটেকৰ সৈতে) আৰু 112 এনএম টৰ্ক প্ৰদান কৰে ।

নতুন 2026 Kawasaki ZX-10R ত ইঞ্জিনৰ শক্তি আৰু টৰ্ক আউটপুট কম 7.8 বিএইচপি আৰু 2.9 এনএম । আচৰিত কথাটো হ’ল কাৱাছাকিয়ে বাইকখনৰ এই প্ৰদৰ্শন হ্ৰাসৰ আঁৰৰ কাৰণ প্ৰকাশ কৰা নাই ।

2026-kawasaki-zx-10r-launched-in-india-price-design-features-and-more
99,000 টকা অধিক মূল্যত বজাৰত মুকলি হ’ল 2026 বৰ্ষৰ Kawasaki ZX-10R (kawasaki India)

হতাশাজনকভাৱে মটৰ চাইকেলখনৰ দাম বৃদ্ধি কৰাৰ লগতে প্ৰদৰ্শনৰ পৰিসংখ্যাও হ্ৰাস কৰা হৈছে । ইয়াৰ বাহিৰেও 2026 চনৰ মডেলটো পূৰ্বৰ মডেলৰ সৈতে একে । কেৱল সেয়াই নহয়, মটৰ চাইকেলখনৰ ৰঙৰ বিকল্পতো কোনো পৰিৱৰ্তন হোৱা নাই । নতুন Kawasaki ZX-10R মুঠ দুটা ৰঙৰ বিকল্পত আগবঢ়োৱা হৈছে – কাৱাছাকি কেআৰটি গ্ৰীণ আৰু গ্ৰে উইথ গ্ৰীণ এচেণ্ট ।

লগতে পঢ়ক