ETV Bharat / technology

TVS এ শীঘ্ৰে বজাৰত মুকলি কৰিব 2025 বৰ্ষৰ TVS Sport; মুকলি কৰিলে টিজাৰ

TVS Sport ৰ নতুন টিজাৰ মুকলি কৰিছে টিভিএছ মটৰ কোম্পানীয়ে ৷ শীঘ্ৰে এই বাইকখন বজাৰত মুকলি কৰিব বুলি জনাইছে কোম্পানীটোৱে ৷

2025-tvs-sport-to-launch-soon-with-new-color-options-and-updated-features
TVS এ শীঘ্ৰে বজাৰত মুকলি কৰিব 2025 বৰ্ষৰ TVS Sport; মুকলি কৰিলে টিজাৰ (TVS Motor Company)
author img

By ETV Bharat Tech Team

Published : April 23, 2025 at 4:04 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: দেশীয় মটৰ চাইকেল নিৰ্মাতা কোম্পানী টিভিএছ মটৰ কোম্পানীয়ে মুকলি কৰিছে তেওঁলোকৰ মটৰ চাইকেল টিভিএছ স্প’ৰ্টৰ নতুন টিজাৰ । এই টিজাৰত দেখা গৈছে যে কোম্পানীয়ে এই মটৰ চাইকেলখন নতুন ৰঙৰ বিকল্পত মুকলি কৰিবলৈ ওলাইছে । আশা কৰা হৈছে যে কোম্পানীটোৱে নতুন ৰঙৰ বিকল্পসমূহতো গ্রাফিক্স ব্যৱহাৰ কৰিব ৷ ইয়াৰ লগতে বাইকৰ দাম সামান্য বৃদ্ধি হ’ব পাৰে । কোম্পানীয়ে শীঘ্ৰে বজাৰত মুকলি কৰিব এই মটৰ চাইকেলখন ।

2025 চনৰ টিভিএছ স্প’ৰ্টত ডিজাইনৰ পৰিৱৰ্তন

কোম্পানীয়ে এই মটৰ চাইকেলখন নতুন ৰঙৰ বিকল্পত মুকলি কৰাই নহয়, ইয়াৰ ইন্ধনৰ টেংকত নতুন গ্রাফিক্সো দিব পাৰিব । ইয়াৰ উপৰিও বাইকখনৰ চাইড পেনেলত আৰু হয়তো হেডলাইটৰ কাউলত নতুন গ্রাফিক্স ব্যৱহাৰ কৰা হ’ব ৷

2025 চনৰ টিভিএছ স্প’ৰ্টছৰ পাৱাৰট্ৰেইন

2025-tvs-sport-to-launch-soon-with-new-color-options-and-updated-features
TVS এ শীঘ্ৰে বজাৰত মুকলি কৰিব 2025 বৰ্ষৰ TVS Sport; মুকলি কৰিলে টিজাৰ (TVS Motor Company)

টিভিএছ স্প’ৰ্টত পোৱা ইঞ্জিনৰ কথা ক’বলৈ গ’লে 2025 মডেলৰ বাবে ইয়াত কোনো পৰিৱৰ্তন নহ’ব । ইয়াত ব্যৱহাৰ কৰা হৈছে 109.7 চিচি, একক চিলিণ্ডাৰ ইঞ্জিন । এই ইঞ্জিনে 7350 আৰ পি এমত সৰ্বোচ্চ শক্তি 8.08 বি এইচ পি আৰু 4500 আৰ পি এমত সৰ্বোচ্চ টৰ্ক আউটপুট 8.7 এন এম প্ৰদান কৰে । এই ইঞ্জিনৰ সৈতে 4 স্পীড গিয়াৰবক্স সংযোগ কৰা হৈছে ।

2025 চনৰ টিভিএছ স্প’ৰ্টৰ বৈশিষ্ট্য

টিভিএছ স্প’ৰ্টত উপলব্ধ বৈশিষ্ট্যৰ কথা ক’বলৈ গ’লে এই বাইকখনত আছে এনালগ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, য’ত আছে স্পীড’মিটাৰ আৰু ইন্ধন গেজ । ইয়াৰ উপৰিও ইয়াত ইকন’ম’মিটাৰ আৰু পাৱাৰ লাইট আছে । ইয়াত এলয় চকা আৰু টিউবলেছ টায়াৰো স্থাপন কৰা হৈছে । ইয়াৰ উপৰিও ইয়াত এটা ইলেক্ট্ৰিক ষ্টাৰ্টাৰৰ ব্যৱস্থা কৰা হৈছে ।

বৰ্তমানৰ টিভিএছ স্প’ৰ্টৰ দাম

বৰ্তমান টিভিএছ স্প’ৰ্টৰ মূল্য 59,881 টকাৰ পৰা 71,785 টকাৰ ভিতৰত (এক্স-শ্ব’ৰুম)। কোম্পানীটোৱে এই মটৰ চাইকেলখন দুটা ভেৰিয়েণ্টত বিক্ৰী কৰিছে, য’ত আছে ই এছ আৰু ই এল এছ । এই দুটা ভিন্নতাৰ মাজত পাৰ্থক্য মাথো গ্ৰাফিক্সৰ ।

লগতে পঢ়ক