ETV Bharat / technology

TVS এ মুকলি কৰিলে IQUBE ৰ 2025 চনৰ আপডেটেড মডেল - 2025 TVS IQUBE ST LAUNCHED

টিভিএছ মটৰে বজাৰত মুকলি কৰিছে তেওঁলোকৰ ইলেক্ট্ৰিক স্কুটাৰ টিভিএছ IQUBE ৰ 2025 চনৰ আপডেটেড মডেল । ইয়াৰ দাম হ্ৰাস কৰা হৈছে ।

2025-tvs-iqube-st-launched-with-bigger-battery-and-extended-range-price-slashed
TVS এ মুকলি কৰিলে IQUBE ৰ 2025 চনৰ আপডেটেড মডেল (TVS Motor Company)
author img

By ETV Bharat Tech Team

Published : May 16, 2025 at 8:45 PM IST

3 Min Read

হায়দৰাবাদ: টিভিএছ মটৰ কোম্পানীয়ে বজাৰত মুকলি কৰিছে তেওঁলোকৰ ইলেক্ট্ৰিক স্কুটাৰ টিভিএছ IQUBE ৰ 2025 চনৰ আপডেটেড মডেল । কোম্পানীটোৱে 2025 চনৰ মডেল লাইনআপৰ মূল্য 99,741 টকাৰ পৰা 1.60 লাখ টকা (এক্স শ্ব’ৰুম)লৈ মুকলি কৰিছে । পৰিৱৰ্তনৰ কথা ক’বলৈ গ’লে নতুন ইলেক্ট্ৰিক স্কুটাৰখনৰ আটাইতকৈ বৃহৎ পৰিৱৰ্তন কৰা হৈছে বেটাৰী ক্ষেত্ৰত ।

ইয়াৰ অধীনত কোম্পানীয়ে বেটাৰী পেকৰ ক্ষমতা বৃদ্ধি কৰিছে, যাৰ বাবে ইলেক্ট্ৰিক স্কুটাৰৰ ৰেঞ্জো বৃদ্ধি পাইছে । বিশেষ কথাটো হ’ল টপ স্পেক টিভিএছ iQube ST ৰ দাম প্ৰায় 25 হাজাৰ টকালৈ হ্ৰাস কৰা হৈছে । ইয়াৰ উপৰিও টিভিএছ IQUBE ৰ কিছুমান ভিন্নতাতো সৰু সৰু ডিজাইনৰ পৰিৱৰ্তন কৰা হৈছে ।

2025 চনৰ টিভিএছ iQube বেটাৰী আৰু ৰেঞ্জ

2025-tvs-iqube-st-launched-with-bigger-battery-and-extended-range-price-slashed
TVS এ মুকলি কৰিলে IQUBE ৰ 2025 চনৰ আপডেটেড মডেল (TVS Motor Company)

পূৰ্বৰ টিভিএছ IQUBE, IQUBE S আৰু IQUBE ST ত 3.4 কিলোৱাট ঘণ্টাৰ বেটাৰী পেক ব্যৱহাৰ কৰা হৈছিল যদিও 2025 চনৰ মডেলত কোম্পানীটোৱে 3.5 কিলোৱাট ঘণ্টাৰ বেটাৰী পেক ব্যৱহাৰ কৰিছে, যিয়ে 145 কিলোমিটাৰ পৰ্যন্ত আইডিচি ৰেঞ্জ প্ৰদান কৰে । একেদৰে শীৰ্ষ স্পেক IQUBE এছ টিয়ে এতিয়া 5.3 কিলোৱাট ঘণ্টাৰ বেটাৰী পেক লাভ কৰিছে, যিয়ে পূৰ্বৰ 5.1 কিলোৱাট ঘণ্টাৰ পেকৰ স্থান লৈছে ।

টিভিএছ মটৰ কোম্পানীৰ মতে, নতুন 5.3 কিলোৱাট ঘণ্টাৰ বেটাৰী পেকে 212 কিলোমিটাৰ পৰ্যন্ত আইডিচি ৰেঞ্জ প্ৰদান কৰিবলৈ সক্ষম । ইয়াৰ বাহিৰেও টিভিএছ IQUBE ৰ বেচ ভেৰিয়েণ্ট 2.2 কিলোৱাট ঘণ্টাৰ কোনো পৰিৱৰ্তন হোৱা নাই আৰু ইয়াত 2.2 কিলোৱাট ঘণ্টাৰ বেটাৰী পেক অব্যাহত ৰখা হৈছে । সকলো ভিন্নতাতে কোম্পানীয়ে হাব মটৰ ব্যৱহাৰ কৰে, যিয়ে 4.4 কিলোৱাটৰ শীৰ্ষ শক্তি উৎপাদন প্ৰদান কৰে ।

ভেৰিয়েণ্টমূল্য (এক্স-শ্ব’ৰুম)
iQube 2.2 kWh99,741 টকা
iQube 3.5 kWh1.24 lakh টকা
iQube S 3.5 kWh1.35 lakh টকা
iQube ST 3.5 kWh1.46 lakh টকা
iQube ST 5.3 kWh1.60 lakh টকা

2025 চনৰ টিভিএছ IQUBE ৰ বৈশিষ্ট্য

টিভিএছ IQUBE 3.5, IQUBE S আৰু ST ত এতিয়া আণ্ডাৰ-চিট আৰু হেণ্ডেলবাৰ এৰিয়াৰ বাবে বেইজ পেনেলিং আৰু ডুৱেল টোন শ্বেডেড চিটৰ সৈতে উপলব্ধ কৰা হৈছে । অৱশ্যে মন কৰিবলগীয়া যে স্কুটাৰৰ ভেৰিয়েন্টসমূহৰ ফিচাৰ লিষ্ট পূৰ্বৰ দৰেই আছে ।

টপ-স্পেক মডেলৰ বৈশিষ্ট্যৰ কথা ক’বলৈ গ’লে ইয়াত ব্লুটুথ সংযোগৰ সৈতে 7 ইঞ্চিৰ টাচস্ক্ৰীণ আৰু টায়াৰ-প্ৰেচাৰ মনিটৰিং চিষ্টেম আছে । ইয়াৰ উপৰিও টিভিএছ IQUBE S ভেৰিয়েণ্টত 7 ইঞ্চিৰ নন-টাচ ডিছপ্লে পোৱা গৈছে, আনহাতে বেছ ভেৰিয়েণ্ট দুটাত 5 ইঞ্চিৰ নন-টাচ ডিছপ্লে ব্যৱহাৰ কৰা হৈছে ৷

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.