ETV Bharat / technology

পূৰ্বৰ দামতেই ছুজুকি ইণ্ডিয়াই মুকলি কৰিলে আপডেটেড Suzuki V-Strom 800 DE

ছুজুকি ইণ্ডিয়াই ভাৰতত মুকলি কৰিছে 2025 বৰ্ষৰ Suzuki V-Strom 800 DE ৷ আপডেটেড মডেল মুকলি কৰিলেও কোম্পানীটোৱে বাইকখনৰ দাম পূৰ্বৰ দৰেই একেই ৰাখিছে ৷

2025-suzuki-vstrom-800de-launched-in-india-price-features-specifications-and-more
আপডেটেড Suzuki V-Strom 800 DE (Suzuki India)
author img

By ETV Bharat Tech Team

Published : June 6, 2025 at 4:51 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: দুচকীয়া বাহন নিৰ্মাতা কোম্পানী Suzuki Motorcycle India ই ভাৰতীয় বজাৰত মুকলি কৰিছে Suzuki V-Strom 800 DE ৰ 2025 বৰ্ষৰ আপডেটেড মডেল ৷ কোম্পানীয়ে এই মটৰ চাইকেলখনৰ দাম 10.30 লাখ (এক্স-শ্ব’ৰুম) টকা নিৰ্ধাৰণ কৰিছে ৷ পুৰণি মডেলটোৰ তুলনাত এই নতুন মডেলটোত যথেষ্ট কম সালসলনি ঘটোৱা হৈছে ৷

2025 Suzuki V-Strom 800 DE ত পৰিৱৰ্তন

Suzuki V-Strom 800 DE খন ভাৰতীয় বজাৰত এবছৰ পূৰ্বে মুকলি কৰা হৈছিল আৰু কোম্পানীয়ে শেহতীয়াকৈ মিড চাইজ ADB ৰ শেহতীয়া মডেলটো বজাৰত মুকলি কৰিছে ৷ 2025 বৰ্ষৰ বাইকখনত যথেষ্ট কম পৰিৱৰ্তন কৰা হৈছে ৷ যদিও বাইকখন এতিয়া OBD-2B নিৰ্গমন নীতি অনুসৰি আৰু নতুন ৰঙৰ বিকল্প প্ৰৱৰ্তন কৰা হৈছে ।

2025 Suzuki V-Strom 800 DE ত ৰঙৰ বিকল্প

2025-suzuki-vstrom-800de-launched-in-india-price-features-specifications-and-more
আপডেটেড Suzuki V-Strom 800 DE (Suzuki India)

বাইকখন নতুন ৰঙৰ পাৰ্ল টেক হোৱাইটত মুকলি কৰা হৈছে, য’ত এতিয়া সোণৰ পৰিৱৰ্তে নীলা ৰঙৰ ৰিম পোৱা গৈছে, আনহাতে গ্লাছ স্পাৰ্কল ব্লেক আৰু চেম্পিয়ন ইয়েলো নং 2 ৰ প্ৰস্তাৱ দিয়া হৈছে । এই বাইকখনৰ আন সকলো দৃশ্যগত উপাদান একেই আছে আৰু ইয়াত 5 ইঞ্চিৰ টিএফটি ডিছপ্লেও দিয়া হৈছে ।

2025 Suzuki V-Strom 800 DE ৰ পাৱাৰ ট্ৰেইন

যান্ত্ৰিকভাৱে নতুন Suzuki V-Strom 800 DE ত দিয়া হৈছে 776CC পেৰেলেল টুইন ইঞ্জিন ৷ নতুন Suzuki V-Strom 800 DE ত 776CC পেৰেলেল টুইন ইঞ্জিনেৰে চালিত, যিয়ে আগৰ দৰেই 83 বিএইচপি শক্তি আৰু 78 এনএম টৰ্ক উৎপন্ন কৰে । চুজুকি ভি-ষ্ট্ৰমৰ ওজন 232 কিলোগ্ৰাম যদিও ইয়াৰ ছাচপেনচন ট্ৰেভেল 220 মিমিও আছে । বাইকখনত 21 ইঞ্চি/17 ইঞ্চি হুইল আকাৰৰ চকা পোৱা যায় আৰু লগতে সম্পূৰ্ণ এডজাষ্টেবল ছাচপেনচনো পোৱা যায় ।

2025-suzuki-vstrom-800de-launched-in-india-price-features-specifications-and-more
আপডেটেড Suzuki V-Strom 800 DE (Suzuki India)

এক কথাত ক’বলৈ গ’লে, এইবোৰৰ উপৰি Suzuki V-Strom ত বৰ বিশেষ একো পৰিৱৰ্তন কৰা হোৱা নাই ৷ কোম্পানীয়ে দামো কম-বেছি কৰা নাই ৷ 2024 ৰ মাৰ্চ মাহত 10.30 লাখ টকাত মুকলি কৰা বাইকখনৰ দাম বৰ্তমানেও একেই ৰাখিছে কোম্পানীয়ে ৷

লগতে পঢ়ক