ETV Bharat / technology

11.42 লাখ টকা আৰম্ভণি মূল্যত মুকলি হ’ল 6 টা এয়াৰবেগযুক্ত মাৰুতি ছুজুকি গ্ৰেণ্ড ভিটাৰা - 2025 MARUTI GRAND VITARA LAUNCHED

মাৰুতি ছুজুকিয়ে ভাৰতীয় বজাৰত মুকলি কৰিছে 2025 বৰ্ষৰ মাৰুতি গ্ৰেণ্ড ভিটাৰা । বহু সুৰক্ষা বৈশিষ্ট্যযুক্ত আপডেটেড চাৰিচকীয়াখনৰ আৰম্ভণি মূল্য 11.42 লাখ টকা (এক্স শ্ব’ৰুম) ৷

2025-maruti-suzuki-grand-vitara-launched-check-out-whats-new-in-the-updated-suv
11.42 লাখ টকা আৰম্ভণি মূল্যত মুকলি হ’ল 6 টা এয়াৰবেগযুক্ত মাৰুতি ছুজুকি গ্ৰেণ্ড ভিটাৰা (Maruti Suzuki)
author img

By ETV Bharat Tech Team

Published : April 24, 2025 at 12:57 PM IST

4 Min Read

হায়দৰাবাদ: থলুৱা গাড়ী নিৰ্মাতা কোম্পানী মাৰুতি ছুজুকিয়ে ভাৰতত মুকলি কৰিছে 2025 চনৰ আপডেট কৰা মাৰুতি গ্ৰেণ্ড ভিটাৰা । কোম্পানীটোৱে এই গাড়ীখনৰ আৰম্ভণি মূল্য 11.42 লাখ টকা (এক্স শ্ব’ৰুম) নিৰ্ধাৰণ কৰিছে । কোম্পানীয়ে আপডেট কৰা মডেলটোৰ শেহতীয়া সুৰক্ষা আপডেট দিয়াৰ লগতে ভেৰিয়েন্টসমূহো সম্প্ৰসাৰণ কৰিছে । ইয়াৰ লগতে গাড়ীখনৰ বৈশিষ্ট্যসমূহ আপডেট কৰা হৈছে আৰু ভৱিষ্যতৰ বাবে সাজু ইন্ধনৰ সামঞ্জস্যতা নিশ্চিত কৰা হৈছে । ইয়াত আমি আপোনালোকক জনাইছো ইয়াত কি কি নতুন বৈশিষ্ট্য উপলব্ধ---

  • সুৰক্ষা বৈশিষ্ট্য

2025 বৰ্ষৰ মাৰুতি গ্ৰেণ্ড ভিটাৰাত সুৰক্ষা ক্ষেত্ৰত এক বিশেষ আপডেট কৰা হৈছে ৷ গ্ৰেণ্ড ভিটাৰাৰ প্ৰতিটো ভেৰিয়েণ্টতে যাত্ৰীৰ সুৰক্ষাৰ বাবে 6 টাকৈ এয়াৰবেগ দিয়া হৈছে ৷ সমান্তৰালভাৱে, এটা সুৰক্ষাৰ সৈতে জড়িত পেকেজো গাড়ীবোৰত প্ৰদান কৰা হৈছে ৷ ইলেকট্ৰিক ষ্টেবিলিটী প্ৰ’গাম (ESP) প্ৰদান কৰা হৈছে ৷

2025-maruti-suzuki-grand-vitara-launched-check-out-whats-new-in-the-updated-suv
11.42 লাখ টকা আৰম্ভণি মূল্যত মুকলি হ’ল 6 টা এয়াৰবেগযুক্ত মাৰুতি ছুজুকি গ্ৰেণ্ড ভিটাৰা (Maruti Suzuki)

ইয়াৰ উপৰিও হিল হোল্ড এছিষ্ট, ইবিডিৰ সৈতে এবিএছ, সন্মুখ আৰু পিছফালৰ ডিস্ক ব্ৰেক আৰু সকলো যাত্ৰীৰ বাবে 3 পইণ্ট ইএলআৰ ছিট বেল্ট অন্তৰ্ভুক্ত কৰা হৈছে । এই SUV ত ISOFIX চাইল্ড ছিট মাউণ্টো অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত ই পৰিয়ালৰ বাবে এক উন্নত পছন্দ । লগতে সুৰক্ষাক অগ্ৰাধিকাৰ দিয়া সচেতন ক্ৰেতাৰ আকৰ্ষণ বৃদ্ধি কৰে ।

  • নতুন ভেৰিয়েন্ট সংযোগ

কোম্পানীয়ে বজাৰত এই গাড়ীখন শক্তিশালী হাইব্ৰিড চিষ্টেমৰ সৈতে বিক্ৰী কৰি আছে আৰু এতিয়া কোম্পানীয়ে এই গাড়ীখনৰ ভেৰিয়েন্ট বৃদ্ধি কৰিছে । মাৰুতি চুজুকিয়ে প্ৰৱৰ্তন কৰিছে নতুন ডেল্টা+ ষ্ট্ৰং হাইব্ৰিড ভেৰিয়েন্ট, যাৰ মূল্য 16.99 লাখ টকা (এক্স শ্ব’ৰুম)।

এই নতুন ভেৰিয়েন্টটো জেটা+ আৰু আলফা+ ট্ৰিমৰ তলত স্থাপন কৰা হৈছে, যাৰ ফলত অধিক গ্ৰাহকে হাইব্ৰিড প্ৰযুক্তিৰ খৰচ বহন কৰিব পাৰিব । ই ব্যয়সাধ্যতা আৰু ইন্ধন কাৰ্যক্ষমতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰে, যিয়ে মাৰুতি চুজুকিক হাইব্ৰিড এছ ইউ ভি ছেগমেণ্টত নিজৰ স্থান শক্তিশালী কৰাত সহায় কৰে ।

  • নতুন বৈশিষ্ট্যৰ আপডেট

2025 চনৰ আপডেট হিচাপে গ্ৰেণ্ড ভিটাৰাৰ নিম্ন ভেৰিয়েণ্টত বহুতো প্ৰিমিয়াম বৈশিষ্ট্যও অন্তৰ্ভুক্ত কৰা হৈছে । এতিয়া এই এছ ইউ ভিখনক 8-ৱে পাৱাৰ-এডজাষ্টেবল ড্ৰাইভাৰ চিট, 6 স্পীড অটোমেটিক ভেৰিয়েন্টৰ বাবে অটো হ’ল্ডৰ সৈতে ইলেক্ট্ৰনিক পাৰ্কিং ব্ৰেক আৰু ইন-কেবিন এয়াৰ গুণগত মান উন্নত কৰাৰ বাবে পি এম 2.5 ডিছপ্লেৰ সৈতে এয়াৰ পিউৰিফায়াৰ দিয়া হৈছে । ইয়াৰ উপৰিও নতুন এল ই ডি কেবিন লেম্প আৰু পিছফালৰ দুৱাৰৰ ছানশ্বেডে ভিতৰৰ আৰাম আৰু পৰিৱেশ আৰু অধিক বৃদ্ধি কৰে । ইয়াৰ উপৰিও জনপ্ৰিয় ছানৰুফৰ বৈশিষ্ট্য এতিয়া গ্ৰেণ্ড ভিটাৰাৰ জেটা (O), আলফা (O), জিটা+ (O) আৰু আলফা+ (O) ট্ৰিমত উপলব্ধ, যাৰ ফলত ইয়াক পূৰ্বতকৈ অধিক সুলভ কৰি তোলা হৈছে ।

  • নতুন চকা

ডিজাইনৰ কথা ক’বলৈ গ’লে 2025 চনৰ গ্ৰেণ্ড ভিটাৰাত প্ৰদান কৰা হৈছে সূক্ষ্ম কিন্তু ষ্টাইলিছ আপডেট । এছ ইউ ভিখনে 17 ইঞ্চিৰ প্ৰিচিচন কাট এলয় হুইলৰ নতুন ছেট লাভ কৰিছে, যিয়ে এছ ইউ ভিক অধিক গতিশীল আৰু প্ৰিমিয়াম লুক প্ৰদান কৰে । এই নতুন চকাসমূহে এই শেহতীয়া মডেলটোক এক সুকীয়া ৰূপ দিয়ে ৷ ইয়ে পথত গাড়ীখনৰ উপস্থিতি আৰু আধুনিক আবেদন পূৰ্বতকৈ অধিক বৃদ্ধি কৰে ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.