ETV Bharat / technology

নতুন লুক আৰু বৈশিষ্ট্যৰ সৈতে বজাৰত মুকলি হ’ল হোণ্ডা শ্বাইন 100 - HONDA SHINE 100 LAUNCHED

হোণ্ডাই ভাৰতীয় বজাৰত মুকলি কৰিছে 2025 চনৰ আপডেট কৰা হোণ্ডা শ্বাইন 100 । ইয়াৰ ইঞ্জিন OBD-2B কম্প্লাইয়েণ্ট কৰা হৈছে ।

2025-honda-shine-100-launched-in-india-with-new-colours-and-updated-engine-everything-you-must-know-about-it
নতুন লুক আৰু বৈশিষ্ট্যৰ সৈতে বজাৰত মুকলি হ’ল হোণ্ডা শ্বাইন 100 (HONDA)
author img

By ETV Bharat Tech Team

Published : March 18, 2025 at 4:50 PM IST

2 Min Read

হায়দৰাবাদ: হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই ভাৰতত মুকলি কৰিছে 2025 চনৰ নতুন হোণ্ডা শ্বাইন 100 । ইয়াৰ ইঞ্জিন এতিয়া OBD-2B কম্প্লাইয়েন্সৰ সৈতে মুকলি কৰা হৈছে । ইয়াক একক ভেৰিয়েন্টত মুকলি কৰা হৈছে । অৱশ্যে এই বাইকখন পাঁচটা ৰঙত মুকলি কৰা হৈছে ৷ ইয়াৰ লগতে 2025 চনৰ হোণ্ডা শ্বাইন 100 ৰ বডি পেনটো নতুন সতেজ গ্রাফিক্সৰ সৈতে অনা হৈছে ৷ এই আপডেট লাভৰ পিছত কোম্পানীটোৱে অধিক বিক্ৰী বৃদ্ধি কৰাৰ সম্ভাৱনা আছে ।

ইঞ্জিন

2025 চনৰ হোণ্ডা শ্বাইন 100 ত পুৰণি 98.98 চিচি, এয়াৰ কুলড, একক চিলিণ্ডাৰ ইঞ্জিন ব্যৱহাৰ কৰা হৈছে যিয়ে 7.38 পিএছ শক্তি আৰু 8.05 এনএম টৰ্ক উৎপন্ন কৰে । ইয়াৰ ইঞ্জিন এতিয়া OBD-2B কম্প্লাইয়েণ্ট । ইঞ্জিনটো আগৰ দৰেই 4 স্পীড গিয়াৰবক্সৰ সৈতে সংযোগ কৰা হৈছে ।

মূল্য

নতুন মূল্যত মুকলি কৰা হৈছে নতুন হোণ্ডা শ্বাইন 100 । ইয়াৰ এক্স শ্ব’ৰুমৰ মূল্য 68,767 টকা, যিটো পূৰ্বতকৈ 1867 টকা অধিক । ভাৰতীয় বজাৰত ই হিৰো এইচ এফ100, হিৰো স্প্লেণ্ডাৰ আৰু বাজাজ প্লেটিনা 100 ৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব ।

বৈশিষ্ট্য

আপডেট কৰা হোণ্ডা শ্বাইন 100 ত পূৰ্বৰ দৰেই টেলিস্কোপিক ফৰ্ক আৰু টুইন শ্বক এবজৰ্বাৰ উপলব্ধ । ই আগৰ দৰেই টিউব টায়াৰৰ সৈতে 17 ইঞ্চিৰ এলয় হুইলত চলিব । ব্ৰেকিঙৰ বাবে ইয়াত চিবিএছ (কম্বাইণ্ড ব্ৰেকিং চিষ্টেম)ৰ সৈতে 130 মিলিমিটাৰ সন্মুখ আৰু 110 মিলিমিটাৰ পিছফালৰ ড্ৰাম ব্ৰেক পোৱা যায় । ইয়াৰ আসনৰ উচ্চতা 786 মিলিমিটাৰ, গ্ৰাউণ্ড ক্লিয়াৰেন্স 168 মিলিমিটাৰ আৰু ওজন মাত্ৰ 99 কিলোগ্ৰাম ।

2025 চনৰ হোণ্ডা শ্বাইন 100 ৰ এনালগ ইনষ্ট্ৰুমেণ্ট কনছ’ল আছে, যিটো হৈছে স্পীড’মিটাৰ, অড’মিটাৰ । সুৰক্ষাৰ কথা মনত ৰাখি বাইকখনত চাইড ষ্টেণ্ড ইঞ্জিন কাট অফ ফিচাৰ লগোৱা হৈছে । এতিয়া OBD-2B আপডেটৰ সৈতে ই অধিক ফ্ৰেইণ্ড্লী হৈ পৰিছে । একে সময়তে নতুন ৰং এটা উপলব্ধ হোৱাৰ ফলত সম্ভাৱ্য ক্ৰেতাৰ মাজত ইয়াৰ আকৰ্ষণ বৃদ্ধি পাব পাৰে ।

ৰং

2025 চনৰ হোণ্ডা শ্বাইন 100 ক’লা, ৰঙা, ক’লা নীলা, ক’লা কমলা, ক’লা ধূসৰ আৰু ক’লা সেউজীয়া ৰঙত উপলব্ধ ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.