হায়দৰাবাদ: হিৰো পেচন প্লাছৰ পিছত এতিয়া দেশৰ সৰ্ববৃহৎ মটৰ চাইকেল নিৰ্মাতা কোম্পানী হিৰো মট’কৰ্পে মুকলি কৰিছে তেওঁলোকৰ বেষ্ট চেলাৰ কমিউটাৰ মটৰ চাইকেল হিৰো স্প্লেণ্ডাৰ প্লাছৰ 2025 চনৰ আপডেট মডেল । কোম্পানীয়ে এই মটৰ চাইকেলখন OBD-2B নিৰ্গমন নীতিৰ ওপৰত ভিত্তি কৰি আপডেট কৰিছে ।
কোম্পানীটোৱে এই মটৰ চাইকেলখন 78,926 টকা (এক্স শ্ব’ৰুম) মূল্যত মুকলি কৰিছে । এই আপডেটৰ বাবে কোম্পানীয়ে নতুন 2025 হিৰো স্প্লেণ্ডাৰ প্লাছৰ মূল্য পুৰণি মডেলৰ তুলনাত 1750 টকা বৃদ্ধি কৰিছে । গতিকে এই মটৰ চাইকেলখনত কি কি নতুন বৈশিষ্ট্য সংযোজন কৰা হৈছে জানো আহক ---
2025 চনৰ হিৰো স্প্লেণ্ডাৰ প্লাছৰ নতুন আপডেট
কঠোৰ OBD-2B নিৰ্গমন নীতি মানি চলাৰ উপৰিও হিৰো মট’কৰ্পে 2025 চনৰ নতুন হিৰো স্প্লেণ্ডাৰ প্লাছৰ ডিজাইনত কোনো পৰিৱৰ্তন কৰা নাই । ইয়াৰ পাৱাৰট্ৰেইনৰ কথা ক’বলৈ গ’লে ইয়াত একেটা বৰ্তমানৰ 97.2 চিচি, একক চিলিণ্ডাৰ, এয়াৰ কুল ইঞ্জিন ব্যৱহাৰ কৰা হৈছে । এই ইঞ্জিনে 7.9 bhp শক্তি আৰু 8.05 Nm সৰ্বোচ্চ টৰ্ক উৎপন্ন কৰে ।

এই ইঞ্জিনৰ সৈতে 4 স্পীড গিয়াৰবক্স সংযোগ কৰা হৈছে আৰু একেটা ইঞ্জিনকে আপডেট কৰা হিৰো পেচন প্লাছ আৰু হিৰো এইচ এফ ডিলাক্স মডেলতো ব্যৱহাৰ কৰা হৈছে । কোম্পানীটোৱে হিৰো স্প্লেণ্ডাৰ প্লাছক মুঠ তিনিটা ভেৰিয়েন্টত বিক্ৰী কৰিছে, য’ত আছে স্প্লেণ্ডৰ+, স্প্লেণ্ডৰ+ এক্সটেক আৰু স্প্লেণ্ডৰ+ এক্সটেক 2.0 - যিবোৰৰ বিভিন্ন বৈশিষ্ট্য আছে ।
2025 চনৰ হিৰো স্প্লেণ্ডাৰ প্লাছৰ বৈশিষ্ট্য
ইয়াৰ বেচ ভেৰিয়েন্ট Splendor+ বাজেট ফ্ৰেইণ্ডলী । তাৰ পিছত টপ-এণ্ড স্প্লেণ্ডাৰ+ এক্সটেক 2.0 এ এল ই ডি হেডলাইট আৰু ব্লুটুথ সক্ষম ডিজি-এনালগ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰৰ দৰে আধুনিক বৈশিষ্ট্য লাভ কৰে ।
উল্লেখ্য যে, হিৰো স্প্লেণ্ডাৰ প্লাছৰ সকলো ভিন্নতাতে টিউবলেছ টায়াৰ ষ্টেণ্ডাৰ্ড হিচাপে ব্যৱহাৰ কৰা হয় । কোম্পানীটোৱে নিজৰ সকলো ভেৰিয়েণ্টৰ মূল্য 1750 টকা বৃদ্ধি কৰিছে । মূল্যবৃদ্ধিৰ পিছত হিৰো স্প্লেণ্ডাৰ প্লাছ ৰেঞ্জৰ মূল্য 78,926 টকাৰ পৰা আৰম্ভ হৈ স্প্লেণ্ডাৰ প্লাছ এক্সটেক 2.0 ভেৰিয়েণ্টৰ মূল্য 85,501 টকা (এক্স-শ্ব’ৰুম)লৈ বৃদ্ধি পাইছে ।
লগতে পঢ়ক