ETV Bharat / technology

Bentley এ প্ৰকাশ কৰিলে ইয়াৰ সবাতোকৈ দ্ৰুতবেগী SUV - Bentayga Speed - NEW BENTLEY BENTAYGA SPEED REVEALED

Bentley এ প্ৰকাশ কৰিছে ইয়াৰ নতুন Bentley Bentayga Speed ​​SUV ৷

2025-bentley-bentayga-speed-revealed-for-global-market-companys-fastest-suv
Bentayga Speed ৰ বাহ্যিক অংশ (Bentley)
author img

By ETV Bharat Tech Team

Published : June 3, 2025 at 5:11 PM IST

3 Min Read

হায়দৰাবাদ: ছুপাৰ কাৰ নিৰ্মাতা কোম্পানী Bentley এ প্ৰদৰ্শন কৰিছে ইয়াৰ নতুন Bentley Bentayga Speed ​​SUV ৷ এই SUV খন হৈছে ব্ৰিটিছ গাড়ী নিৰ্মাতা কোম্পানীটোৰ এতিয়ালৈকে নিৰ্মাণ হোৱা গাড়ীবোৰৰ ভিতৰত সৰ্বাধিক দ্ৰুততম এছ ইউ ভি । 2025 চনৰ বেণ্টাইগা স্পীডত পূৰ্বৰ মডেলৰ W12 ইঞ্জিনৰ পৰিৱৰ্তে সৰু V8 ইঞ্জিন ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত ইয়াৰ ওজন যথেষ্ট হ্ৰাস পাইছে । কোম্পানীটোৱে দাবী কৰিছে যে শেহতীয়া Bentayga Speed ​​অধিক শক্তিশালী আৰু ইয়াৰ শীৰ্ষ গতিও অধিক ।

2025 Bentley Bentayga Speed ৰ পাৱাৰট্ৰেইন

2025 চনৰ বেণ্টাইগা স্পীডত ব্যৱহাৰ কৰা হৈছে 4.0 লিটাৰৰ টুইন টাৰ্বোচাৰ্জড V8 ইঞ্জিন, যিটো 8 স্পীড অটোমেটিক গিয়াৰবক্সৰ সৈতে সংযোগ কৰা হৈছে । এই ইঞ্জিনে 641bhp শক্তি আৰু 850Nm টৰ্ক উৎপাদন কৰে । Bentayga Speed ​​SUV য়ে মাত্ৰ 3.6 ছেকেণ্ডত 0 ৰ পৰা 100 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰে আৰু ইয়াৰ সৰ্বোচ্চ গতিবেগ 310 কিলোমিটাৰ ।

2025-bentley-bentayga-speed-revealed-for-global-market-companys-fastest-suv
Bentayga Speed ৰ বাহ্যিক অংশ (Bentley)

ইয়াৰ পূৰ্বৰ গাড়ীখনত 6.0 লিটাৰৰ টুইন টাৰ্বো W12 ইঞ্জিন আছিল যিয়ে 626 bhp শক্তি আৰু 900 Nm ​​টৰ্ক উৎপাদন কৰিছিল । নতুন ইঞ্জিনটোৱে 14.7 bhp অধিক শক্তি উৎপাদন কৰে যদিও টৰ্ক 50 Nm সামান্যভাৱে হ্ৰাস পাইছে । এই ইঞ্জিনৰ সহায়ত গাড়ীখনে 3.9 -ছেকেণ্ডত 0ৰ পৰা 100 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰিব পাৰিছিল, আনহাতে ইয়াৰ শীৰ্ষ গতি আছিল 306 কিলোমিটাৰ । ইয়াত ষ্টেণ্ডাৰ্ড স্প’ৰ্টছ এক্সজেষ্ট পোৱা যায়, আনহাতে এটা অপশ্যনেল আক্ৰাপভিচ টাইটানিয়াম চিষ্টেমও উপলব্ধ ।

নতুন বেণ্টাইগা স্পীডত কমাই দিয়া হৈছে 42 কিলোগ্ৰাম ওজন আৰু ইয়াৰ কাৰ্ব ওজন 2466 কিলোগ্ৰাম, ইয়াৰে বেছিভাগেই সৰু ইঞ্জিনৰ বাবে । ইয়াৰ উপৰিও কোম্পানীটোৰ অভিযন্তাসকলে ইয়াৰ ড্ৰাইভ মোডসমূহো পুনৰ নিৰ্মাণ কৰিছে । ইয়াৰ ভিতৰত আছে স্প’ৰ্ট মোড, যিয়ে ডেম্পাৰৰ কঠিনতা 15 শতাংশ বৃদ্ধি কৰে । ইয়াৰ উপৰিও পিছৰ চকা ষ্টিয়াৰিং কম গতি আৰু উচ্চ গতিৰ স্থিৰতা দুয়োটাৰে বাবে উপযোগী ।

2025 Bentley Bentayga Speed ৰ আভ্যন্তৰীণ আৰু বাহ্যিক ডিজাইন

Bentayga Speed ৰ আভ্যন্তৰীণ অংশ (Bentley)

2025 Bentley Bentayga Speed ৰ আভ্যন্তৰীণ ডিজাইনৰ কথা ক’বলৈ গ’লে কোম্পানীয়ে এই গাড়ীখনৰ কাষৰ ফালে স্পীড বেড দিছে, যিয়ে ইয়াক বিশেষ ৰূপ প্ৰদান কৰিছে ৷ ইয়াৰ উপৰিও অপশ্যনেল 23 ইঞ্চিৰ চকাত কাৰ্বন-চিৰামিক ব্ৰেক আছে । ইণ্টেৰিয়ৰৰ কথা ক’বলৈ গ’লে ইয়াৰ ডিজিটেল ড্ৰাইভাৰ ডিছপ্লেৰ বাবে বেলেগ লেআউট, ডেচব’ৰ্ড আৰু ট্ৰেডপ্লেটত স্পীড বেজ আৰু চিটত মেচিং স্পীড এম্ব্ৰয়ডাৰী আছে ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.