জুবিনৰ শেষযাত্ৰাত অংশ ল'বলৈ দিয়ক সিদ্ধাৰ্থক: চকুলো টুকি ক'লে গৰিমা শইকীয়া গাৰ্গে
জুবিন অনুৰাগী আৰু অসমবাসী ৰাইজক আহ্বান গৰিমা শইকীয়া গাৰ্গৰ ।

Published : September 20, 2025 at 8:08 PM IST
গুৱাহাটী: হঠাৎ কি হৈ গ'ল এয়া ! মুঠেওতো এনেকুৱা হোৱাৰ কথা নাছিল ! কান্দি কান্দি চকুলোও যেন শুকাই গৈছে গৰিমা শইকীয়া গাৰ্গৰ ৷ ''জুবিন আহিব এতিয়া, আপোনালোকে জীয়াই থকা কালটোত বহুত মৰম-আশীৰ্বাদ দিলে জুবিনক আৰু আপোনালোককো সমানে ভালপায় জুবিনে । জুবিন এতিয়া আহিব, শান্তিপূৰ্ণভাৱে যাতে সকলো হৈ যায় ।'' কান্দি কান্দি ভাগৰুৱা হৈ পৰা এয়া গৰিমা শইকীয়া গাৰ্গৰ ভাষ্য ।
জুবিন অনুৰাগী আৰু অসমবাসী ৰাইজক আহ্বান কৰি গৰিমা শইকীয়া গাৰ্গে এই অনাকাংক্ষিত ঘটনাৰ পিছত প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত আহি কয়, ''জুবিনৰ শেষযাত্ৰাত অংশ ল'বলৈ দিয়ক সিদ্ধাৰ্থক ।
শান্তিপূৰ্ণভাৱে সকলো হৈ যাওঁক, জুবিনৰ যি শেষযাত্ৰা, সেয়া একো বিঘিনি নঘটাকে শান্তিপূৰ্ণভাবে হওঁক । সংঘাতৰ সৃষ্টি নহওঁক । পুলিচ প্ৰশাসনে আমাক বহুত সহায় কৰি আছে । জুবিন আহক, সকলোৱে চাম জুবিনক, সকলোৱে শেষবাৰৰ বাবে চাম ।''
গৰিমা শইকীয়া গাৰ্গে আৰু কয়, "আপোনালোকে জানে সেই ক'ভিডৰ সময়ত সিদ্ধাৰ্থে জুবিন কিমান সহায় কৰি বচাই আনিলে । আপোনালোকে তাৰ বিৰুদ্ধে FIR দিছে । তাক আহিবলৈ দিয়ক, জুবিনৰ শেষযাত্ৰাত অংশ ল'বলৈ দিয়ক । তাক লাগিব মোৰ লগত । নহ'লে মই চলিব নোৱাৰিম । জুবিনৰ বহুত কাম কৰিবলৈ আছে । সেইবোৰ কৰিবলৈ তাৰ সহায় লাগিব । সেয়েহে আপোনালোকে সহযোগিতা কৰক ।"

