ETV Bharat / state

প্ৰাণৰ শিল্পীলৈ শেষ শ্ৰদ্ধা... সৰুসজাইত জনসমুদ্ৰ

বিমানবন্দৰৰ পৰা পোনে পোনে কাহিলীপাৰাৰ বাসগৃহলৈ লৈ যোৱা শিল্পীগৰাকীৰ নশ্বৰদেহ ।

Zubeen Garg
গুৱাহাটী বিমানবন্দৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰদেহ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 21, 2025 at 7:44 AM IST

|

Updated : September 21, 2025 at 10:05 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : অৱশেষত অসম পালেহি সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰদেহ । পুৱা প্ৰায় ৬.৩৫ বজাত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে জুবিন গাৰ্গৰ নশ্বৰদেহ লৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানখনে । নতুন দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়াৰ AXB1197 নম্বৰৰ বিমানেৰে অসমলৈ অনা হৈছে অসমবাসীৰ হৃদস্পন্দনক । ৪.৩৫ মিনিটত দিল্লীৰ পৰা অসমলৈ উৰা মাৰিছিল জুবিন গাৰ্গৰ নশ্বৰদেহ ।

মহান শিল্পীগৰাকীৰ নশ্বৰদেহ বিমানবন্দৰৰ পৰা তেওঁৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ অনা হ'ব । তাত পৰিয়ালে শেষ শ্ৰদ্ধা জনোৱাৰ পিছতে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সলৈ লৈ যোৱা হ'ব শিল্পীগৰাকীৰ নশ্বৰদেহ । য'ত অনুৰাগী তথা গুণমুগ্ধসকলে শেষবাৰৰ বাবে মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ।

প্ৰাণৰ শিল্পীলৈ শেষ শ্ৰদ্ধা... (ETV Bharat)

এই সন্দৰ্ভত অসমৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই জনাইছে যে কাহিলীপাৰাৰ ঘৰৰ পৰা সৰুসজাই ষ্টেডিয়ামলৈ (অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্স) শিল্পীগৰাকীৰ নশ্বৰদেহ লৈ যোৱা হ'ব । পৰিয়ালে যিমান সময় বিচাৰে সিমান সময় প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰদেহ ঘৰত ৰাখিব পাৰিব বুলি জনাইছে মন্ত্ৰীগৰাকীয়ে । সৰুসজাই ষ্টেডিয়ামত অনুৰাগীসকলে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব । যাৰ বাবে ষ্টেডিয়ামত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । শ শ আৰক্ষী, অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে ।

একেদৰে যান-বাহনৰ চলাচল আৰু পাৰ্কিঙৰ ক্ষেত্ৰতো নিৰ্দেশনা জাৰি কৰা হৈছে । নিশাৰে পৰা শ শ অনুৰাগীয়ে সৰুসজাই ষ্টেডিয়ামত ভিৰ কৰা দেখা গৈছে । সকলোৱে কেৱল মৰমৰ শিল্পীগৰাকীক অন্তিমবাৰৰ বাবে চাবলৈ গভীৰ উৎকণ্ঠাৰে ৰৈ আছে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে অনুৰাগীসকলৰ আগমন হৈছে গুৱাহাটী অভিমুখে ।

বিমানবন্দৰত পত্নী গৰিমা শইকীয়া গাৰ্গে চমজি ল'লে শিল্পীগৰাকীৰ নশ্বৰদেহ । ইফালে বিমানবন্দৰত অজস্ৰ গুণমুগ্ধৰ ভিৰ । নিশাৰে পৰা মৰমৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে চাবলৈ অপেক্ষা কৰি আছিল অনুৰাগীসকলে । শিল্পীগৰাকীৰ নশ্বৰদেহ আহি পোৱাৰ লগে লগে শোকত ভাগি পৰিছে অনুৰাগীসকল ।

লগতে পঢ়ক :মায়াবিনী ৰাতিৰ বুকুত... গীত গাই সংগীতৰ ভগৱানক শেষ শ্ৰদ্ধা অনুৰাগীৰ

Last Updated : September 21, 2025 at 10:05 AM IST