ETV Bharat / state

শনিবাৰে বিয়লি জুবিনৰ নশ্বৰদেহ আহি পোৱাৰ সম্ভাৱনা: কাহিলীপাৰাৰ জুবিনৰ বাসগৃহত ক'লে মুখ্যমন্ত্ৰীয়ে

সৰুসজাইত এদিনৰ বাবে ৰখা হ’ব জুবিনৰ নশ্বৰদেহ । কাহিলীপাৰাৰ ঘৰলৈও অনা হ’ব নশ্বৰদেহ ।

Himanta Biswa Sarma at Jubin Gargs residence in Kahilipara
জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (@Himanta Biswa Sarma X)
author img

By ETV Bharat Assamese Team

Published : September 20, 2025 at 8:16 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: এটি যাত্ৰাৰ অন্ত পৰিল । এটা অনুষ্ঠানৰ গতি স্তব্ধ হ'ল, যিটো অনুষ্ঠানৰ আছিল লাখ লাখ সদস্য,অগণন দৰ্শক । সেই অনুষ্ঠানটোৰ নামেই হ'ল জুবিন গাৰ্গ । অসমবাসীক কন্দুৱাই অজান দেশলৈ গ’লগৈ সকলোৰে প্ৰাণৰ জুবিন গাৰ্গ । ইয়াৰ পিছতে শুকুৰবাৰে নিশা জুবিন গাৰ্গৰ পৰিয়ালৰ খবৰ ল’বলৈ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

জুবিনৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰি সমগ্ৰ ঘটনাটো সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "ছিংগাপুৰৰ সময়মতে ২ বজাত নিজৰ লগৰ চাৰিজন আৰু ১১ জন অসমীয়াৰ সৈতে সাগৰলৈ গৈছিল । তাৰ পিছত প্ৰথমতে লাইফ জেকেট পিন্ধি সাঁতুৰিছিল । পিছত লাইফ জেকেটটো ডাঙৰ হোৱাত নিপিন্ধাকৈ সাঁতুৰিছিল । পিছত পানীত সোমাই যোৱা দেখি ক্ৰু মেম্বাৰ এজনে জঁপিয়াই অচেতন অৱস্থাত উঠাই আনে । পিছত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় যদিও ছিংগাপুৰৰ চিকিৎসকে মৃত ঘোষণা কৰে জুবিন গাৰ্গক ।"

জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই পুনৰ কয়, "জুবিন যোৱা য়টত আছিল মুঠ ১৮জন লোক । ছিংগাপুৰৰ অসম এছ’চিয়েচনৰ ১১জন লোক । জুবিন গাৰ্গৰ ৪ সংগী আৰু ২ক্ৰু মেম্বাৰ য়টত আছিল ।" শনিবাৰে পুৱাৰ ভাগত ছিংগাপুৰৰ আইন অনুসৰি জুবিনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব বুলি উল্লেখ কৰি মুখ্য়মন্ত্ৰীয়ে কয়, "শনিবাৰে বিয়লিহে জুবিনৰ নশ্বৰদেহ আহি পোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পিছত সৰুসজাইত এদিনৰ বাবে ৰখা হ’ব জুবিনৰ নশ্বৰদেহ । ৰাইজৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ’ব জুবিনৰ নশ্বৰদেহ । সৰুসজাইত প্ৰয়োজনত দুদিনৰ বাবেও ৰখা হ’ব পাৰে নশ্বৰদেহ ।"

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কাহিলীপাৰাৰ ঘৰলৈও অনা হ’ব জুবিনৰ নশ্বৰদেহ । কাহিলীপাৰাত পৰিয়ালৰ লোকেহে দিব পাৰিব শ্ৰদ্ধাঞ্জলি । শেষকৃত্যৰ স্থান পৰিয়ালৰে আলোচনা কৰি লোৱা হ’ব সিদ্ধান্ত । শেষকৃত্যৰ দিনা চৰকাৰী বন্ধ ঘোষণা কৰা হ’ব ।" যোৰহাটবাসীৰ দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,‘‘যোৰহাটবাসীয়ে যোৰহাটত সমাধিক্ষেত্ৰ হোৱাটো বিচাৰিছে । সৎকাৰ আৰু সমাধিক্ষেত্ৰৰ কথা পৃথকে আলোচনা কৰিম ।"

Himanta Biswa Sarma at Jubin Gargs residence in Kahilipara
জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

আনহাতে নৰ্থ-ইষ্ট ভাৰত উৎসৱৰ আয়োজক শ্যামকানু মহন্তৰ প্ৰসংগত কয়, "১৮জনীয়া তালিকাত নাম নাই শ্যামকানু মহন্তৰ । অভিযোগ পালে আমি শ্যামকানু মহন্তৰ সৈতে কথা পাতিম ।’’

লগতে পঢ়ক:জুবিনৰ শেষকৃত্য সম্পন্ন নোহোৱালৈকে স্থগিত ছমহীয়া পৰীক্ষা

জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ খুলি কি ক’লে শ্যামকানু মহন্তই; বাতিল নৰ্থ-ইষ্ট ভাৰত উৎসৱ