ETV Bharat / state

মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতেই ফেষ্টিভেলৰ জৰিয়তে ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তুলিছিল শ্যামকানুৱে: প্ৰদ্যুৎ বৰদলৈ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত, মুখ্যমন্ত্ৰীৰ ভূমিকা, অধিবক্তা ৰাজকমল আদি প্ৰসংগত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আগবঢ়াইছে মন্তব্য ।

Zubeen Garg death probe
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত, মুখ্যমন্ত্ৰীৰ ভূমিকা, অধিবক্তা ৰাজকমল প্ৰসংগ... কি কয় প্ৰদ্যুৎ বৰদলৈয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 4, 2025 at 4:47 PM IST

|

Updated : October 4, 2025 at 6:34 PM IST

6 Min Read
Choose ETV Bharat

নগাঁও : হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ গঠন কৰি দিয়া এছ আই টিয়ে তদন্ত অব্যাহত ৰখাৰ লগতে ইতিমধ্যে দুই মূল অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ কেইবাজনকো গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে মাৰাথন জেৰা । ইয়াৰ মাজতে পোহৰলৈ আহিছে এগৰাকী অধিবক্তাৰ জৰিয়তে দেশৰ উচ্চতম ন্যায়ালয়ত অভিযুক্ত শ্যামকানু মহন্তই দাখিল কৰা লেখ আবেদনৰ তথ্য ।

আনহাতে, তদন্ত প্ৰক্ৰিয়া, শ্যামকানু মহন্তৰ লেখ আবেদনত উল্লেখ কৰা চি বি আই তদন্ত আদি বিষয়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য । এই সকলো দিশ সামৰি কংগ্ৰেছৰ সাংসদ তথা দলৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈয়ে ই টিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰত কৰিছে মন্তব্য ।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত, মুখ্যমন্ত্ৰীৰ ভূমিকা, অধিবক্তা ৰাজকমল প্ৰসংগ... কি কয় প্ৰদ্যুৎ বৰদলৈয়ে (ETV Bharat Assam)

জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে শ্যামকানু মহন্ত আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক সন্দৰ্ভত কয়, “নৰ্থ-ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা তথা জুবিন গাৰ্গৰ মৃত্যুৰ বাবে ৰাইজে অভিযুক্ত কৰা শ্যামকানু মহন্তই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ধনেৰে ফেষ্টিভেল কৰি আহিছে । শ্যামকানু মহন্তৰ ঊৰ্ধ্বগামী যাত্ৰাত আটাইতকৈ সহায় কৰিছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । এতিয়া শ্যামকানু মহন্তৰ বিৰুদ্ধে অসমৰ ৰাইজৰ ক্ৰোধৰ বিস্ফোৰণ ঘটাত উপায় নাপাই শ্যামকানু মহন্তৰ সৈতে কোনো সম্পৰ্ক নথকাৰ ভাও জুৰিছে হিমন্ত বিশ্ব শৰ্মাই ।”

ভাতৃসহ শ্যামকানু মহন্ত মুখ্যমন্ত্ৰীৰ ভাতঘৰৰ মানুহ বুলি উল্লেখ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আৰু কয়, “বিজেপিৰ অনুগামী বুলি শ্যামকানু মহন্তৰ ভাতৃকে কোৱা হয় । হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা নাপালে শ্যামকানু মহন্তই জুবিন গাৰ্গৰ দৰে ব্যক্তিৰ মূৰৰ ওপৰত উঠি ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তুলিবলৈ সক্ষম হোৱাটো সম্ভৱ নাছিল । হিমন্ত বিশ্ব শৰ্মাই কথা বিষম দেখি, ৰাইজৰ ক্ৰোধ প্ৰশমিত কৰিবলৈ কিবাকিবি কৰি দেখুৱাইছে যদিও এয়া ফুটুকাৰ ফেন হ’ব বুলি আমাৰ মনত সন্দেহ হয় ।"

তেওঁ লগতে কয়, "হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ বিভাগৰ অধীনৰ আৰক্ষী অথবা চি আই ডিৰ ওপৰত আমাৰো আস্থা নাই । সেয়ে আমি বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্তক যাতে ৰক্ষণাবেক্ষণ দিব নোৱাৰে আৰু আচল ৰহস্য যাতে পোহৰলৈ আহে সেয়া আমি বিচাৰিছোঁ ।"

আনহাতে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা নকৰা সন্দৰ্ভত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, "মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা নকৰাত ৰহস্য আছে । মানুহক ধৰ্মান্ধতাৰ কানি খুৱাই নিজৰ মুনাফা আদায়ৰ ৰাজনীতি আৰু নচলিব সেই কথা হিমন্ত বিশ্ব শৰ্মায়ো বুজি পাইছে । হিমন্ত বিশ্বই ধৰ্মৰ নামত হিংসা, বিদ্বেষ আৰু ঘৃণাৰ ৰাজনীতি কৰে, সেই ৰাজনীতি সমাপ্ত হোৱাৰ এক বাৰ্তা আমাৰ মাজৰ পৰা আঁতৰি যোৱা জুবিন গাৰ্গে শক্তিশালীভাৱে দি গৈছে ।"

জুবিন গাৰ্গক জাতি-ধৰ্মৰ ঊৰ্ধ্বত বুলি তেওঁ কয়, "সদায় কোনো জাতি-ধৰ্ম নাই বুলি কোৱা জুবিন গাৰ্গে জাতি, ধৰ্ম, ভাষাৰ নামত বিভাজন নুই কৰিছিল । জুবিন গাৰ্গে গুৰুজনা, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ একেই বার্তাকে অধিক শক্তিশালীভাৱে নতুন প্ৰজন্মক দি গৈছে । জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছত সকলো ওলাই আহিল । প্রিয় শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰ এতিয়া এক তীৰ্থস্থানলৈ পৰিণত হৈছে । ইয়াত কোনো হিন্দু-মুছলমান বুলি কথা নাই ।

হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ কথা পুনৰ উত্থাপন কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, "মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হিন্দু-মুছলমানেই কৰি আছে, কিন্তু সমগ্ৰ অসমবাসীয়ে সমৰ্থন দিয়া জুবিন গাৰ্গে বিভাজন নুই কৰি যোৱা বাবে কিছু মৌনতা অৱলম্বন কৰিবলগীয়া হৈছে । কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে পুনৰ মিঞাসকলক দোষাৰোপ কৰিব বিচাৰিছে ।”

হিমন্ত বিশ্ব শৰ্মাই ২০১৬ চনৰ পৰা কৰি অহা ৰাজনীতিৰ ম্যাদ উকলি গৈছে বুলিও উল্লেখ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, “অসমবাসীয়ে সেই ৰাজনীতি প্ৰত্যাখ্যান কৰাৰ বাৰ্তা জুবিন গাৰ্গে বৰ শক্তিশালীভাৱে দাঙি ধৰিছিল । যিটো অসমবাসী সকলোৱে গ্ৰহণ কৰিছিল । হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া অসমীয়াক ভাগ ভাগ কৰা ৰাজনীতি আৰু নচলিব ।”

জুবিন গাৰ্গ সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য

আমাৰ মাজৰ পৰা বিদায় লোৱা সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈয়ে কয়, "জুবিন গাৰ্গ এজন ব্যক্তি নহয়, অসমৰ এটা অনুষ্ঠান আছিল জুবিন গাৰ্গ । চাওলুং চ্যুকাফাৰ দিনৰ পৰা বহলভাৱে আদৰি লোৱা অসমীয়া জাতি সত্তা, যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছে তাক সংগীতৰ জৰিয়তে প্ৰচাৰ কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্মৰ প্ৰায় ৫০ বছৰ পাছত জন্মগ্ৰহণ কৰা জুবিন গাৰ্গে গোটেই সত্তাটোক নতুন ৰূপত একেই বাৰ্তা বিলাইছে । সকলোৰে খুবেই প্রিয় জুনিন গাৰ্গে ৮০ দশকৰ পৰাই বিভিন্ন ভাষাত বিভিন্ন জনগোষ্ঠীৰ গীত পৰিবেশন কৰি সকলোৰে হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । জুবিন গাৰ্গ খেয়ালি, সৎ, স্পষ্টবাদী, অনুভূতিপ্ৰৱণ, প্ৰকৃতি, পৰিবেশ, জীৱকুলক সদায় আঁকোৱালি লৈ সকলোৰে প্ৰতিপালন কৰাত বিশ্বাসী আছিল ।”

উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা অধিবক্তা ৰাজকমল সন্দৰ্ভত

আনহাতে, ৰাইজৰ কাঠগড়াত মূল অভিযুক্ত হিচাপে চিহ্নিত হোৱা শ্যামকানু মহন্তৰ হৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা অধিবক্তা ৰাজকমল সন্দৰ্ভতো মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । অধিবক্তা ৰাজকমল কংগ্ৰেছ দলৰ বুলি হোৱা প্ৰচাৰ সম্পূৰ্ণ মিছা বুলি উল্লেখ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, “কেপ্টেইন অমৰিন্দৰ সিং পঞ্জাবৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত অধিবক্তা ৰাজকমল পঞ্জাবৰ এডিচনেল এডভোকেট জেনেৰেল আছিল । বৰ্তমান সেই সময়ৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং বিজেপি দলত আছে । অধিবক্তা ৰাজকমল প্ৰফেচনেল অধিবক্তা হয় । তেওঁ কোনো দিনেই কংগ্ৰেছ দলৰ এগৰাকী সদস্যও নাছিল ।”

অসমত কয়লা ছিণ্ডিকেট কোন অধিবক্তাই চলাই আছে সেই কথাও ক'লে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা চি আই ডি আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ওপৰত বেছি প্ৰত্যাশাও নাই, বৰ বেছি আস্থাও নাই বুলিও উল্লেখ কৰি চি বি আয়ো অমিত শ্বাহৰ অধীনত থকা বুলি একপ্ৰকাৰ কটাক্ষ কৰি অতি নিৰপেক্ষভাৱে, শক্তিশালীভাৱে, স্বচ্ছভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত ন্যায় বিচৰাৰ কথাও উল্লেখ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

মুঠৰ ওপৰত কংগ্ৰেছে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত ন্যায় বিচৰাৰ কথা উল্লেখ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

লগতে পঢ়ক :গৰিমাৰ হাতত অৰ্পণ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন
লগতে পঢ়ক :জুবিন গাৰ্গক বিহপান কৰোৱাই হত্যা ! শেখৰজ্যোতিৰ বিস্ফোৰক স্বীকাৰোক্তি
Last Updated : October 4, 2025 at 6:34 PM IST