জুবিনৰ বন্ধু হিচাপে আস্থা আছে, যি হয় স্পষ্ট হ'ব : পৱিত্ৰ মাৰ্ঘেৰিটা
জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্তৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ ।

Published : September 25, 2025 at 11:07 AM IST
গুৱাহাটী : "জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰক্ৰিয়াৰ পৰা কোনেও সাৰি যাব নোৱাৰিব ।" এই মন্তব্য জুবিনৰ বন্ধু তথা কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ । জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হৈ মাৰ্ঘেৰিটাই কয়, " সকলোৱে বিচৰা ধৰণে, সাধাৰণ নাগৰিক হিচাপে আমি এটা তদন্ত বিচাৰিছো । জুবিনৰ বন্ধু হিচাপে মোৰ আস্থা আছে যে যি হয় স্পষ্ট হ'ব, আমি বিশ্বাসী । জুবিন গাৰ্গৰ লগত ঘটনা সংঘটিত হোৱা সময়ত থকা প্ৰত্যেকজন ব্যক্তি তদন্তৰ আওঁতালৈ আহিব । ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ছিংগাপুৰ প্ৰশাসনৰ লগত আলোচনা কৰি আছে ।"
প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ পিছত সামাজিক মাধ্যমত প্ৰকাশ পোৱা বিভিন্ন নতুন নতুন ভিডিঅ' সন্দৰ্ভত আশ্চৰ্য প্ৰকাশ কৰি পৱিত্ৰ মাৰ্ঘেৰিটাই কয়, "ঘটনা সংঘটিত হোৱা দিনটোৰ ভিডিঅ' টুকুৰা টুকুৰকৈ তাৰ পৰা দি থকাটো ৰহস্যৰ কথা । এইবিলাকৰ তদন্ত হ'ব লাগে । ছিৰিয়েলৰ নিছিনাকৈ টুকুৰা টুকুৰকৈ ভিডিঅ' দি কি বুজাব বিচাৰিছে ? কোনে দিছে এইবোৰ, গোটেই তদন্ত হ'ব লাগে । মই দেখিছো তিনি-চাৰিটা ভিডিঅ' খণ্ড খণ্ডকৈ আহিছে । এইবিলাক প্ৰকৃততে কি ?"
ইফালে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু তেওঁৰ প্ৰতিষ্ঠানে চৰকাৰৰ তৰফৰ পৰা লাখ লাখ টকা লাভ কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পৱিত্ৰ মাৰ্ঘেৰিটাই কয়, "শ্যামকানু মহন্তই চৰকাৰী অনুদান কিয় পাইছিল, কেনেকৈ পাইছিল সেইটো বিভাগে জানিব এই ক্ষেত্ৰত মই মন্তব্য দিয়াটো সঠিক নহ'ব ।"
জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ কপিৰাইট বিতৰ্ক সন্দৰ্ভতো তেওঁ কয়, "জুবিন গাৰ্গৰ নিজৰ সৃষ্টি বা প্ৰযোজনাৰ কপিৰাইটৰ অধিকাৰ পৰিয়ালৰ । সম্পত্তিৰ কথাত মই বিশেষ একো নকওঁ সেয়া পৰিয়ালৰ কথা, মই মন্ত্ৰী হ'লেও বিশেষজ্ঞৰ নিচিনা মন্তব্য নিদিওঁ । বন্ধু হিচাপেই মই এটাই বিচাৰো ৰহস্য ফাদিল হ'বই লাগিব, দোষীয়ে শাস্তি পাব লাগিব ।"
উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে বুধবাৰে জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক সাক্ষাৎ কৰে । পৱিত্ৰ মাৰ্ঘেৰিটা জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ আছিল । এসময়ত পৱিত্ৰ মাৰ্ঘেৰিটাই জুবিন গাৰ্গৰ মেনেজাৰো আছিল । বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত দুয়োগৰাকীকে এসময়ত একেলগেই দেখা গৈছিল ।
লগতে পঢ়ক :শ্যামকানু দূৰ হৈ 'যোৱা'... ! সোণৰ বাঁহী আৰু নাপাব শ্যামকানু মহন্তই

