এদিন হিমন্ত বিশ্ব শৰ্মাকো গান গোৱাম: জুবিন গাৰ্গ
মৰিগাঁও জিলা দিৱসত জুবিন গাৰ্গৰ সৈতে একেলগে গীত জুৰিলে জিলা আয়ুক্ত দেৱাশীষ শৰ্মায়ো ।

Published : October 16, 2024 at 10:45 PM IST
মৰিগাঁও,১৬ অক্টোবৰ: দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মৰিগাঁও দিৱসটি সামৰণি পৰিল সফলতাৰে । জুবিন গাৰ্গৰ সংগীত অনুষ্ঠানেৰে সামৰণি পৰে মৰিগাঁও জিলা দিৱসৰ । জিলা দিৱসৰ অন্তিম কাৰ্যসূচীত গীত পৰিৱেশন কৰি হাজাৰ হাজাৰ দৰ্শকক মুগ্ধ কৰিলে জুবিন গাৰ্গে । গীতৰ মাজে মাজে স্বভাৱসূলভ কিছু ৰসাল কথাৰেও দৰ্শকক আপ্লুত কৰিলে জুবিন গাৰ্গে ।
মৰিগাঁও জিলাৰ জিলা আয়ুক্ত দেবাশীষ শৰ্মাক লগত লৈ গীত পৰিবেশন কৰা জুবিন গাৰ্গ জিলা আয়ুক্ত দেবাশীষ শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে । লগতে জিলা আয়ুক্ত দেবাশীষ শৰ্মাক গীত পৰিবেশনৰ আহ্বান জনাই জুবিন গাৰ্গৰ মন্তব্য," আজিকালি নিজে গোৱাতকৈ বেলগক গোৱাই বেছি ভাল পাওঁ । কিন্তু হিমন্ত দাক আজিলৈকে গোৱাব পৰা নাই । এদিন হিমন্ত দাকো গোৱাম ।"
উল্লেখযোগ্য যে 'জিলিকাব লুইতৰে পাৰ' শীৰ্ষক বিষয়বস্তু লৈ ১৪ অক্টোবৰত মৰিগাঁও জিলাত ব্যাপক উৎসাহ উদ্দীপনাৰে জিলা দিৱস উদযাপনৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় । মৰিগাঁও জিলাবাসীৰ সহযোগত জিলা প্ৰশাসনৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জিলা দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰৰ পৰা এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হয় । শোভাযাত্ৰা উদ্বোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।
উদ্বোধনী ভাষণত বিধায়কগৰাকীয়ে মৰিগাঁও জিলাৰ আয়ুক্ত আৰু জিলা প্ৰশাসনৰ বিষয়াসকলক জিলাখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে উচ্চ প্ৰশংসা কৰে । তেওঁ বিশেষকৈ বৰ্তমানৰ জিলা আয়ুক্তগৰাকীৰ নেতৃত্বত মৰিগাঁও জিলাই উন্নয়নৰ সোণালী বাটেৰে অগ্ৰসৰ হৈছে বুলি মত পোষণ কৰে আৰু জিলাখনৰ প্ৰতিগৰাকী নাগৰিকক এই উন্নয়নী ধাৰা অব্যাহত ৰখাৰ প্ৰয়াস কৰিবলৈ আহ্বান জনায় ।
একেদিনাই লাহৰীঘাট সমজিলাৰ সহযোগত লাহৰীঘাট সমজিলাৰ কাৰ্যালয়ৰ পৰা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা কৰা হয় । শোভাযাত্ৰাৰ শাৰীত থিয় হৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় "মৰিগাঁও দিৱসত কৃষি আৰু ইয়াৰ আনুসংগিক ক্ষেত্ৰ, উদ্যান শস্য, কলা-সংস্কৃতি আৰু আৰ্থ-সামাজিক প্ৰতিটো দিশ সামৰি লৈ বিকাশৰ এক নতুন ধাৰাৰে জিলাখনক আগবঢ়াই লৈ যোৱাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে ।"
গৱেষণামূলক কৰ্মপন্থা আৰু প্ৰতিগৰাকী নাগৰিকৰ ঐক্যবদ্ধ প্ৰয়াসেৰে জিলাখনৰ সম্ভাৱনাসমূহক উলিয়াই অনাৰ বাবে কাম কৰি যোৱাৰ বাবে তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায় । শোভাযাত্ৰাত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, মৰিগাঁও জিলাৰ ভালেসংখ্যক জ্যেষ্ঠ নাগৰিক, বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত ব্যক্তি, ভালেসংখ্যক মহিলা আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।
পুৱাৰ ভাগতে উলিওৱা শোভাযাত্ৰাই মৰিগাঁও নগৰ পৰিভ্ৰমণ কৰি পুনৰ মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰলৈ উভতি আহে । ইয়াৰ পূৰ্বে মৰিগাঁও জিলা দিৱসৰ পতাকা উত্তোলন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । কাৰ্যসূচীৰ অংশৰূপে স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয় । আনহাতে কাৰ্যসূচীৰ অংশৰূপে চাৰণ বিলৰ পাৰত জিলা প্ৰশাসনৰ উদ্যোগত লেখিকা সংস্থা, অসম, মৰিগাঁও শাখা আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সহযোগত 'চাৰণ বিলৰ পাৰত কবিতাৰ গুঞ্জন' শীৰ্ষক এখনি কবি সন্মিলন অনুষ্ঠিত হয় ।
সন্ধিয়া জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জনপ্ৰিয় বলিউড অভিনেতা ৰাকেশ বেদীৰ হাস্য ব্যংগ একাংকিকা নাট 'মাছাজ' মঞ্চস্থ কৰা হয় । মৰিগাঁও সদৰৰ উপৰি লাহৰীঘাট আৰু জাগীৰোড সমজিলাতো ব্যাপক উৎসাহ উদ্দীপনাৰে জিলা দিৱস উদযাপন কৰা হয় । জিলা দিৱসৰ সৈতে সংগতি ৰাখি জাগীৰোড সমজিলাত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয় । জাগীৰোড মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা দিৱসৰ সৈতে সংগতি ৰাখি 'অৰ্থনৈতিক পৰিৱৰ্তনৰ বাবে মৰিগাঁও জিলাৰ বিভিন্ন সম্ভাৱনা' শীৰ্ষক এখনি আলোচনাচক্ৰ অনুষ্ঠিত হয় ।
আলোচনা চক্ৰখনিত লেখক, বিশ্লেষক ড৹ প্ৰদ্যুম্ন গোস্বামীয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে । অনুষ্ঠানত জিলা আয়ুক্ত, জাগীৰোডৰ সমজিলা আয়ুক্ত বিমান দাস, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল । লাহৰীঘাট সমজিলাতো প্ৰথম দিনাই জিলা দিৱস উপলক্ষে সমজিলা আয়ুক্ত প্ৰাঞ্জল বৰুৱা আৰু স্থানীয় ৰাইজৰ উপস্থিতিত ভালেমান কাৰ্যসূচী সফলতাৰে সম্পন্ন হয় উল্লেখ্য যে ড৹ ভূপেন হাজৰিকাৰ কণ্ঠত প্ৰাণ পাই উঠা নদী সভ্যতাৰে জীৱন আৰু জীৱিকাক আলম লৈ গঢ়ি উঠা অসম মাতৃৰ সপোনক জিলিকাই তোলাৰ স্বপ্নকে সৰোগত কৰি এইবাৰ মৰিগাঁও জিলা দিৱসৰ মূল বিষয়বস্তু লোৱা হৈছিল 'জিলিকাব লুইতৰে পাৰ' ।
জিলা দিৱসৰ ১৫ অক্টোবৰ কাৰ্যসূচী অনুসৰি পুৱা ১১ বজাত 'অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত মৰিগাঁও জিলাৰ সম্ভাৱনা' শীৰ্ষক বিষয় লৈ যুৱ সমাৰোহৰ আয়োজন কৰা হৈছিল । বৰঙাবাৰীৰ মতিৰাম বৰা স্কুল খেলপথাৰত মহিলাৰ প্ৰীতি ফুটবল খেল অনুষ্ঠিত হোৱাৰ পাছত সন্ধিয়া ৭ বজাত ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ গীতৰ শৰাইৰে জিলা দিৱসৰ কাৰ্যসূচীৰ সামৰণি পৰে । জুবিন গাৰ্গৰ এই সাংস্কৃতিক অনুষ্ঠানত প্ৰায় ৫০ হেজাৰো অধিক লোক সমবেত হৈছিল ।

