মোক কেৱল দাদাৰ ন্যায় লাগে : অৰুণ গাৰ্গ
জুবিন গাৰ্গৰ পৰিয়ালৰ ঘৰুৱা সহায়ক অৰুণ গাৰ্গে এছ আই টিৰ সন্মুখত ভাষ্য প্ৰদান কৰে ।

Published : October 12, 2025 at 8:02 PM IST
গুৱাহাটী : অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত আছে । প্ৰতিদিনে এছ আই টিয়ে বিভিন্নজনক সোধা-পোছা অব্যাহত ৰাখিছে । জুবিন গাৰ্গৰ ঘনিষ্ঠ লোক, পৰিয়ালৰ সদস্যৰো ভাষ্য সংগ্ৰহ কৰিছে এছ আই টিয়ে । তাৰ মাজতে দেওবাৰে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত জুবিন গাৰ্গৰ পৰিয়ালৰ ঘৰুৱা সহায়ক অৰুণ গাৰ্গ । এছ আই টিয়ে অৰুণ গাৰ্গৰো ভাষ্য সংগ্ৰহ কৰে ।
চি আই ডি কাৰ্যালয়ৰ পৰা ওলাইয়ে অৰুণ গাৰ্গে কয়, "মোক কেৱল দাদাৰ ন্যায় লাগে । বৌৱে ৰাতিটো কান্দি আছে । শীঘ্ৰে ন্যায় লাগে আমাক । ছিংগাপুৰত য়ট পাৰ্টীত থকাসকলক চোঁচৰাই আনি সুধিব লাগে ।" তদন্তত সময় কিয় লাগিছে বুলি সাংবাদিকে প্ৰশ্ন কৰে যদিও তেওঁৰ মুখত এটাই কথা "দাদাৰ ন্যায় লাগে" ।
উল্লেখ্য যে, সামাজিক মাধ্যমত অৰুণ গাৰ্গেও জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দাবী জনাই আহিছে । তেওঁ সঘনাই ফেচবুক একাউণ্টৰ পৰা জুবিন গাৰ্গৰ লগত থকা ফটো শ্বেয়াৰ কৰি 'আমাক ন্যায় লাগে' বুলি দাবী জনাই আহিছে ।
অৰুণ গাৰ্গ আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে অধিক চৰ্চালৈ আহিছিল । কিয়নো জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিছিল অৰুণ গাৰ্গ । মুখাগ্নি কৰা ৪ গৰাকী ব্যক্তিৰ ভিতৰত অৰুণ গাৰ্গো আছিল । জুবিন গাৰ্গৰ ঘৰত সুদীৰ্ঘ দিন ধৰি থকা অৰুণ গাৰ্গৰ আচল নাম হৈছে অৰুণ ছাচনী । শিৱসাগৰৰ দৌলবাগানৰ এজন আদিবাসী চাহ জনগোষ্ঠীৰ ল'ৰা অৰুণ ছাচনী ।
পূৰ্বে এখন বাছত কাম কৰিছিল আৰু তাৰ পাছত গুৱাহাটীলৈ আহি জুবিন গাৰ্গৰ পৰিয়ালত ঘৰুৱা সহায়ক হিচাপে নিয়োজিত হৈছিল । তাৰ পিছৰে পৰা জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য হৈ পৰে অৰুণ গাৰ্গ । কাহিলীপাৰাৰ ঘৰখনতে থাকে অৰুণ গাৰ্গ । জুবিন গাৰ্গৰ মৰমৰ আছিল অৰুণ ছাচনী । জুবিন গাৰ্গে নিজেই অৰুণ ছাচনীৰ উপাধি সলনি কৰি 'গাৰ্গ' কৰিছিল ।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ২৩ দিন অতিক্ৰম কৰিলে । এছ আই টিয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে যদিও এজনৰ বাহিৰে বৰ্তমানো ছিংগাপুৰত য়ট পাৰ্টীত থকা প্ৰৱাসী অসমীয়াসকল এছ আই টিত হাজিৰ হোৱা নাই । প্ৰথমখন চমনৰ সময় উকলি যোৱাৰ পিছত এছ আই টিয়ে ছিংগাপুৰৰ য়ট পাৰ্টিত থকা প্ৰবাসী অসমীয়ালৈ দ্বিতীয়টো চমন জাৰি কৰিছে ।
লগতে পঢ়ক :ছিংগাপুৰলৈ গৈ প্ৰবাসী অসমীয়াক অনাৰ চেষ্টা কৰিব অসম সাহিত্য সভাই

