ETV Bharat / state

এইটো এটা অদৰকাৰী কাম কৰিছে : 'কা' সন্দৰ্ভত মন্তব্য জুবিন গাৰ্গৰ

'কা'ৰ সন্দৰ্ভত স্থিতি একেই আছে জুবিন গাৰ্গৰ ৷ পূৰ্বতকৈ এইবাৰ পৃথক হ'ব 'কা' বিৰোধী আন্দোলন- মন্তব্য জুবিন গাৰ্গৰ।

Zubeen Garg on CAA
'কা' সন্দৰ্ভত প্ৰতিক্ৰিয়া জুবিন গাৰ্গৰ
author img

By ETV Bharat Assamese Team

Published : March 14, 2024 at 11:06 PM IST

2 Min Read
Choose ETV Bharat
'কা' সন্দৰ্ভত মন্তব্য জুবিন গাৰ্গৰ

গুৱাহাটী, 14 মাৰ্চ : সোমবাৰে সমগ্ৰ দেশজুৰি নাগৰিকত্ব (সংশোধনী) আইন- 2019 অৰ্থাৎ 'কা' বলবৎ হোৱাৰ পাচত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত এই আইন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ৷ চৰকাৰে এইয়া অদৰকাৰী কাম কৰিছে বুলি মন্তব্য কৰে শিল্পীগৰাকীয়ে ৷ লগতে 'কা' সন্দৰ্ভত পূৰ্বৰ স্থিতিতে আছে বুলিও মন্তব্য কৰে জুবিন গাৰ্গে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

'কা' সন্দৰ্ভত তেওঁ এতিয়ালৈকে একো কোৱা নাই যদিও মঞ্চত এই বিষয়ে কোৱা বুলি মন্তব্য কৰে ৷ লগতে শুকুৰবাৰে সামাজিক মাধ্যমত 'কা' সন্দৰ্ভত এটা পষ্ট পাব আৰু তাতেই সকলোৱে এই সন্দৰ্ভত তেওঁ কি ক’ব গম পাব বুলি মন্তব্য কৰে জুবিন গাৰ্গে ৷" 'কা' কাৰ্যকৰী হ’বই নোৱাৰে, এইটো এটা অদকাৰী কাম কৰিছে" বুলি উল্লেখ কৰি মানুহৰ মাজত হুলস্থূলৰ সৃষ্টি কৰিছে বুলি কয় তেওঁ ৷

জুবিন গাৰ্গে কয়- "আগৰবাৰ দেখিছিল কেনেকুৱা আন্দোলন হৈছিল, এইবাৰো সকলোৱে বেলেগ বেলেগ কাৰ্যসূচী লৈছে ৷ আমাৰ প্ৰতিবাদ আগতেও আছিল, এতিয়াও থাকিব আৰু ভৱিষ্যতেও থাকিব ৷ ইফালে এই আইন বিষয়ত শিল্পীগৰাকীৰ স্থিতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত তেওঁ কয়- "মই সদায় একেই কথা কওঁ, দুবাৰ নকওঁ ৷" এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি উল্লেখ কৰি জুবিন গাৰ্গে কয়- " আমাৰ প্ৰতিবাদ কৰাৰ আজিকালি বেলেগ বেলেগ পদ্ধতি আছে, সেইমতে যাম ৷ সমাজিক মাধ্যম আছে ৷ গতিকে আমি সেইদৰে প্ৰতিবাদ কৰি যাম ৷"

আনহাতে 'কা'ৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰা সন্দৰ্ভত তেওঁ কয়- "ৰাজপথৰ আন্দোলন এতিয়া অলপ ৰিস্কি হৈ আছে ৷ কাৰণ যোৱাবাৰ আমি 5 জনক হেৰুইছো ৷ সেইকাৰণে এইবাৰ আমি ইমান ৰজপথৰ আন্দোলনত গুৰুত্ব নাই দিয়া ৷ ব্যক্তিগত ভাৱে আমি সকলোৱে প্ৰতিবাদ কৰিম ৷" লগতে "মই মাত নিদিলে কোনে দিব, ইয়াত বেছিকে ময়ে মাত দিম" বুলিও মন্তব্য কৰে জুবিন গাৰ্গে ৷

লগতে পঢ়ক : কা আহিলে ভোট নিদিব, ময়ো নিদিও : জুবিন গাৰ্গ