ভাৰতীয় গণনাট্য সংঘৰ সদস্য পদ কেতিয়া লৈছিল জুবিন গাৰ্গে
জ্যোতি-বিষ্ণুৰ আদৰ্শৰে বাট বুলিব খুজিছিল জুবিন গাৰ্গে ৷ ভাৰতীয় গণনাট্য সংঘৰ সাধাৰণ সদস্য পদ গ্ৰহণ কৰি গণনাট্য সংঘক নতুন শক্তি দিছিল প্ৰাণৰ শিল্পীগৰাকীয়ে ৷

Published : October 4, 2025 at 3:25 PM IST
ডিব্ৰুগড়: জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আজিও শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী । প্ৰিয় শিল্পীজনক হেৰুৱাই যেন আজিও স্বাভাৱিক হ'ব পৰা নাই অসমৰ ৰাইজ । ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবী উঠিছে । নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ ল'বলৈ যোৱা প্ৰিয় শিল্পী জুবিন গাৰ্গৰ এই মৃত্যুৰ ৰহস্য ফাদিল কৰা আৰু দোষীয়ে শাস্তি পাব লাগে বুলি সমগ্ৰ ৰাজ্যতে দাবী উত্থাপিত হৈছে ।
অসমীয়াৰ হিয়াৰ আমঠু বিশ্ববৰেণ্য শিল্পী হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুত অসমীয়া সংগীত জগত, ছবি জগত উকা হৈ গ'ল । সাধাৰণ মানুহৰ সৈতে, প্ৰকৃতিৰ সৈতে থাকি ভালপোৱা গণশিল্পীগৰাকীয়ে সমাজৰ বাবে আগবঢ়াই যোৱা অৱদানৰ বিষয়ে এতিয়া কেৱল অসমতে নহয় বিশ্বজুৰি চৰ্চিত হৈছে । সংগীতৰ জৰিয়তে ৰূপান্তৰ অসমৰ সপোন দেখা জুবিন গাৰ্গ নিজে এটা অনুষ্ঠান হৈ পৰিছিল ।
বিষ্ণু ৰাভাক ভাল পোৱা জুবিন গাৰ্গে ভাৰতীয় গণনাট্য সংঘৰ সাধাৰণ সদস্য পদ গ্ৰহণ কৰিছিল । জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভাই সভাপতিৰ দায়িত্ব পালন কৰা ভাৰতীয় গণনাট্য সংঘৰ সাধাৰণ সদস্য পদ গ্ৰহণ কৰিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ২০০৪ চনত ডিব্ৰুগড়ত । ডিব্ৰুগড়ৰ অনাঁতাৰ কেন্দ্ৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি তেতিয়াৰ ডিব্ৰুগড় শাখাৰ সভাপতি হাচান ছৰিফ আহমদ আৰু সম্পাদক শৰৎ চন্দ্ৰ নেওগৰ পৰা ভাৰতীয় গণনাট্য সংঘৰ সাধাৰণ সদস্য পদ গ্ৰহণ কৰিছিল ।
জুবিন গাৰ্গৰ জীৱিতকালত এই কথা বহুতে জনা নাছিল যদিও তেওঁৰ মৃত্যুৰ পাছত জুবিন গাৰ্গে ভাৰতীয় গণনাট্য সংঘৰ সাধাৰণ সদস্য পদ গ্ৰহণ কৰা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে । ভাৰতীয় গণনাট্য সংঘৰ সাধাৰণ সদস্য পদ গ্ৰহণ কৰি অসমত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণ, গোষ্ঠীগত সংঘৰ্ষৰ সময়ত ভাৰতীয় গণনাট্য সংঘৰ হৈ কাম কৰিছিল জুবিন গাৰ্গে ।
২০০৪ চনত ডিব্ৰুগড়ত গ্ৰহণ কৰিছিল ভাৰতীয় গণনাট্য সংঘৰ সাধাৰণ সদস্য পদ:
প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ভাৰতীয় গণনাট্য সংঘৰ সাধাৰণ সদস্য পদ গ্ৰহণ কৰা সময়ত উপস্থিত থকা সেই সময়ৰ ডিব্ৰুগড় শাখাৰ সম্পাদক তথা বৰ্তমানৰ ৰাজ্যিক সভাপতি শৰৎ চন্দ্ৰ নেওগে ডিব্ৰুগড়ৰ বৰবৰুৱাত কয়, "২০০৪ চনত জুবিন গাৰ্গে ভাৰতীয় গণনাট্য সংঘৰ সাধাৰণ সদস্য পদ গ্ৰহণ কৰিছিল । তেওঁক সেই দিনটোত লগ পাই গম পাইছিলোঁ । তেওঁ ডিব্ৰুগড়ত এই সদস্য পদ গ্ৰহণ কৰাৰ পূৰ্বে ভাৰতীয় গণনাট্য সংঘৰ বিষয়ে জানিছিল আৰু অধ্যয়ন কৰিছিল ।"

তেওঁ লগতে কয়, "ডিব্ৰুগড়ত সেই সময়ত ডিব্ৰুগড় শাখাৰ সভাপতি হাচান ছৰিফ আহমদৰ গৃহত উপস্থিত হৈ সদস্য পদ গ্ৰহণ কৰিছিল আৰু গণনাট্য সংঘৰ বিষয়ে তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিছিল । তেওঁক গণনাট্য সংঘৰ বিষয়ে লিখা এখন কিতাপ দিছিলোঁ । তেওঁ বৰ আগ্ৰহেৰে লৈছিল আৰু সদস্য ভৰ্তি নথি-পত্ৰত স্বাক্ষৰ কৰি আনুষ্ঠানিকভাৱে সদস্য পদ গ্ৰহণ কৰিছিল । ইয়াৰ পাছতে ডিব্ৰুগড়ৰ অনাঁতাৰ কেন্দ্ৰত অনুষ্ঠানলৈ গৈছিল ।"

জুবিন গাৰ্গে ভাৰতীয় গণনাট্য সংঘৰ সাধাৰণ সদস্য পদ গ্ৰহণ কৰা সময়ত অসমৰ পৰিস্থিতি ভাল নাছিল:
ভাৰতীয় গণনাট্য সংঘৰ ৰাজ্যিক সভাপতি শৰৎ চন্দ্ৰ নেওগে কয়, "জুবিন গাৰ্গ সেই সময়ত সৰু আছিল যদিও ভাৰতীয় গণনাট্য সংঘৰ সাধাৰণ সদস্য পদ গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাটো আমাৰ বাবে আছিল গুৰুত্বপূৰ্ণ বিষয় । জ্যোতিপ্ৰসাদ আগৰৱালা গণনাট্য সংঘৰ প্ৰথমজন সভাপতি হোৱা অনুষ্ঠানটোৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল জুবিন গাৰ্গে । জুবিন গাৰ্গে ভাৰতীয় গণনাট্য সংঘৰ সাধাৰণ সদস্য পদ গ্ৰহণ কৰা সময়ত অসমৰ পৰিস্থিতি ভাল নাছিল । ধেমাজি, গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিক বোমা বিস্ফোৰণ হৈছিল । সেই সময়ত গণনাট্য সংঘৰ সাধাৰণ সদস্য পদ গ্ৰহণ কৰিবলৈ জুবিন গাৰ্গ আগবাঢ়ি অহাটো গণনাট্য সংঘৰ বাবে ডাঙৰ কথা আছিল ।"

জুবিন গাৰ্গে নিজে ইচ্ছা কৰিছিল গণনাট্য সংঘৰ সদস্য হ'বলৈ:
জুবিন গাৰ্গে নিজে ইচ্ছা প্ৰকাশ কৰিছিল গণনাট্য সংঘৰ সদস্য হ'বলৈ ক'লে ৰাজ্যিক সভাপতি শৰৎ চন্দ্ৰ নেওগে । তেওঁ কয়,"ডিব্ৰুগড় শাখাৰ সভাপতি হাচান ছৰিফ আহমদৰ ঘৰত তেওঁ সদস্য পদ গ্ৰহণ কৰিছিল । তেওঁ ইচ্ছা প্ৰকাশ কৰা বাবে ডিব্ৰুগড়লৈ অহা বাবে ডিব্ৰুগড়ত সদস্য পদ গ্ৰহণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । সদস্য পদ গ্ৰহণ কৰি গণনাট্য সংঘৰ বিষয়বস্তুসমূহ অতি আন্তৰিকতাৰে গ্ৰহণ কৰিছিল ।"
গণনাট্য সংঘৰ হৈ কি কি কৰিছিল জুবিন গাৰ্গে:
ভাৰতীয় গণনাট্য সংঘৰ সাধাৰণ সদস্য পদ গ্ৰহণ কৰি জুবিন গাৰ্গে কেনেকৈ নিজৰ দায়িত্ব পালন কৰিছিল সেই সম্পৰ্কে শৰৎ চন্দ্ৰ নেওগে কয়, "জুবিন গাৰ্গে গণনাট্য সংঘত জড়িত হোৱাৰ পাছতেই অসমত বোমা বিস্ফোৰণ, গোষ্ঠীগত সংঘৰ্ষ হোৱাত পৰিস্থিতি বেয়া হৈছিল যদিও জুবিন গাৰ্গ ক্ৰমে জনপ্ৰিয় হৈ উঠিছিল । জুবিনক লৈ ৰাজ্যত টনা-আজোৰা আৰম্ভ হৈছিল । সকলোৱে অনুষ্ঠানৰ বাবে জুবিনক বিচৰা আৰম্ভ কৰিছিল । তাৰ মাজতো জুবিনে বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল । জুবিন গাৰ্গে বিভিন্ন অনুষ্ঠানত গণনাট্য সংঘৰ লক্ষ্য উদ্দেশ্যৰ কিছু কথা কৈছিল । গুৱাহাটীত ধাৰাবাহিক বোমা বিস্ফোৰণৰ পাছত গণনাট্য সংঘৰ সুৰ বাহিনীৰ নেতৃত্ব লৈ লৈছিল ।"

জুবিনক গণনাট্য সংঘৰ কাৰ্যসূচীত অংশগ্ৰহণত বাধা দিছিল মুখ্যমন্ত্ৰীয়ে:
ৰাজ্যত আৰম্ভ হোৱা গোষ্ঠীগত সংঘৰ্ষৰ সময়ত জুবিন গাৰ্গে গণনাট্য সংঘৰ হৈ কাম কৰা ইচ্ছা প্ৰকাশ কৰাৰ কথা জানিবলৈ দি শৰৎ চন্দ্ৰ নেওগে কয়,"২০১২ চনত কোকৰাঝাৰত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ সময়ত গণনাট্য সংঘৰ তাত কাৰ্যসূচী গ্ৰহণ কৰিবলৈ লোৱা হৈছে । সেই অনুষ্ঠানত জুবিন গাৰ্গেও অংশগ্ৰহণ কৰাৰ কথা আছিল । অনুষ্ঠানৰ বাবে চৰকাৰৰ পৰা অনুমতি বিচাৰি সেই সময়ত মুখ্যমন্ত্ৰীক আবেদন কৰা হৈছিল । কিন্তু মুখ্যমন্ত্ৰীয়ে গণনাট্য সংঘক অনুমতি দিছিল যদিও জুবিন গাৰ্গক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নাছিল ।"
জুবিন গাৰ্গৰ মৃত্যুক লৈ ন্যায়িক তদন্তৰ দাবী:
জুবিন গাৰ্গৰ অকাল মৃত্যুত দুখ প্ৰকাশ কৰি উচিত তদন্তৰ দাবী জনাই ভাৰতীয় গণনাট্য সংঘৰ ৰাজ্যিক সভাপতি শৰৎ চন্দ্ৰ নেওগে । তেওঁ কয়,"জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ গঠন কৰি দিয়া SIT আৰু CIDৰ তদন্তত আমি সুখী নহয় । ইয়াৰ পৰা আমি নিৰপেক্ষ তদন্ত লাভ কৰিম বুলি নাভাবোঁ । জুবিন গাৰ্গৰ মৃত্যুক লৈ আমি ন্যায়িক তদন্তৰ দাবী কৰিছোঁ ।"

