যদি জীৱনৰ ৰংবোৰে লুকাভাকু খেলে... ধেমালি ধেমালিতেই যেন ছাই হৈ গ'ল জীয়া কলিজা !
এতিয়াৰে পৰা হৃদয়ে হৃদয়ে বাজিব কেৱল অনামিকা, যন্ত্ৰ আৰু... ৷ শোকৰ মাজতো সকলোৱে গাইছে জুবিনৰ গান । কাৰণ জুবিন অবিহনে নাথাকে জীৱনৰ ৰং..

Published : September 23, 2025 at 3:30 PM IST
গুৱাহাটী: পঞ্চভূতত বিলীন হ'ল অসমবাসীৰ প্ৰাণৰো প্ৰাণ জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ । অন্ত পৰিল এটা যুগৰ । অহা বাটেৰেই উভতি গ'ল অসমীয়াৰ হিয়াৰ আমঠু । যেন স্তব্ধ হৈ পৰিছে ৰাজ্য়বাসীৰ হৃদস্পন্দন ! এতিয়া চৌদিশে মাথোঁ অনুৰাগীৰ হুমুনিয়াহ । চৌদিশে বাজিছে জুবিন গাৰ্গৰ হৃদয়স্পর্শী গান ।
আপোনজনক হেৰুওৱাৰ বেদনা কিমান গধুৰ সেয়া আজি সকলোৱে উপলব্ধি কৰিছে । অসমবাসীয়ে আজিৰে পৰা জুবিন গাৰ্গক আৰু দেখিবলৈ নাপাব । এতিয়াৰে পৰা অসমবাসীৰ হৃদয়ে হৃদয়ে বাজিব কেৱল অনামিকা, যন্ত্ৰ, ৰং, মুক্তি আদি গীতৰ লহৰ ।
দুদিন সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত লাখ লাখ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত আজিও সোণাপুৰলৈ কেৱল জনতাৰ সোঁত । সকলোৰে এটাই মাথোঁ লক্ষ্য়- প্ৰিয় শিল্পীগৰাকীৰ অন্তিম যাত্ৰাত সাক্ষী হোৱা ।
আজি দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ বাবে পুৱতি নিশা সৰুসজাই ষ্টেডিয়ামৰ পৰা জি এম চি এইচলৈ নিয়াৰ সময়তো হাজাৰ হাজাৰ অনুৰাগীৰ মাজত প্ৰতিধ্বনিত হয় "জুবিন দা অমৰ হওক ।" সৰুসজাই ষ্টেডিয়ামৰ পৰা হাজাৰ হাজৰ গুণমুগ্ধই সমদল কৰি সমস্বৰে কয়,'জয় জুবিন দা ','জুবিন দা অমৰ হওক'। ঘাইপথৰ দুয়োকাষে ৰৈ থকা অনুৰাগীয়ে অশ্ৰুসিক্ত নয়নেৰে শেষবাৰৰ বাবে পুষ্পবৃষ্টিৰে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাই চিৰবিদায় দিয়ে । অসমৰ আবেগ জুবিন আজি আমাৰ মাজত নাই , থাকি গ'ল মাথোঁ শিল্পীগৰাকীৰ স্মৃতি ।
উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত অস্বাভাৱিকভাবে মৃত্যু ঘটিছিল অসমবাসীৰ হৃদয় জয় কৰা ৩৮ হাজাৰ গানত কণ্ঠ নিগৰোৱা, ৪৪খন ছবিৰ সংগীত পৰিচালনা, দুকুৰিৰো অধিক ছবি-তথ্যচিত্ৰৰে অসমৰ সাংস্কৃতিক ক্ষেত্রক মহীয়ান কৰা জুবিন গাৰ্গৰ ।

