৭ ঘণ্টাত ২২ টা গীত বাণীবদ্ধ কৰিছিল জুবিন গাৰ্গে; ক'ত আছে সেই বিশেষ ষ্টুডিঅ'টো ?
মৰমৰ শিল্পীজনক এনেদৰে বিদায় দিব বিচৰা নাই ৰাজ্যবাসীয়ে । তেওঁৰ স্মৃতিবোৰ সুঁৱৰি সকলো কান্দি উঠিছে ।

Published : September 21, 2025 at 2:59 PM IST
গোলাঘাট : গোলাঘাটৰ সৈতে জুবিন গাৰ্গৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে । এফালে যদি জুবিন গাৰ্গ গোলাঘাটৰ জোঁৱাই আনহাতে এই গোলাঘাটৰ লগত জড়িত হৈ আছে জুবিন গাৰ্গৰ বহু স্মৃতি ।
তাৰ মাজৰে এটা হ'ল গোলাঘাট নগৰৰ শান্তিপুৰত থকা সমলয় ষ্টুডিঅ' । য'ত জুবিন গাৰ্গে বাণীবদ্ধ কৰিছিল ৪০ টাৰো অধিক গীত আৰু মাত্ৰ ৭ ঘণ্টাতে ২২ টা বিহু গীত বাণীবদ্ধ কৰিছিল মৰমৰ শিল্পী জুবিন গাৰ্গে । অঞ্চলটোৰ শিল্পী কিশোৰ গগৈয়ে ২০০৩ চনত স্থাপন কৰিছিল এই সমলয় ষ্টুডিঅ' ।
২০০৫ চনত এই ষ্টুডিঅ'ত প্ৰথমবাৰৰ বাবে গীত বাণীবদ্ধ কৰিছিল জুবিন গাৰ্গে । এই সম্পৰ্কে সমলয় ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী কিশোৰ গগৈয়ে কয়, "২০০৩ চনৰ ৮ ছেপ্টেম্বৰত মোৰ ষ্টুডিঅ' আৰম্ভ কৰিছিলোঁ আৰু ২০০৪ চনত জুবিন গাৰ্গ নিজে এদিন আহি উপস্থিত হৈছিল ষ্টুডিঅ'ত । ২০০৫ চনত প্ৰথম গীত বাণীবদ্ধ কৰিছিল আৰু তাৰ পাছৰে পৰা ২০০৮ চনলৈকে ধাৰাবাহিকভাৱে তেওঁ ইয়াত গীত বাণীবদ্ধ কৰিছিল । এদিন বিয়লি ৩.৩০ বজাৰ পৰা নিশা ১০ বজালৈকে ২২ টা গীত তেওঁ বাণীবদ্ধ কৰিছিল । সেই সময়ত বিহু গীতত জুবিন গাৰ্গ নহ'লে নচলে ।"

কিশোৰ গগৈয়ে কয়, "প্ৰথম জনপ্ৰিয় গীতটো গাইছিল 'মৰম লগা ভণ্টিজনী' । ইয়াৰ উপৰিও সেই সময়ত অঞ্জনা, জানমণি আদি এলবামৰ গীতৰ বাণীবদ্ধ ইয়াত কৰিছিল জুবিন গাৰ্গে । লগতে 'ভাল পাব নাজানিলো' বোলছবিৰ এটা গীতো বাণীবদ্ধ কৰিছিলোঁ । জুবিন মোৰ একে বয়সৰ । এই সময়ত তাৰ বিষয়ে মই এনেদৰে ক'বলগীয়া হোৱাটো দুখৰ বিষয় ।"

তেওঁ লগতে কয়, "২০০৮ চনত শেষবাৰৰ বাবে জুবিন ইয়ালৈ আহিছিল । তাৰ পাছত ফোনত যোগাযোগ আছিল । মই তেওঁৰ ৪০ৰো অধিক গীত ডাবিং কৰিছোঁ ।"

জুবিন গাৰ্গৰ ব্যক্তিত্ব সন্দৰ্ভত কিশোৰ গগৈয়ে কয়, "তেখেত বিশাল ব্যক্তিত্বৰ গৰাকী আছিল । ইমান গুণসম্পন্ন মানুহ আছিল যে যিকোনো বাদ্যযন্ত্ৰ এবাৰ চালেই বজাই দিব পৰিছিল । এটা বস্তু এবাৰ চালেই হৈ যায় । কেৱল বাদ্যযন্ত্ৰই নহয় সংগীতৰ আন আন সঁজুলিৰ বিষয়েও তেওঁৰ জ্ঞান আছিল । জীৱনত প্ৰথম দেখা মিক্সাৰখনো চলাবলৈ তেওঁৰ ১০ মিনিট সময় নালাগে । যিটো বস্তু আমাৰ নিচিনা মানুহ এজনৰ কাৰণে ৩-৬ মাহ সময় লাগে । মোৰ কাৰণে তেওঁ দেৱতাস্বৰূপ ।"
লগতে পঢ়ক : প্ৰাণৰ শিল্পীলৈ শেষ শ্ৰদ্ধা... সৰুসজাইত জনসমুদ্ৰ

