ETV Bharat / state

প্ৰিয় শিল্পীগৰাকীৰ মৃত্যু সহিব নোৱাৰি উপবাসে থাকি প্ৰাণত্য়াগ অনুৰাগীৰ

জুবিন গাৰ্গে যি কয় তাকেই পাৰ্থই শুনিছিল । পাৰ্থৰ জন্মদিনত জুবিনে যি কৰিবলৈ দিয়ে তাকেই কৰিছিল ৷

ZUBEEN GARG FAN DEATH
গহপুৰৰ জুবিন বলিয়া যুৱকজন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 24, 2025 at 1:24 PM IST

2 Min Read
Choose ETV Bharat

বিশ্বনাথ চাৰিআলি: যুৱকজন আছিল জুবিন বলিয়া । জুবিনেই যুৱকজনৰ আত্মা সদৃশ বুলি ক'লেও অত্য়ুক্তি কৰা নহ'ব । জুবিন গাৰ্গৰ ঘৰলৈ প্ৰায় অহা-যোৱা কৰিছিল এইজন যুৱকে । সঁচা অৰ্থত জুবিনক মনে-প্ৰাণে ভালপোৱা যুৱকজনে আপোন শিল্পীগৰাকীৰ মৃত্য়ুৰ বেদনা সহিব নোৱাৰি প্ৰাণেই ত্য়াগ কৰিলে ।

গহপুৰৰ জুবিন বলিয়া বিবাহিত যুৱকজনৰ নাম পাৰ্থ বৰকটকী (৪১) । অৱশ্য়ে যুৱকজন বিবাহিত যদিও থাকে অকলশৰীয়াকৈ । জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ অহাৰ প্ৰথম দিনটোতে তেওঁ গুৱাহাটীলৈ গৈ আপোন শিল্পীগৰাকীক পুষ্পাঞ্জলি অৰ্পণ কৰি গহপুৰৰ পুৰুপবাৰীৰ ঘৰলৈ উভতি আহে । ইয়াৰ পিছৰে পৰাই যুৱকজনে উপবাসে থাকিবলৈ লয় ।

জুবিনক মনে-প্ৰাণে ভালপোৱা যুৱকৰ প্ৰাণত্য়াগ (ETV Bharat Assam)

ঘৰত অকলশৰীয়াকৈ থকা পাৰ্থই ২১ ছেপ্টেম্বৰৰ সন্ধিয়া পুৰুপবাৰীৰ জুবিনৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি কান্দি কান্দি ভাগৰুৱা হৈ পৰে । ওচৰ চুবুৰীয়াই সোমবাৰৰ পৰা পাৰ্থক দেখা নাপাই মঙলবাৰে সন্ধিয়া ৬.৩০ মান বজাত চাওতে পাৰ্থক মৃত অৱস্থাত উদ্ধাৰ কৰে । জুবিন গাৰ্গৰ মৃত্যুত শোকত উপবাসে থকাৰ লগতে অধিক আৱেগিক হোৱাৰ ফলতে পাৰ্থৰ অকাল মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ।

ZUBEEN GARG FAN DEATH
গহপুৰৰ জুবিন বলিয়া যুৱকজন (ETV Bharat Assam)
ZUBEEN GARG FAN DEATH
প্ৰিয় শিল্পীৰ সৈতে পাৰ্থ (ETV Bharat Assam)

গহপুৰ নগৰৰ পুৰুপবাৰীৰ প্ৰয়াত জিতেন বৰকটকী আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী প্ৰয়াত হীৰা হাজৰিকাৰ একমাত্ৰ সন্তান পাৰ্থই বাংগালুৰুৰ পৰা বি চি এ ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত গুৱাহাটীত থাকি গাড়ীৰ ব্যৱসায় কৰিবলৈ লয় । গুৱাহাটীত থকা সময়ৰ পৰাই জুবিন গাৰ্গৰ লগত ভাল সম্পৰ্ক গঢ় লৈ উঠে ।

ZUBEEN GARG FAN DEATH
জুবিন গাৰ্গে যি কয় তাকেই শুনিছিল পাৰ্থই (ETV Bharat Assam)

ইফালে, পাৰ্থ বৰকটকীৰ মোমায়েক দিলীপ হাজৰিকাই কয়, "পাৰ্থ জুবিন গাৰ্গৰ বাবে পাগল আছিল । যেতিয়াৰ পৰাই জুবিনে গীত পৰিৱেশন কৰিছিল আৰু তেওঁৰ কিবা কেছেট ওলাই তেতিয়াই তেওঁ কিনি আনি গীত শুনিছিল । লগতে গোটেই ঘৰত মাথোঁ জুবিনৰ ফটো ৰাখিছিল ।" তেওঁ পুনৰ কয়, "জুবিন গাৰ্গৰ বাবে পাৰ্থ বৰকটকীয়ে যিকোনো কাম কৰিব পাৰে ।" আনহাতে, মোমায়েকৰ লগতে স্থানীয় লোকেও প্ৰকাশ কৰে যে জুবিন গাৰ্গে যি কয় তাকেই পাৰ্থই শুনিছিল । পাৰ্থৰ জন্মদিনত জুবিনে যি কৰিব দিয়ে তাকে কৰিছিল বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:জুবিন গাৰ্গৰ অকাল মৃত্যু সহিব নোৱাৰি নিজৰ জীৱন শেষ কৰাৰ চেষ্টা অনুৰাগীৰ

প্ৰিয় শিল্পীগৰাকীৰ মৃত্যু সহিব নোৱাৰি চৰম পন্থা যুৱকৰ