ছিংগাপুৰলৈ গৈ প্ৰবাসী অসমীয়াক অনাৰ চেষ্টা কৰিব অসম সাহিত্য সভাই
অসম সাহিত্য় সভাই নিজাববীয়াকৈ প্ৰতিনিধি প্ৰেৰণ কৰিব ছিংগাপুৰলৈ ।

Published : October 12, 2025 at 5:15 PM IST
শিলচৰ : সংগীতৰ মহানায়ক জুবিন গাৰ্গৰ মৃত্য়ুৰ তদন্ত প্ৰক্ৰিয়াত ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক সহযোগ কৰিবলৈ পুনৰ আহ্বান জনাইছে অসম সাহিত্য সভাই । সমন্বয়ৰ বাৰ্তা লৈ বৰাকত অনুষ্ঠিত অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কার্যনির্বাহক অধিৱেশনত অংশগ্ৰহণ কৰাৰ পিচতেই সাংবাদিকৰ আগত এই আহ্বান জনালে সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে ।
ৰাজনীতিৰ মাজলৈ শিল্পীগৰাকীক টানি নানিবলৈ ইতিমধ্য়ে সকীয়াই দিছে অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে । ইয়াৰ পিচতেই পুনৰ জুবিন প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে কয় যে প্ৰয়োজনত সাহিত্য সভাৰ প্ৰতিনিধি দল যাব ছিংগাপুৰলৈ ।
ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক শিল্পীগৰাকীৰ মৃত্য়ুৰ তদন্তত সহায় কৰিবলৈ বুজাই পৰাই অসমলৈ আহিবলৈ আহ্বান জনোৱাৰ উদ্দেশ্য়েই দলটোৱে যাত্ৰা কৰিব । অসম এছ’চিয়েশ্যন ছিংগাপুৰৰ সদস্যসকলে এছ আই টিত উপস্থিত নহ'লে ছিংগাপুৰলৈ গৈ প্ৰবাসীসকলক অনাৰ চেষ্টা কৰিব অসম সাহিত্য সভাই ।
শনিবাৰে শিলচৰত এই কথা উল্লেখ কৰি অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে তেওঁ কয়, "অসম এছ’চিয়েশ্যন ছিংগাপুৰৰ সম্পাদক অভিমন্য়ু তালুকদাৰ আৰু সভাপতি ৱাজিদৰ লগত বহুত যোগাযোগৰ বাবে চেষ্টা কৰিছো; কিন্তু তেওঁলোকৰ ফোন বন্ধ হৈ আছে । ফোন ৰিচিভ কৰা নাই । গতিকে উপায় নাপালে আমি যদি কিছুদিন বাট চাও চৰকাৰে কি ব্য়ৱস্থা লয়, নহ'লে অসম সাহিত্য় সভাই নিজাববীয়াকৈ আমাৰ প্ৰতিনিধি গৈ হ'লেও মতাই অনাটো জৰুৰী বুলি অনুভৱ কৰিছো । কাৰণ তেওঁলোকক অসম চৰকাৰে সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰিব । তেওঁলোক আহি তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰক ।"

